ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

ক’ভিড-১৯ বিৰোধী অভিযানত ‘ডিঅ’পিটি’, ‘ডিএআৰপিজি’ আৰু ‘ডিঅ’পিপিডব্লিউ’-ৰ কাম-কাজৰ পৰ্যালোচনা কৰিলে ড০ জিতেন্দ্ৰ সিঙে

বিগত ১২দিনত ক’ভিড-১৯ প্ৰসংগত অহা ৭,০০০ৰাজহুৱা অভিযোগৰ মীমাংসা কৰা হৈছে : ড০ সিং

৭১,০০০ ৰো অধিক ব্যক্তিৰ নাম পঞ্জীয়ণভুক্ত কৰিছে ‘আইগট’ (iGOT) প্লেটফৰ্মত

Posted On: 13 APR 2020 4:43PM by PIB Guwahati

’ভিড-১৯ বিৰোধী অভিযানত ‘ডিঅ’পিটি’, ‘ডিএআৰপিজি’ আৰু ‘ডিঅ’পিপিডব্লিউ’-য়ে আগবঢ়োৱা সহযোগিতাৰ  পৰ্যালোচনা কৰিলে উত্তৰ-পূব উন্ন্য়ণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ লগতে কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰো ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব বহন কৰা ড০ সিঙে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত পৰ্যালোচনা সভাত ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিত দেশত উদ্ভৱ হোৱা পৰিস্থিতিৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত উল্লিখিত বিভাগকেইটাই গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লোৱাৰ লগতে আহিবলগীয়া সমচোৱাতো কোনো পৰিস্থিতিতে কাম-কাজৰ হীন-দেঢ়ি নকৰিবলৈ বিভাগকেইটাৰ বিষয়া-কৰ্মচাৰীৰ প্ৰতি আহ্বান জনায়।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001SRJX.jpg

স্মৰ্তব্য যে, মন্ত্ৰী ড০ সিঙে কভিড-১৯ সন্দৰ্ভত উথ্থাপন হোৱা ৰাজহুৱা অভিযোগ আদিৰ তত্কলীন ভাবে মীমাংসা কৰাৰ বাবে যোৱা ১এপ্ৰিল,২০২০ তাৰিখে https://darpg.gov.in.ৰ্টেলত এটা ৰাষ্ট্ৰীয় নিৰীক্ষণ ডেছবৰ্ডৰ শুভাৰম্ভ কৰিছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয়-বিভাগ আৰু ৰাজ্যচৰকাৰসমূহৰ সংশ্লিষ্ট বিভগসমূহলৈ জাননী জাৰি কৰা হৈছিল। সেই মৰ্মে সংশ্লিষ্ট সকলে লাভ কৰা ৰাজহুৱা অভিযোগসমূহ দিনৌ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উচ্চ ক্ষমতা সম্পন্ন গোটৰ ওচৰত দাখিল কৰাৰ ব্যৱস্থা কৰা হৈছিল।

সেই অনুসৰি যোৱা ১২ এপ্ৰিল,২০২০ তাৰিখ পৰ্যন্ত চৰকাৰে কভিড-১৯ সংক্ৰান্তী ৭০০০টা অভিযোগ নিষ্পত্তি কৰিবলৈ সক্ষম হয়। ইয়াৰে সৰ্বাধিক অভিযোগ নিষ্পত্তি কৰা বিভাগকেইটা হৈছে ক্ৰমে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়(১৬২৫টা অভিযোগ), বিত্ত মন্ত্ৰালয়(১০৪৩টা), আৰু  শ্ৰম মন্ত্ৰালয়(৭৫১টা)। এদিনত সৰ্বাধিক নিষ্পত্তি হোৱা অভিযোগৰ সংখ্যা আছিল ১৩১৫টা। যোৱা ৮ আৰু ৯ এপ্ৰিল তাৰিখে সৰ্বাধিক অভিযোগ মীমাংসা কৰা হৈছিল।

ইফালে, ‘পেন্সন আৰু প্ৰশিক্ষণ বিভাগে’ ক’ভিড-১৯ আক্ৰান্তৰ চিকিত্সা সন্দৰ্ভত চিকিত্সক, নাৰ্ছ, পেৰামেডিক্স, স্বাস্থ্যবিধি তদাৰকী কৰ্মী, টেকনিচিয়ান, এএনএম নাৰ্ছ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ বিষয়া, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়াবৰ্গ, বিভিন্ন আৰক্ষী সংগঠন, এনচিচি, নেহৰু যুৱ কেন্দ্ৰ সংগঠন, এনএছএছ, ভাৰতীয় ৰে’ড ক্ৰছ ছ’চাইটী, ভাৰত স্কাউট এণ্ড গাইড আৰু অন্যান্য স্বেচ্ছাসেৱীসকলক প্ৰশিক্ষণ প্ৰদানৰে এক কৰ্ম-বাহিনী গঠনৰ লক্ষ্যৰে আৰম্ভ কৰা ‘আইগট’ (iGOT) প্লেটফৰ্মত ইতিমধ্যে ৭১০০০ৰো অধিক ব্যক্তিয়ে নাম পঞ্জীয়ণভুক্ত কৰিছে। যোৱা সপ্তাহত মুকলি কৰা এই প্লেটফৰ্মত ইতিমধ্যে প্ৰায় ২৭,০০০প্ৰাৰ্থীয়ে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002PKPX.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image00336RP.jpg

<><><><><>

VG/SNC/KB



(Release ID: 1614188) Visitor Counter : 128