যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

স্পীড প’ষ্টৰ জৰিয়তে ঔষধ বিতৰণ

Posted On: 13 APR 2020 6:49PM by PIB Guwahati

লকডাউনৰ সময়ছোৱাত স্পীড প’ষ্টৰ জৰিয়তে ঔষধৰ বিতৰণ কৰাৰ ওপৰত সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ যোগাযোগ, আইন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ডাক বিভাগৰ সচিবক নিৰ্দেশ দিছে৷ তেওঁ লগতে ডাক বিভাগক সকলো কৰ্মচাৰীক স্বচ্ছতা বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিয়ে, যাতে লকডাউনৰ সময়ছোৱাত কোনেও ঔষধ গ্ৰহণ কৰোতে অথবা প্ৰেৰণ কৰোতে কোনো সমস্যাৰ সন্মুখীন নহয়৷ এই উদ্দেশ্যে দেশৰ সমগ্ৰ ডাক সেৱা বিভাগক সক্ৰিয় কৰি তোলা হৈছে আৰু ৰাজ্যিক আৰু আন্তঃৰাজ্যিক মেইলৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰখ্যাত ৰেড মেইল ভান আৰু ৰোড ট্ৰান্সপ’ৰ্ট নেটৱৰ্কে ক’ভিড-১৯ টেষ্টিং কীট, চিকিৎসা সা-সজুলি, অত্যাৱশ্যকীয় ঔষধ আদিৰ যোগান ধৰিছে৷ সময়মতে বিতৰণ নিশ্চিত কৰিবলৈ কাৰ্গো বিমান আৰু বিশেষ পাৰ্চেল ৰেলগাড়ীৰে মেইল সেৱাৰ ব্যৱস্থা কৰা হৈছে৷ এইদৰে জনসাধাৰণৰ মাজলৈ হাজাৰ হাজাৰ টন ঔষধ আৰু চিকিৎসা সা-সজুলি কঢ়িয়াই নিয়া হৈছে৷ হস্পিতাল আৰু ব্যক্তিগত গ্ৰাহকৰ পদূলি মুখলৈ সময়মতে ঔষধ কঢ়িয়াই নিবলৈ দেশৰ ভিন্ন প্ৰান্তৰ ডাকঘৰ আৰু ডাক কৰ্মচাৰীসকলে দিনে-নিশাই কাম কৰি আছে৷

********

RJ/RP/MS



(Release ID: 1614156) Visitor Counter : 148