কৃষি মন্ত্ৰালয়

লকডাউনৰ সময়ছোৱাত কৃষি আৰু কৃষি সম্বন্ধীয় অন্যান্য ক্ষেত্ৰসমূহৰ বিকাশৰ বাবে কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ বিভাগৰ পদক্ষেপসমূহ

লকডাউনৰ সময়ছোৱাত চিআৰঅ’পি ছফটৱেৰ ব্যৱহাৰ কৰি ১.২৫ লাখ মেট্ৰিকটনতকৈ অধিক বিভিন্ন ধৰণৰ ৰাসায়নিক সামগ্ৰীৰ বাবে চিআইবি আৰু আৰচিয়ে জাৰি কৰিলে ৩৩টা আমদানি অনুমোদন


পৰিবহণ, কাৰ্ফিউ পাছ আৰু পেকেজিং ইউনিট সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰিছে এপিইডিএয়ে; গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহৰ ৰপ্তানি আৰম্ভ হৈছে

Posted On: 11 APR 2020 6:55PM by PIB Guwahati

কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ বিভাগে লকডাউনৰ সময়ত কৃষক আৰু কৃষি সম্পৰ্কীয় গতিবিধিসমূহ সুচল কৰি তোলাৰ বাবে বিভিন্ন উপায় কৰিছে৷ সেইসমূহ হ’লঃ

১. লকডাউনৰ সময় বিশেষজ্ঞ/বিষয়াসকলৰ দ্বাৰা ঘৰৰ পৰা কাম কৰি প্ৰমাণপত্ৰ জাৰি কৰাৰ সুবিধাৰ বাবে ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক (ভিপিএন)ৰ মাধ্যমৰ জৰিয়তে কেন্দ্ৰীয় কীটনাশক ব’ৰ্ড আৰু পঞ্জীকৰণ সমিতি (চিআইবি আৰু আৰচি)ৰ সচিবালয়ৰ চিআৰঅ’পি ছফটৱেৰ ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰা হৈছে৷

 

২. এই পৰ্যন্ত চিআইবি আৰু আৰচিয়ে বিভিন্ন ৰাসায়নিক সামগ্ৰীৰ ১.২৫ লাখ মেট্ৰিকটনতকৈ অধিক আমদানিৰ বাবে ৩৩টা আমদানি অনুমোদন জাৰি কৰিছে৷

 

৩. লকডাউনৰ বাবে বিভাগে ১৬ এপ্ৰিল ২০২০ তাৰিখে ভিডিঅ’ কনফাৰেন্সৰ যোগেদি খাৰিফ ফচল-২০২০ৰ ৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

 

৪. এপিইডিএয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু পৰিবহণ, কাৰ্ফিউ পাছ, পেকেজিং ইউনিট সম্বন্ধীয় সমস্যাসমূহ সমাধান কৰিছে৷ বিভিন্ন গুৰুত্বপূৰ্ণ খাদ্য সামগ্ৰীৰ ৰপ্তানি আৰম্ভ হৈছে৷

 

৫. পাৰ্চেল ৰে’লৰ বিৱৰণসমূহ indianrailways.gov.in ৱেবছাইট উপলব্ধ কৰোৱা হৈছে আৰু ইয়াৰ প্ৰত্যক্ষ লিংক তলত উল্লেখ কৰা হৈছে৷

 

https://enquiry.indianrail.gov.in/mntes/q?opt=TrainRunning&subOpt=splTrnDtl

 

*****

APS/PK/MS/MANN



(Release ID: 1613515) Visitor Counter : 163