বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ বিৰোধী যুঁজৰ বাবে ‘টিডিবি’-য়ে জনোৱা আহ্বানলৈ ভাৰতীয় উদ্যোগক্ষেত্ৰৰ ব্যাপক সঁহাৰি

Posted On: 11 APR 2020 12:19PM by PIB Guwahati

ভিড-১৯ৰ বিৰুদ্ধে আৰম্ভ হোৱা যুদ্ধখনৰ অস্ত্ৰ হব পৰাকৈ ন ন প্ৰযুক্তিৰ উদ্ভাৱনত সহযোগিতা আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিবলৈ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ প্ৰযুক্তি বিকাশ পৰিষদ(টিডিবি)য়ে জনোৱা আহ্বানলৈ ব্যাপক সঁহাৰি জনাইছে ভাৰতীয় উদ্যোগক্ষেত্ৰৰ লগতে দেশৰ সমগ্ৰ ষ্টাৰ্ট-আপ প্ৰেক্ষাপটটোৱে।

থলুৱা ভাবে উদ্ভাৱন কৰা প্ৰযুক্তিৰ বাণিজ্যিকীকৰণ অথবা আমদানীকৃত প্ৰযুক্তিৰ ভাৰতীয়কৰণত জড়িত ভাৰতীয় প্ৰতিষ্ঠানলৈ বিত্তীয় সহযোগিতা আগবঢ়োৱা টিডিবি-য়ে কভিড-১৯ৰ বিৰুদ্ধে অব্যাহত থকা যুদ্ধখনত দেশৰ স্থিতি শক্তিশালী কৰাৰ বাবে সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহৰ পৰা উদ্ভাৱনী প্ৰযুক্তিৰ সংযোজন কৰিব পৰা প্ৰস্তাৱ বিচাৰি যোৱা ২০মাৰ্চ, ২০২০ তাৰিখে এক আহ্বান জনাইছিল। প্ৰাদুৰ্ভাৱ ঘটা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰা, সীমাবদ্ধ ৰখা, নিৰীক্ষণ কৰা, পৰীক্ষাগাৰৰ সহযোগিতা, সা-সামগ্ৰীৰ উপলব্ধতা নিশ্চিতকৰণ ব্যৱস্থাপনা, শংকাসম্পৰ্কীয় তথ্যৰ সম্প্ৰচাৰ, গুৰুতৰভাৱে আক্ৰান্ত লোকৰ পৃথকীকৰণ আৰু চিকিত্সা প্ৰবন্ধন আদি বিষয় সম্পৰ্কীয় প্ৰযুক্তিৰ প্ৰসংগ এই প্ৰস্তাৱৰ মাজত সামৰি লোৱা হৈছিল।

টিডিবিৰ প্ৰস্তাৱৰ প্ৰতি বিশেষ সঁহাৰি জনাইছে সংশ্লিষ্টসকলে। আহ্বানৰ প্ৰথমটো সপ্তাহতে ৩০০ৰো অধিক প্ৰতিষ্ঠানে টিডিবিৰ পৰ্টেলত পঞ্জীয়ণ কৰি তেওঁলোকৰ উপস্থিতি সাব্যস্ত কৰিছে। কেৱল সেয়াই নহয় এই পৰ্যন্ত ১৪০টা প্ৰতিষ্ঠানে তেওঁলোকৰ প্ৰস্তাৱসমূহ আনুষ্ঠানিকভাবে দাখিলো কৰিছে। এনেদৰে আগবঢ়ি অহাসকলৰ ভিতৰত অধিকাংশই দেশৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠান।

ইয়াৰে কিছুসংখ্যকে ৰেপিড টেষ্ট কৰিব পৰা ৰিয়েল-টাইম ৰিভাৰ্ছ ট্ৰেনছক্ৰিটেজ পিচিআৰ(আৰ-পিচিআৰ), কিছু সংখ্যকে প্ৰতিষেধক বিকশিত কৰা, আন একাংশই আকৌ কম-ব্যয় সাপেক্ষ মাস্ক প্ৰস্তুত কৰা, এণ্টি ভাইৰেল ড্ৰাগ ৩-ডি প্ৰিণ্টেড মাস্ক, নেন-ফাইবাৰ কোটেড এন-৯৫মাস্ক, পভিডন আয়ডিন থিন-ফিল্ম কোটেড মাস্ক আদিৰ বৃহত পৰিমাণে প্ৰস্তুত কৰা সম্পৰ্কীয় প্ৰস্তাৱ আগবঢ়াইছে। অৱশ্যে ফুল ডেপথ ডিছইনফেকশ্যন চাইকল অথবা বিস্তৃত পৰিসৰৰ এলেকা বিজাণুমুক্তকৰণৰ দৰে প্ৰস্তাৱো লাভ কৰা হৈছে। ইয়াৰ মাজত একাংশই শৰীৰৰ তাপমান জুখিব পৰা উন্নত প্ৰযুক্তিৰ যতনৰো প্ৰস্তাৱ আগবঢ়োৱাতো প্ৰসংগতে উল্লেখ কৰিব লাগিব।

প্ৰতিষ্ঠানসমহে আগবঢ়োৱা প্ৰস্তাৱসমূহ সম্প্ৰতি পৰ্যালোচনা কৰি থকা হৈছে আৰু বিশেষজ্ঞ সমিতিয়ে সেউজ সংকেত দিলেই ব্যৱহাৰিক উত্পাদনৰ বাবে সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহক অনুমতি দিয়াৰ লগতে বিত্তীয় সহযোগিতা আগবঢ়োৱাৰো প্ৰক্ৰিয়া আৰম্ভ কৰা হব।

 

 

KGS/(DST)/KB



(Release ID: 1613279) Visitor Counter : 205