স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ সন্দৰ্ভত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত ৰাজ্যসমূহৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত অধ্যক্ষতা ড. হৰ্ষবৰ্ধনৰ

ক’ভিড-১৯ৰ বিৰুদ্ধে চলি থকা যুঁজত সমগ্ৰ দেশবাসীকে একত্ৰিত কৰিবৰ বাবে আৰোগ্য সেঁতু শীৰ্ষক মোবাইল এপ্পৰ প্ৰচাৰ-প্ৰসাৰ কৰিবলৈ আহ্বান ৰাজ্যসমূহক


পৰিস্থিতি নিয়ন্ত্ৰণাধীন কৰি ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰয়াসৰ বাবে আপোনালোকক অভিনন্দন। - ড. হৰ্ষবৰ্ধন

Posted On: 10 APR 2020 7:18PM by PIB Guwahati

“আপোনালোকে নিজ নিজ ৰাজ্যত ক’ভিড-১৯ৰ বিৰুদ্ধে চলি থকা যুঁজখনত পৰিস্থিতি নিয়ন্ত্ৰণাধীন কৰি ৰখাৰ ক্ষেত্ৰত কৰা প্ৰয়াসৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো।” – ক’ভিড-১৯ ৰ সংক্ৰমণৰ তীব্ৰতা প্ৰশমন কৰাৰ বাবে এই পৰ্যন্ত গ্ৰহণ কৰা পদক্ষেপসমূহৰ পৰ্যালোচনা আৰু প্ৰস্তুতি সন্দৰ্ভত আয়োজন কৰা এক ভিডিঅ’ কনফাৰেন্সত অধ্যক্ষতা কৰি দেশৰ সকলো ৰাজ্যৰ প্ৰতিনিধিসকলক উদ্দেশ্যে এইদৰে কয় কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড. হৰ্ষবৰ্ধনে। আজি এই ভিডিঅ’ কনফাৰেন্সত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্যমন্ত্ৰী, মুখ্য সচিব/স্বাস্থ্য বিভাগৰ সচিবসকলে অংশগ্ৰহণ কৰিছিল। বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে’ও উপস্থিত থাকে।

আজি অনুষ্ঠিত এই ভিডিঅ’ কনফাৰেন্সত মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, কেৰেলা, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, কৰ্ণাটক, পঞ্জাৱ, বিহাৰ, তেলেংগানা, হাৰিয়ানা, উৰিষ্যা, অসম, চণ্ডীগড়, ঝাৰখণ্ড, আন্দামান আৰু নিকোবৰ, চট্টিশগড়, মণিপুৰ, অৰুণাচল প্ৰদেশ, গোৱা, মিজোৰাম, ত্ৰিপুৰা, ছিকিম, নাগালেণ্ড, তামিলনাডু, মেঘালয় আৰু দাদৰ আৰু নগৰ হাফেলিৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

এই বৈঠকতে ড. হৰ্ষবৰ্ধনে কয় যে “এই মহামাৰীৰ সৈতে আৰম্ভ কৰা যুঁজখন এতিয়া তিনিমাহ পুৰণি হ’ল আৰু এই মহামাৰীৰ সংক্ৰমণ, প্ৰতিৰোধ আদি দিশ প্ৰতিখন ৰাজ্যৰ সৈতে উচ্চ পৰ্যায়ত তদাৰকী কৰি থকা হৈছে।” তেওঁ লগতে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত দেশে বিভিন্ন কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে। সময়মাফিক এইবোৰ পদক্ষেপে সমগ্ৰ পৰিস্থিতি চম্ভালি ল’বৰ বাবে আমাক সহায় কৰিছে আৰু লগতে প্ৰস্তুতিৰ বাবেও পৰ্যাপ্ত সুযোগ প্ৰদান কৰিছে।”

এই ৰোগবিধ নিয়ন্ত্ৰণৰ বাবে পৰৱৰ্তী সময়খিনিত ৰোগৰ শৃংখলা নাইকিয়া কৰিবৰ বাবে সামাজিক দূৰত্ব কঠোৰভাৱে পালন কৰাৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। কেৱল ব্যক্তিগত পৰিস্কাৰ পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্বইহে এই ৰোগৰ সংক্ৰমণ ৰোধ কৰিব পাৰিব বুলিও কয় মন্ত্ৰী ড. হৰ্ষবৰ্ধনে।

তেওঁ লগতে কয় যে গৰ্ভৱতী মহিলা, ডায়েলাইছিছ ৰোগী আৰু থেলাছেমিয়াৰ দৰে ৰোগত ভুগি থকা ৰোগীৰ ক্ষেত্ৰত চিকিৎসা কৰোতে যথেষ্ট সাৱধানতা অৱলম্বন কৰাৰো আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। স্বেচ্ছামূলক ৰক্তদান কাৰ্যসূচীৰ প্ৰচাৰ প্ৰসাৰ কৰিবলৈও ৰাজ্যসমূহক আহ্বান জনায় তেওঁ, যাতে প্ৰয়োজনৰ সময়ত পৰ্যাপ্ত পৰিমাণৰ ৰক্ত যোগান ধৰিবলৈ সাজু থাকে।

ড. হৰ্ষবৰ্ধনে লগতে দেশত থকা ক’ভিড-১৯ বিশেষ হস্পিতালসমূহৰ পৰিস্থিতিৰো পৰ্যালোচনা কৰে। তেওঁ কয়, “দেশৰ প্ৰতিখন জিলাতে ক’ভিড-১৯ বিশেষ চিকিৎসালয় স্থাপন কৰাৰ প্ৰয়োজনীয়তা আছে আৰু সেই সম্বন্ধে জাননী জাৰি কৰা উচিত, যাতে এই সম্পৰ্কে জনসাধাৰণ অৱগত হয়।”

এই বৈঠকতে ড. হৰ্ষবৰ্ধনে পিপিই, এন৯৫ মাস্ক, টেষ্টিং কিট, ঔষধ, ভেণ্টিলেটৰৰ পৰ্যাপ্ততা আৰু প্ৰয়োজনীয়তাৰ দিশবোৰ ৰাজ্যসমূহৰ সৈতে পৰ্যালোচনা কৰে, আৰু ৰাজ্যসমূহক নিশ্চিতি প্ৰদান কৰে যে এই জৰুৰীকালীন সামগ্ৰীবোৰৰ যাতে কোনো নাটনি নহয়, তাৰ বাবে ভাৰত চৰকাৰে সৰ্বতোপৰি চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ বাবে বিভিন্ন সামগ্ৰীৰ অৰ্ডাৰ দিয়াও হৈছে। তেওঁ কয় যে বিভিন্ন ৰাজ্যই প্ৰেৰণ কৰা প্ৰয়োজনীয়তাৰ অনুৰোধ ৰাখি সেয়া পূৰণ কৰাও হৈছে। কোনবোৰ স্বাস্থ্যকৰ্মীয়ে কোনবোৰ পিপিই ব্যৱহাৰ কৰিব লাগে, সেই সন্দৰ্ভত সবিশেষ পৰামৰ্শাৱলী স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইট www.mohfw.gov.in ত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। ৰাজ্যসমূহেও এই সন্দৰ্ভত প্ৰচাৰ কাৰ্য চলাব লাগে। ৰাজ্য চৰকাৰসমূহে এই পৰ্যন্ত চলোৱা প্ৰয়াসৰ প্ৰসংশা কৰি তেওঁ কয় যে ৰাজ্যসমূহে পৰস্পৰৰে পৰস্পৰৰ শ্ৰেষ্ঠতম ব্যৱস্থাসমূহৰ ব্যৱহাৰ কৰিব পাৰে।

তেওঁ লগতে ক’ৰোনা সংক্ৰমণৰ বিপদাশংকা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত দেশবাসীক একত্ৰিত কৰিবৰ বাবে আৰোগ্য সেতু শীৰ্ষক এক এপ্প ডাউনলোড আৰু সেয়া ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায় ৰাজ্যসমূহক। এটা স্মাৰ্ট ফোনত এই এপ্প ইনষ্টল কৰাৰ পিছত ‘ছ’ফিষ্টিকেটেড পেৰামিটাৰ’সাপেক্ষে ই সংক্ৰমণৰ সম্ভাৱনাৰ পৰিমাপ কৰিব পাৰে বুলি কয় মন্ত্ৰীগৰাকীয়ে।

এই বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ সচিব প্ৰীতি ছুডান, স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষ সচিব সঞ্জীৱা কুমাৰ আৰু জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল। আইচিএমআৰৰ প্ৰতিনিধিসকলো উপস্থিত আছিল এই পৰ্যালোচনা বৈঠকত।

 

****

MV/MR/RD



(Release ID: 1613185) Visitor Counter : 192