জনজাতি পৰিক্ৰমা মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ প্ৰাথমিক ৰক্ষা কৱচ--‘মাস্ক’ যোগান ধৰিব ‘ট্ৰাইফেড’-য়ে
                    
                    
                        
                    
                
                
                    Posted On:
                11 APR 2020 2:47PM by PIB Guwahati
                
                
                
                
                
                
                জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ‘ট্ৰাইফেড’-য়ে জনজাতীয় শিপিনী-কাৰিকৰ, আত্ম-সহায়ক গোট, বন-ধন হিতাধিকাৰী আৰু স্বেচ্ছাসেৱী সংস্থাসমূহৰ সৈতে কাম কৰাৰ লগতে তেওঁলোকে উত্পাদন কৰা হস্ত-তাঁত বস্ত্ৰ-শিল্প, কাৰু -শিল্প আৰু বনাঞ্চলৰ পৰা সংগ্ৰহ কৰা প্ৰকৃতিক উতপাদনসমূহৰ বিপণনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে। শেহতীয়া প্ৰেক্ষাপটত সংস্থাটোৰ অধীনস্থ একাংশ যোগানকাৰীয়ে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণৰ লগতে সামগ্ৰীকভাবে তেওঁলোকৰ সমাজখনকো সহায়ৰ হাত আগবঢ়োৱাৰ লক্ষ্যৰে মাস্ক তৈয়াৰ কৰি যোগান ধৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। এওঁলোকৰ একাংশই এনে সামগ্ৰী স্থানীয় প্ৰশাসনকো যোগান ধৰি আছে। ঘৰতে থাকি মাস্ক প্ৰস্তুত কৰা জনজাতীয়সকলৰ পৰা সংগৃহীত মাস্কসমূহ চৰকাৰকো যোগান ধৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে এইসকল যোগানকাৰীয়ে। এই ক্ষেত্ৰত যাৱতীয় সহযোগিতা আগবঢ়াবলৈ সাজু হৈছে ‘ট্ৰাইফেড’।  
*****
NB/SK/MoTA-1/11.04.2020/KB
                
                
                
                
                
                (Release ID: 1613319)
                Visitor Counter : 250
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada