প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ৰোনাভাইৰাছ বিৰোধী যুঁজত ভাৰতীয় বায়ুসেনা বাহিনীৰ সহযোগিতা

Posted On: 11 APR 2020 6:26PM by PIB Guwahati

ভেল কৰোনাভাইৰাছ প্ৰতিৰোধ কৰাৰ লগতে ই সৃষ্টি কৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰে অব্যাহত ৰখা অভিযানত দিনটোৰ ২৪ঘণ্টাই সষ্টম হৈ আছে ভাৰতীয় বায়ুসেনা বাহিনী। এইখিনি সময়ত অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী, উপকৰণৰ লগতে খাদ্য-দ্ৰব্য তথা জৰুৰী তথ্য-পাতি আদি মূল কেন্দ্ৰস্থলসমূহৰ পৰা দেশৰ বিভিন্ন ৰাজ্যলৈ কঢ়িয়াই নি আক্ৰান্তসকলক সময়মতে চিকিত্সা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে বাহিনীটোৱে।

শেহতীয়া দিনদিয়েকত বায়ুসেনা বাহিনীৰ বিমানসমূহে বিভিন্ন কেন্দ্ৰস্থলসমূহৰ পৰা অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী আৰু উপকৰণ আদি মহাৰাষ্ট্ৰ, কেৰালা, তেলেংগাণা, নাগালেণ্ডকে ধৰি বিভিন্ন ৰাজ্যৰ লগতে জম্মু-কাশ্মীৰ, লাডাখৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিবহণ কৰি আহিছে।

ইফালে, ডিআৰডিঅ-ৰ বাবে সামগ্ৰী কঢ়িওৱা বায়ুসেনা বাহিনীৰ বিমানসমূহে এইকেইটা দিনত সংস্থাটোৰ বিভিন্ন কাৰখানাত ব্যক্তিগত সুৰক্ষা উপকৰণ(পিপিই) প্ৰস্তুত কৰাৰ বাবে প্ৰায় ৯০০০কিলোগ্ৰাম কেচামাল কঢ়িওৱাৰ লগতে সংস্থাটোৱে প্ৰস্তুত কৰি উলিওৱা এন-৯৫/৯৯ মাস্কসমূহো বিভিন্ন স্থানলৈ পৰিবহণ কৰি আছে। বাহিনীটোৱে এইধৰণৰ কাম-কাজ সম্পাদন কৰিবলৈ যাওতে কভিড-১৯ প্ৰতিৰোধ সম্পৰ্কীয় সকলো ধৰণৰ বিধি-ব্যৱস্থা কঠোৰ পালন কৰি আছে।

দেশত অব্যাহত থকা মহামাৰী প্ৰতিৰোধ কৰাৰ বাবে চলোৱা অভিযানত সক্ৰিয় ভাবে সহযোগিতা আগবঢ়োৱাৰ লগতে সাম্ভাব্য যিকোনো পৰিস্থিতি চম্ভালি লোৱাৰ বাবে বায়ুসেনা সদা সষ্টম হৈ থাকিব বুলি বাহিনীটোৰ পৰা আশ্বস্ত কৰা হৈছে।

***

IN/BSK/KB



(Release ID: 1613454) Visitor Counter : 159