প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ৰ নমুনা সংগ্ৰহৰ বাবে ডিআৰডিঅ’ই নিৰ্মাণ কৰিলে কিঅ’স্ক

प्रविष्टि तिथि: 14 APR 2020 5:26PM by PIB Guwahati

প্ৰতিৰক্ষা অনুসন্ধান তথা বিকাশ গৱেষণাগাৰ (ডিআৰডিএল), হায়দৰাবাদে ক’ভিড নমুনা সংগ্ৰহ কিঅ’স্ক (COVSACK)নিৰ্মাণ কৰি ক’ৰোনা ভাইৰাছৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰতিৰক্ষা অনুসন্ধান তথা বিকাশ সংগঠন (ডিআৰডিঅ’)ৰ সূচীত আন এক সামগ্ৰীৰ নাম সন্নিৱিষ্ট কৰিলে৷

ডিআৰডিএলে এই ইউনিটটো কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ইএছআইচি), হায়দৰাবাদৰ চিকিৎসকসকলৰ সহযোগত বিকশিত কৰিছে৷

এই কিঅ’স্কৰ দ্বাৰা সংক্ৰমণৰ পৰা ৰক্ষা পৰিব পাৰি৷ ইয়াৰ জৰিয়তে স্বাস্থ্যকৰ্মীসকলৰ পিপিই পৰিৱৰ্তন কৰাৰ আৱশ্যকতা কম হয়৷

ৰোগীয়ে কিঅ’স্কৰ কাষৰ পৰা আঁতৰি যোৱাৰ পিছত কিঅ’স্কৰ কেবিনত লাগি থকা চাৰিটা নোজেল স্প্ৰেয়াৰেৰে ৭০ ছেকেণ্ডলৈ বীজাণুনাশক দ্ৰব্য স্প্ৰে কৰা হয়৷ ইয়াৰ পিছত এই প্ৰণালীটো দুই মিনিটৰো কম সময়ৰ ভিতৰত পৰৱৰ্তী ব্যৱহাৰৰ বাবে প্ৰস্তুত হৈ উঠে৷

এই কিঅ’স্কৰ মূল্য প্ৰায় এক লাখ টকা আৰু কৰ্ণাটকৰ বেলগামস্থিত উদ্যোগত প্ৰতিদিনে ১০টাকৈ ইউনিট নিৰ্মাণ কৰা হৈছে৷

 

Covsack Blue.jpg WhatsApp Image 2020-04-14 at 10.02.09 AM.jpeg

 

 

 

 

 

ABB/SS/Nampi/KA/DK/Savvy/MANN


(रिलीज़ आईडी: 1614589) आगंतुक पटल : 248
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Gujarati , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Tamil , Telugu , Kannada