ৰেল মন্ত্ৰালয়

ৰে’লৱেৰ বাবে ৰাজহৰ যোগান ধৰা আৰম্ভ কৰিছে পাৰ্চেল ৰে’লে; লকডাউন আৰম্ভ হোৱাৰে পৰা ২০৪০০ টনতকৈও অধিক ওজনৰ সামগ্ৰী বোজাই কৰা হৈছে আৰু উপাৰ্জন হৈছে প্ৰায় ৭.৫৪ কোটি টকা

ভাৰতীয় ৰে’লৱেয়ে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দ্ৰুত পৰিবহণৰ বাবে ব্যৱস্থা কৰিছে পাৰ্চেল ভ্যানৰ


বৰ্তমানে এই ৰে’লসমূহ ৬৫টা পথত পৰিবাহিত হৈ আছে; ১৪ এপ্ৰিললৈ মুঠ ৫০৭খন ৰে’ল চলি আছে

Posted On: 15 APR 2020 3:46PM by PIB Guwahati

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত সৰু পাৰ্চেল আকাৰত চিকিৎসা সামগ্ৰী, খাদ্য আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ পৰিবহণৰ কাৰ্য ধাৰাবাহিকভাৱে চলি আছে৷ ভাৰতীয় ৰে’লৱেয়ে এই সামগ্ৰীসমূহৰ পৰিবহণ দ্ৰুত গতিত সম্পন্ন কৰিবলৈ ৰে’লৱেয়ে পাৰ্চেল ভ্যানৰো ব্যৱস্থা কৰিছে৷ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান ব্যৱস্থা নিৰৱচ্ছিন্ন কৰি ৰখাৰ বাবে ৰে’লৱেয়ে নিৰ্বাচিত পথত পাৰ্চেল ৰে’লসমূহ চলোৱাৰ ব্যৱস্থা কৰিছে৷

মাণ্ডলিক ৰে’লৱেয়ে নিয়মীয়াকৈ এই পাৰ্চেল বিশেষ ৰে’লসমূহৰ বাবে পথসমূহ নিৰ্ধাৰণ কৰি আছে৷ বৰ্তমানে এই ৰে’লসমূহ ৬৫টা পথত চলাচল কৰি আছে৷

১৪.০৪.২০২০ তাৰিখে সন্ধিয়া ৬ বজালৈ ৭৭খন ৰে’লৰ চলাচল হৈছে, ইয়াৰে ৭৫খন আছিল পাৰ্চেল বিশেষ ৰে’ল৷ ১৮৩৫ টন সামগ্ৰী বোজাই কৰা হৈছিল আৰু এদিনত ৰে’লৰ উপাৰ্জন হৈছে ৬৩ লাখ টকা৷

১৪.০৪.২০২০ তাৰিখৰ সন্ধিয়া ৬ বজা পৰ্যন্ত ৫২২খন ৰে’লৰ চলাচল হৈছে, ইয়াৰে ৪৫৮খন হ’ল টাইম-টেবুলড ৰে’ল৷ এই পৰ্যন্ত ২০,৪৭৪ টন পৰ্যন্ত সামগ্ৰী বোজাই কৰা হৈছে আৰু ৭.৫৪ কোটি টকা উপাৰ্জন হৈছে৷

 

 

****

SG/MKV/MANN



(Release ID: 1614768) Visitor Counter : 195