সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

লকডাউন আৰম্ভ হোৱাৰে পৰা ১.২৭ কোটিত কৈও অধিক নিঠৰুৱা/ভিক্ষাৰী/গৃহহীন লোকৰ বাবে বিনামূলীয়া খাদ্য বিতৰণৰ ব্যৱস্থা কৰিছে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে

Posted On: 15 APR 2020 5:48PM by PIB Guwahati

লকডাউন আৰম্ভ হোৱাৰে পৰা ১.২৭ কোটিত কৈও অধিক নিঠৰুৱা/ভিক্ষাৰী/গৃহহীন লোকৰ বাবে বিনামূলীয়া খাদ্য বিতৰণৰ ব্যৱস্থা কৰিছে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে৷ মন্ত্ৰালয়ে দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, হায়দৰাবাদ, বেংগালুৰু, লক্ষ্ণৌ, নাগপুৰ, পাটনা আৰু ইন্দোৰকে ধৰি দহখন চহৰত ভিক্ষাবৃত্তিৰ সৈতে জড়িত লোকসকলৰ বাবে এক প্ৰকল্প প্ৰণয়ন কৰিছে যাৰ অধীনত চিনাক্তকৰণ, পুনৰ্বাসন, চিকিৎসা সুবিধা প্ৰদান, কাউন্সেলিং, শিক্ষা, দক্ষতা বিকাশ আদি কাৰ্যসূচী ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ প্ৰশাসন/স্থানীয় নগৰ নিগম আৰু স্বেচ্ছাসেৱী সংস্থাসমূহৰ সহযোগত সামৰি লোৱা হৈছে৷ এই কাৰ্যসূচী প্ৰণয়নৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ প্ৰশাসনত এই আঁচনিৰ অধীনত ১০০% সমৰ্থন আগবঢ়োৱা হৈছে৷

দেশক বৰ্তমানে ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বলৱৎ কৰা লকডাউনৰ ফলত ভিক্ষাবৃত্তিৰ সৈতে জড়িত বিভিন্ন লোকে খাদ্যৰ আকালৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ সেই পৰিস্থিতি অনুধাৱন কৰি উল্লিখিত দহখন চহৰৰ পৌৰ নিগমে এইসকল লোকৰ বাবে বিনামূলীয়া খাদ্য যোগান ধৰাৰ কেন্দ্ৰ স্থাপন কৰিছে৷ এই ব্যৱস্থাপনাৰ দ্বাৰা ভৱিষ্যতৰ বাবেও চলিত আঁচনিখনৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ বাবে ব্যক্তিসমূহত চিনাক্ত কৰিব পৰা যাব৷

চহৰভিত্তিত খাদ্য বিতৰণ কৰা নিঠৰুৱা/ভিক্ষাৰী/গৃহহীন লোকৰ বিৱৰণঃ

ক্ৰমিক নং

চহৰৰ নাম

বিনামূলীয়াকৈ খাদ্য বিতৰণৰ কৰা লোকৰ সংখ্যা (লাখত)

1.

দিল্লী

75.0

2.

মুম্বাই

9.8

3.

কলকাতা

1.3

4.

চেন্নাই

3.5

5.

বেংগালুৰু

14.0

6.

হায়দৰাবাদ

7.0

7.

নাগপুৰ

0.8

8.

ইন্দোৰ

8.4

9.

লক্ষ্ণৌ

7.0

10.

পাটনা

0.5

 

মুঠ

127.30

 

*****

NB/SK/MoSJ&E/15.04.2020/MANN



(Release ID: 1614771) Visitor Counter : 162