ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ঔষধ আৰু ফাৰ্মা উদ্যোগৰ প্ৰতিনিধি আৰু তেওঁলোকৰ সংস্থাৰে সৈতে কেন্দ্ৰীয় ফাৰ্মা সচিৱৰ ভিডিঅ’ কনফাৰেন্স

যথেষ্ট পৰিমাণত ঔষধ আৰু চিকিৎসা সামগ্ৰী উপলব্ধ কৰাৰ নিশ্চিতি

Posted On: 13 APR 2020 7:05PM by PIB Guwahati

ভাৰতীয় ফাৰ্মা উদ্যোগে ঘৰুৱা চাহিদা আৰু ৰপ্তানিৰ বাবে যথেষ্ট পৰিমাণত অত্যাৱশ্যকীয় ঔষধ, বিশেষকৈ এইচ চি কিউ মজুত ৰাখিব পৰাকৈ উপাদন কৰি আছে। বিভাগটোৱে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসনৰ সহযোগিতাত সমগ্ৰ দেশতে উপাদিত সামগ্ৰীৰ যোগান দিয়াৰ আশ্বাস দিছে। ঔষধ আৰু ফাৰ্মা উদ্যোগৰ ব্যৱস্থাপনাৰ পৰ্য়ালোচনাৰ বাবে ফাৰ্মাচিটিকেল বিভাগৰ সচিৱ ড০ পি ডি ৱাঘেলাৰ সভাপতিত্বত অনুষ্ঠিত ভিডিঅ’ কনফাৰেন্সত যুটীয়া সচিৱ (নীতি নিৰ্ধাৰণ) নৱদীপ ৰিন্বা আৰু ঔষধ আৰু ফাৰ্মা উদ্যোগৰ প্ৰতিনিধি তথা আই পি এ, আই ডি এম এ, অ’ পি পি আই, বি ডি এম এ, আইমেড, এমতেল, ফাৰমেক্সিল, চি আই আই, ফিক্কি আদি সংস্থাৰ লগতে অল ইণ্ডিয়া এচ’চিয়েশ্যন অৱ কেমিষ্ট এণ্ড ড্ৰাগিষ্টৰ প্ৰতিনিধি উপস্থিত থাকে।     

বদ্দী (হিমাচল), জিৰাকপুৰ (পঞ্জাৱ), দমন আৰু চিলভাচা আৰু উত্তৰ-পূৰ্বাঞ্চলত সন্মূখীন হোৱা সমস্যাৰ কথা ঔষধ আৰু ফাৰ্মা উদ্যোগৰ প্ৰতিনিধিসকলে ব্যক্ত কৰে। জিৰাকপুৰৰপৰা সমগ্ৰ পঞ্জাৱ, হিমাচল প্ৰদেশ, হাৰিয়ানা, জম্মু-কাশ্মীৰ আৰু লাডাখলৈ ঔষধ বিতৰণ কৰা হয়। একেদৰে বদ্দী, দমন আৰু চিলভাচা ঔষধ আৰু চিকিসা সামগ্ৰী উপাদনৰ মূল কেন্দ্ৰ। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সহযোগিতাত উত্তৰ-পূৰ্বাঞ্চললৈ ঔষধৰ যোগান সুনিশ্চিত কৰা হৈছে। ফাৰ্মাচিটিকেল বিভাগৰ সচিৱে জানিবলৈ দিয়ে যে বিভাগটোৱে উদ্যোগৰ লগত জড়িত বিভিন্নজন, ৰাজ্য চৰকাৰ তথা বিভিন্ন বিভাগৰ লগত অনবৰতে ৱাটছআপ, ই-মেইল আদিৰ যোগেদি সংযোগ বৰ্তাই ৰাখিছে। 

১২.০৪.২০২০ তাৰিখে গৃহ মন্ত্ৰালয়ে এক জাননীযোগে ফাৰ্মা খণ্ডলৈ এই জটিল সময়ত আগবঢ়োৱা সহযোগিতাৰ বাবে ঔষধ আৰু ফাৰ্মা উদ্যোগৰ প্ৰতিনিধিসকলে সন্তুষ্টি প্ৰকাশ কৰে। লগতে তেওঁলোকে কৰ্কট, মধুমেহ আদি ৰোগৰ জৰুৰীকালীন ঔষধৰ যোগান দিবলগা হোৱা বাবে কেৰিয়াৰ সেৱাক অত্যাৱশ্যকীয় সেৱা ৰূপে স্বীকৃতি দিবলৈও আহ্বান জনায়। তেওঁলোকে ঔষধ আৰু চিকিসা সামগ্ৰীসমূহ সুকলমে যোগান ধৰাত গুৰুত্ব আৰোপ কৰে। জে এন পি টি বন্দৰ আৰু মুম্বাই বিমানবন্দৰত হোৱা যানজঁটৰ কথাও তেওঁলোকে উল্লেখ কৰে। ড০ ৱাঘেলাই দেশৰ সকলো স্থানতে অত্যাৱশ্যকীয় ঔষধৰ যোগান অটুত ৰাখিবৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে। আইনমতে চিকিসকৰ পৰামৰ্শ অবিহনে দিব নোৱাৰা কোনো ঔষধ গ্ৰাহকক নিদিবলৈও তেওঁ আহ্বান জনায়। লকডাউনৰ সময়ত ঔষধৰ যোগান অবিৰতবাৱে চলাই থকাত সহযোগিতা আগবঢ়োৱা সংস্থাসমূহৰ প্ৰতিও ফাৰ্মাচিটিকেল বিভাগৰ সচিৱগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে।

RCj/RKM/PRK



(Release ID: 1614187) Visitor Counter : 146