স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 15 APR 2020 6:32PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷ চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত লকডাউনৰ কাৰ্যকৰী নিশ্চিতিত গুৰুত্ব প্ৰদান কৰিছে৷

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ ভাষণত উল্লেখ কৰা অনুসৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ বিশদ নিৰ্দেশাৱলী জাৰি কৰিছে৷

ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত দেশৰ প্ৰতিখন জিলাক নিম্নোক্ত অনুসাৰে বিভক্ত কৰা হৈছেঃ

-হটস্পট জিলা,

-প্ৰতিবেদিত পৰিঘটনাসমূহৰ সৈতে নন হটস্পট জিলা আৰু

-সেউজ মণ্ডল জিলা৷

হটস্পট জিলাৰ প্ৰধান চৰ্তটো হ’ল যিসমূহ জিলাত শেহতীয়াকৈ অধিক প্ৰতিবেদন দাখিল হৈছে অথবা যিবোৰত প্ৰতিবেদন দাখিলৰ সংখ্যা অধিক৷

কেবিনেট সচিবে আজি সকলো ৰাজ্যৰ মুখ্য সচিব, স্বাস্থ্য সচিব, ডিজিপি, জিলা উপাযুক্ত, পৌৰ নিগমৰ আয়ুক্ত, এছপি, চিএমঅ’ আৰু অন্যান্য বিষয়াসকলৰ সৈতে হটস্পট আৰু নিয়ন্ত্ৰণৰ কৌশল সন্দৰ্ভত এক ভিডিঅ’ কনফাৰেন্সিঙৰ বৈঠকত অংশগ্ৰহণ কৰে৷

সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহা সকলো লোক লগতে ঘৰসমূহৰ সৰ্বেক্ষণৰ বাবে বিশেষ দল নিযুক্ত কৰা হৈছে৷ এই দলত থাকিব স্বাস্থ্যকৰ্মী, স্থানীয় ৰাজহ কৰ্মী, নিগম কৰ্মী, ৰে’ডক্ৰ’ছ কৰ্মী, এনএছছ, এনৱাইকে আৰু অন্যান্য স্বেচ্ছাসেৱীসকল৷

জিলাসমূহকত চিকিৎসালয়সমূহ নিম্নোক্ত ধৰণে শ্ৰেণীবিভাজন কৰিবলৈ দিয়া হৈছেঃ

সাধাৰণ অথবা অতি সাধাৰণ পৰিঘটনাৰ বাবে ক’ভিড শুশ্ৰূষা কেন্দ্ৰ

অক্সিজেনৰ সমৰ্থনৰ আৱশ্যক হোৱা চিকিৎসালয়ৰ পৰিঘটনাৰ বাবে ক’ভিড শুশ্ৰূষা কেন্দ্ৰ

ভেণ্টিলেটৰ সমৰ্থনৰ সৈতে গুৰুতৰ পৰিঘটনাৰ বাবে ক’ভিড উৎসৰ্গিত চিকিৎসালয়সমূহ

ধনাত্মক নিশ্চিত ক’ভিড ৰোগীসকলৰ বাবে ৰাজ্য আৰু জিলাসমূহত চিকিৎসা ব্যৱস্থাপনাত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়া হৈছে৷ এইমছৰ কল চেণ্টাৰৰ সহযোগত প্ৰতিজন ৰোগীক নিয়মীয়াকৈ জিলাভিত্তিত নিৰীক্ষণ কৰা হ’ব৷

যিবোৰ জিলাই এতিয়ালৈ কোনো পৰিঘটনা প্ৰতিবেদিত কৰা নাই তেওঁলোককো নিয়ন্ত্ৰণমূলক পৰিকল্পনা অনুসৰি কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷

আইগ’ট (iGOT) প্লেটফ’ৰ্মত ক’ভিড-১৯ৰ বাবে স্বাস্থ্যকৰ্মীসকলৰ সামৰ্থ নিৰ্মাণ সন্দৰ্ভত অনলাইন পাঠ্যক্ৰমৰ সুবিধা প্ৰদান কৰা হৈছে৷ ৰাজ্যসমূহক এই সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে৷

কালিৰে পৰা দেশত ক’ভিড-১৯ৰ ১০৭৬টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে আৰু ৩৭৭জনৰ মৃত্যুৰ সংখ্যা প্ৰতিবেদিত হৈছে৷ মুঠ নিশ্চিত পৰিঘটনাৰ সংখ্যা ১১,৪৩৯৷ ১৩০৬জন লোক আৰোগ্য হৈ মুকলি হৈছে৷

 

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ  https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/MANN



(Release ID: 1614817) Visitor Counter : 221