বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিত সংকটত পৰা ৰপ্তানীকৰোতাসকলক সকাহ দিয়াৰ বাবে বাণিজ্য বিভাগৰ বিভিন্ন পদক্ষেপ গ্ৰহণ

Posted On: 11 APR 2020 6:16PM by PIB Guwahati

ৰোনা মহামাৰীয়ে সৃষ্টি কৰা অনাহূত পৰিস্থিতিত সংকটত পৰা বাণিজ্য তথা ব্যৱসায়ীসকলক সকাহ দিয়াৰ বাবে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ বাণিজ্য বিভাগে এলানি সকাহমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এইবোৰৰ ভিতৰত ইতিমধ্যে ম্যাদ উকলি যোৱা অনুজ্ঞাসমূহৰ নবীকৰণৰ সময়সীমা সম্প্ৰসাৰিত কৰাৰো দিহা কৰা হৈছে। তলত এই সম্পৰ্কীয় তথ্যাৱলী দাঙি ধৰা হল-

ক) বৈদেশিক বাণিজ্য নীতি(এফটিপি)(২০১৫-২০) অধীনত ডিজিএফটি-য়ে আগবঢ়োৱা সকাহমূলক ব্যৱস্থাৱলী :

১. ৩১মাৰ্চ, ২০২০ৰ পিছলৈ এফটিপি-ৰ ম্যাদ সম্প্ৰসাৰণ : ৩১মাৰ্চ, ২০২০ পৰ্যন্ত বৈধতা থকা বৈদেশিক বাণিজ্য নীতি(এফটিপি)(২০১৫-২০) আৰু হেণ্ডবুক অব প্ৰচিডিউৰৰ ম্যাদ ৩১মাৰ্চ, ২০২১লৈ সম্প্ৰসাৰিত কৰা হৈছে।

২. এডভান্সড অথৰাইজেশ্যন আৰু ইপিচিডি অথৰাইজেশ্যন-এক্সপৰ্ট অব্লিগেশ্যন পিৰিয়ড-ৰ সম্প্ৰসাৰণ :

  ০ এডভান্সড অথৰাইজেশ্যন আৰু ইপিচিডি অথৰাইজেশ্যন-ৰ এক্সপৰ্ট অব্লিগেশ্যন পিৰিয়ড-ৰ ক্ষেত্ৰত ইতিমধ্যেই অনুমোদিত সময় সীমা উকলি যোৱা অথবা চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা চলিত বৰ্ষৰ ৩১ জুলাইৰ ভিতৰত অন্ত পৰিব লগা সকলৰ বাবে অনুমোদনৰ সময় সীমা ম্যাদ ওকলাৰ দিনৰ পৰা পৰৱৰ্তি ৬মাহৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে।

   ০ এডভান্সড অথৰাইজেশ্যন আৰু ইপিচিডি অথৰাইজেশ্যন-ৰ ইমপৰ্ট অব্লিগেশ্যন পিৰিয়ড-ৰ ক্ষেত্ৰত ইতিমধ্যেই অনুমোদিত সময় সীমা উকলিযোৱা অথবা চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা চলিত বৰ্ষৰ ৩১ জুলাইৰ ভিতৰত অন্ত পৰিব লগা সকলৰ বাবে অনুমোদনৰ সময় সীমা ম্যাদ ওকলাৰ দিনৰ পৰা পৰৱৰ্তি ৬মাহৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে।

   ০ ইপিচিডি অথৰাইজেশ্যন-ৰ এক্সপৰ্ট অব্লিগেশ্যন-ৰ ব্লক পিৰিয়ড সম্পূৰ্ণ কৰিব লগা সকলৰ ক্ষেত্ৰত ব্লক-ভিত্তিত ইতিমধ্যেই অনুমোদিত সময় সীমা উকলি যোৱা অথবা চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা চলিত বৰ্ষৰ ৩১ জুলাইৰ ভিতৰত অন্ত পৰিব লগা সকলৰ বাবে অনুমোদনৰ সময় সীমা ম্যাদ ওকলাৰ দিনৰ পৰা পৰৱৰ্তি ৬মাহৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে।

ইপিচিডি অ;থৰাইজেশ্যন-ৰ ইনষ্টলেশ্যন চাৰ্টিফিকেট দাখিল কৰিব লগা সকলৰ ক্ষেত্ৰত ইতিমধ্যেই অনুমোদিত সময় সীমা উকলি যোৱা অথবা চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা চলিত বৰ্ষৰ ৩১ জুলাইৰ ভিতৰত অন্ত পৰিব লগা সকলৰ বাবে অনুমোদনৰ সময় সীমা ম্যাদ ওকলাৰ দিনৰ পৰা পৰৱৰ্তি ৬মাহৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে।

৩. ৩১ মাৰ্চ,২০২০ৰ পিছলৈ ৰেজিষ্ট্ৰেশ্যন কাম মেমবাৰশ্বিপ চাৰ্টিফিকেট(আৰচিএমচি)ৰ অনুমোদনৰ সময় সীমা সম্প্ৰসাৰণ : আৰচিএমচি-ৰ ম্যাদ ৩১মাৰ্চ, ২০২০ত অথবা তাৰ আগতেই উকলি গলেও ডিজিএফটি-ৰ আৰএ-সকলে কোনো পৰিস্থিতিতে ৩০ছেপ্টেম্বৰ, ২০২০ পৰ্যন্ত সংশ্লিষ্ট আবেদনকাৰীসকলক নবীকৰণ কৰাবলৈ বাধ্য কৰোৱা অন্যথা ইয়াৰ বাবদ জৰিমণা আদি বিহা ধৰণৰ হাৰাশাস্তি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

৪. ছাৰ্ভিচ এক্সপোৰ্ট ফৰ্ম ইণ্ডিয়া স্কিম(এছইআইএছ) : এছইআইএছ-ৰ অধীনত প্ৰতিটো বিত্তীয় বৰ্ষৰ অন্তত ১২মহীয়া সময় কালৰ বাবে জনাবলগীয়া দাবী মঞ্জুৰীৰ আবেদনৰ সময়সীমা ৩১মাৰ্চ, ২০২০ৰ পৰা ৩১মাৰ্,২০২১ সম্প্ৰসাৰিত কৰা হৈছে।

৫. মাৰ্কেণ্ডাইজ এক্সপৰ্ট ফৰ্ম ইণ্ডিয়া স্কিম(এমইআইএছ) : এমইআইএছ-ৰ দাবী মঞ্জুৰীৰ অন্তিম দিন প্ৰতিখন শ্বিপিং বিললেট এক্সপোৰ্ট অৰ্ডাৰ(এলইঅ)-ৰ পৰা এবছৰ অথবা অতিৰিক্ত ২বছৰৰ ভিতৰত হয়। ইয়াৰ পিছত জৰিমণা কাটিব পৰা যায়। সাম্প্ৰতিক প্ৰেক্ষাপটত এই ম্যাদ যদি ১ফেব্ৰুৱাৰী, ২০২০ অথবা তাৰ পিছত আৰু ৩১মে অথবা তাৰ আগত হয়, তেন্তে তেনে ক্ষেত্ৰত এই সময় সীমা প্ৰাথমিক এবছৰৰ পৰা অতিৰিক্ত ৩মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে।

৬. ৰিবেট অব ষ্টেট অণ্ড চেণ্ট্ৰেল টেক্সেছ এণ্ড লেভীজ(আৰঅএছচিটিএল): ৰপ্তানীৰ ক্ষেত্ৰত প্ৰযোজ্য আৰঅএছচিটিএলৰ দাবী মঞ্জুৰী দাখিলৰ শেষ তাৰিখ ৭মাৰ্চৰ পৰা ৩১ডিচেম্বৰ, ২০১৯ অথবা ৩০জুন, ২০২০ৰ ভিতৰত হলে, তেওঁলোকৰ ক্ষেত্ৰত এই সময় সীমা ৩১ডিচেম্বৰ, ২০২০পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছে।

৭. ষ্টেটাছ হল্ডাৰ’ : এফটিপি ২০১৫-২০-ৰ অধীনত আইইচি হল্ডাৰসকলৰ বাবে প্ৰদান কৰা ষ্টেটাছ চাৰ্টিফিকেটৰ সময় সীমা ৩১মাৰ্চ, ২০২১পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছে।

৮. হেণ্ড বুক অফ প্ৰচিডিউৰ(এইচবিপি)ৰ অধীনত ৰেহাই : এইচবিপি-ৰ ৪.১২, ৪.৪১(ক), ৪.৪১(গ), ৪.৪২(ক),(গ), (ঙ) আৰু (চ), ৪.৪২(ঘ), ৪.৮০(ক),(ঘ),(ঙ), ৪.৮২(গ) আৰু(ঘ), ৪.৮৪(ঘ), ৪.৮৫(খ) আৰু (গ)ৰ নিৰ্দেশিত বিধিত নিৰ্দিষ্ট সময়কালৰ বাবে শিথিলতা আনি কেতবোৰ ৰেহাই দানৰ ব্যৱস্থা কৰা হৈছে।

সেইদৰে এইচবিপি-ৰ ৬, ৭, ৭(ক) আৰু ৯নং অধ্যায়তো শিথিলতাৰ ব্যৱস্থা কৰা হৈছে।

একেদৰে, স্পেচিয়েল ইকনমিক জ(এছইজেদ), ইচিজি, এপিইডিএ, বেকো বৰ্ড, টী বৰ্ড, এমপিইডিএ, জিইএম-ব্যৱস্থাৱলী, ডিজিটিআৰ আদিৰ ক্ষেত্ৰতো বিভিন্ন সকাহমূলক পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় বাণিজ্য বিভাগে।

YB/AP/KB



(Release ID: 1613638) Visitor Counter : 213