কৃষি মন্ত্ৰালয়

‘লকডাউন’ৰ সময়চোৱাত ‘আইচিএআৰ’-য়ে সম্পন্ন কৰা কাৰ্যক্ৰমৰ পৰ্যালোচনা কৰিলে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে

ক’ভিড-১৯ৰ মানৱ-সংক্ৰমণ পৰীক্ষণত জড়িত হৈছে আইচিএআৰ-ৰ ৩টা প্ৰতিষ্ঠান

‘লকডাউন’ৰ সময়চোৱাত কৃষকসমাজক সহায়ৰ বাবে ‘আইচিএআৰ’-ৰ বিভিন্ন পদক্ষেপ, দেশৰ কোটি কোটি কৃষকলৈ বিধি-পৰামৰ্শ প্ৰদান

সকলো কৃষি বিশ্ববিদ্যালয়ক ‘অন-লাইন’ৰে পাঠদানৰ নিৰ্দেশ শ্ৰী তোমৰৰ

Posted On: 14 APR 2020 5:46PM by PIB Guwahati

ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ লগতে লকডাউনৰ পৰিপ্ৰেক্ষিতত দেশৰ কৃষকসমাজে সন্মুখীন হোৱা সমস্যাৱলী সমাধানৰ ক্ষেত্ৰত ভাৰতীয় কৃষি গৱেষণা পৰিষদ(আইচিএআৰ)য়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ পৰ্যালোচনা কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰে। উল্লেখ্য যে, এই সময়চোৱাত আইচিএআৰ-ৰ তিনিটা প্ৰতিষ্ঠান কভিড-১৯ৰ মানৱ সংক্ৰমণৰ পৰীক্ষণত জড়িত হৈ পৰিছে। তদুপৰি দেশৰ কৃষিক্ষেত্ৰৰ গৱেষণাৰে জড়িত সৰ্বোচ্চ সংস্থাটোৱে লকডাউন’ৰ সময়চোৱাত কৃষকসমাজক সহায়ৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে দেশৰ কোটি কোটি কৃষকলৈ এইখিনি সময়ত পালন কৰিবলগীয়া বিধি-পৰামৰ্শ প্ৰদান কৰি আহিছে।

 

ইফলে, দেশৰ সকলো কৃষি বিশ্ববিদ্যালয়কে অন-লাইনৰে পাঠদান কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে মন্ত্ৰী শ্ৰী তোমৰে।

পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি ‘আইচিএআৰ’-ৰ মহা নিৰ্দেশক ড০ ত্ৰিলোচন মহাপাত্ৰই কয় যে, এইখিনি সময়ত ‘আইচিএআৰ’-য়ে কৃষক সমাজক উদ্দেশি ৰাষ্ট্ৰীয় আৰু ৰাজ্যভিত্তিক বিধি-পৰামৰ্শাৱলী যুগুতাই ১৫টা ভাষালৈ তৰ্জমা কৰাই অধিসূচিত কৰাৰ ব্যৱস্থা কৰিছে। ‘ডিজিটেল মাধ্যমে’ৰে ব্যাপক প্ৰচাৰৰ দিহা কৰা এই বিধি-পৰামৰ্শাৱলীত ‘লকডাউন’ৰ সময়ত কৃষকসকলৰ কাম-কাজৰ ক্ষেত্ৰত আগবঢ়োৱা শিথিলতাসমূহৰ বিতং তথ্য সন্নিৱিষ্ট কৰাৰ লগতে এই সময়চোৱাতো ‘সামাজিক ব্যৱধান’ৰ লগতে অন্যান্য স্বাস্থ্যবিধিসমূহ পালনত গুৰুত্ব আৰোপ কৰা হয়।

কৃষি মন্ত্ৰীগৰাকীৰ নিৰ্দেশ সাৰোগত কৰি দেশৰ কৃষি বিজ্ঞান কেন্দ্ৰ(কেভিকে) আৰু mKisan কিষাণ পৰ্টেলৰ জৰিয়তে প্ৰচাৰ কৰা ১,১২৬টা বিধি-পৰামৰ্শই ইতিমধ্যে ৫.৪৮কোটিৰো অধিক কৃষকক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। সেইদৰে এইসমূহ পৰামৰ্শ হোৱাট এপ-ৰ জৰিয়তেও প্ৰচাৰৰ দিহা কৰা হৈছে। উল্লেখ্য যে, দেশৰ ৪৮৯৩টা কেভিকে-ৰ হোৱাটছ এপ-গ্ৰুপ-ৰ ৫.৭৫লাখ কৃষকৰ লগতে অন্যান্য ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে ৮.০৬লাখ কৃষকক সামৰি লোৱা হৈছে। ইফালে, কেভিকে-ই প্ৰদান কৰা পৰামৰ্শাৱলী সন্দৰ্ভত ৯৩৬টা বাতৰি সংবাদ পত্ৰত সম্প্ৰচাৰিত হৈছে। সেইদৰে, ৰেডিঅত ১৯৩টা আৰু টেলিভিশ্বনত ৫৭টা এই সম্পৰ্কীয় আলোচনা সম্প্ৰচাৰিত হৈছে।

ভিড-১৯ মহামাৰীৰে যুঁজাৰ বাবে আৰোগ্য সেঁতু মোবাইল এপ্লিকেশ্যনৰ ব্যৱহাৰ সম্পৰ্কে ব্যাপক ভাবে প্ৰচাৰৰ দিহা কৰিছে আইচিএআৰ প্ৰতিষ্ঠান আৰু কেভিকেসমূহে। এই সম্পৰ্কীয় বাৰ্তা ২৫.০৪ লাখ কৃষকলৈ প্ৰেৰণ কৰাৰ উপৰি ২.৯২লাখ কৃষকে ইতিমধ্যে এই এপ ডাউনলোড কৰিছে।

প্ৰসংগতে উল্লেখ্য যে, ডিএআৰই- আইচিএআৰ পৰিয়ালে পিএম-কেয়াৰ্ছ নিধিলৈ ৬.০৬কোটি টকাৰ পুঁজি দান কৰিছে।

*****

APS/PK/MS/BA/KB



(Release ID: 1614585) Visitor Counter : 150