PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 10 APR 2020 7:01PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা কভিড-১৯ সন্দৰ্ভত আপডেট

এই পৰ্যন্ত দেশত ৬৪১২টা ক’ভিড-১৯ৰ নিশ্চিত পৰিঘটনা আৰু ১৯৯টা মৃত্যুৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ৫০৩ জনক সুস্থ হোৱাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছে৷ ১৪৬টা চৰকাৰী গৱেষণাগাৰ, ৬৭টা ব্যক্তিগত গৱেষণাগাৰ আৰু ১৬০০০ত কৈও অধিক সংগ্ৰহ কেন্দ্ৰৰ জৰিয়তে বৃদ্ধি কৰা হৈছে পৰীক্ষণ সামৰ্থ৷ তাৰোপৰি দ্ৰুত নিৰ্ণায়ক কিট আৰু ইয়াৰ ব্যৱহাৰৰ নিৰ্দেশাৱলীও জাৰি কৰা হৈছে আৰু যোগানৰ অৰ্ডাৰ ইতিমধ্যেই প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবেঃ 

এই মহামাৰীৰ সংকটৰ সময়ত মিত্ৰপক্ষক যথাসম্ভৱ ধৰণে সহায় কৰিবলৈ ভাৰত প্ৰস্তুতঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ যথাসম্ভৱ ধৰণে মিত্ৰপক্ষক সহায় কৰিবলৈ সাজু৷ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ভাৰতে ক্ল’ৰ’কুইন যোগান ধৰা সিদ্ধান্তত কৃতজ্ঞতা প্ৰকাশ কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে উত্তৰ দিয়ে৷

অধিক বিৱৰণৰ বাবেঃ

ভিড-১৯ক প্ৰতিহত কৰাৰ উদ্দেশ্যে এঘাৰটা ক্ষমতাসম্পন্ন গোটৰ সৈতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পুনৰীক্ষণ বৈঠক

প্ৰধানমন্ত্ৰীৰ মুখ্য সচিবৰ অধ্যক্ষতাত আজি ভিড-১৯ক প্ৰতিহত কৰিবলৈ ক্ষমতাসম্পন্ন গোটে গ্ৰহণ কৰা প্ৰয়াসসমূহৰ পুনৰীক্ষণৰ বাবে এক বৈঠকৰ আয়োজন কৰা হয়৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই মহামাৰীক প্ৰতিহত কৰিবলৈ বিভিন্ন পৰ্যায়ত চলিত প্ৰয়াসসমূহৰ পুনৰীক্ষণ কাৰ্য চলি আছে৷

অধিক বিৱৰণৰ বাবেঃ

ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহক লকডাউন কঠোৰভাৱে পালন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ; নিষিদ্ধ কৰা হৈছে সামাজিক/ধৰ্মীয়/উৎসৱৰ শোভাযাত্ৰা আদি

এপ্ৰিল ২০২০ মাহটোত উদযাপন হ’বলগীয়া বিভিন্ন উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশক ক’ভিড-১৯ৰ লকডাউন কঠোৰভাৱে পালন কৰিবলৈ তথা সেই সময়ছোৱাত কোনো ধৰণৰ সামাজিক/ধৰ্মীয় অনুষ্ঠান তথা শোভাযাত্ৰা আদিৰ অনুমতি প্ৰদান নকৰিবলৈ নিৰ্দেশ দিছে৷

অধিক বিৱৰণৰ বাবেঃ

নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী কে পি শৰ্মা অলিৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা বিশ্বজনীন স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে৷ দুয়োগৰাকী নেতাই নিজৰ নিজৰ দেশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবেঃ

জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা বিশ্বজনীন স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে৷ দুয়োগৰাকী নেতাই নিজৰ নিজৰ দেশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবেঃ

প্ৰত্যাহ্বানমূলক সময়ছোৱাত পূৰ্বতকৈও সুদৃঢ় হৈছে ভাৰত আৰু ব্ৰাজিলৰ বন্ধুত্বঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত আৰু ব্ৰাজিল সহযোগিতা এই প্ৰত্যাহ্বানমূলক সময়চোৱাত পূৰ্বতকৈও সুদৃঢ় হৈছে৷ ব্ৰাজিললৈ হাইড্ৰক্সিক্লকুইনৰ যোগান সন্দৰ্ভত ভাৰতে গ্ৰহণ কৰা সিদ্ধান্তত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ এম বলছোনাৰয়ে জনোৱা কৃতজ্ঞতাৰ উত্তৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়৷

অধিক বিৱৰণৰ বাবেঃ

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিএছএফৰ সৈতে ভাৰত-পাকিস্তান আৰু ভাৰত-বাংলাদেশ সীমাত পুনৰীক্ষণ কৰিলে সীমা সুৰক্ষা ব্যৱস্থাপনা

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাৰত-পাকিস্তান আৰু ভাৰত-বাংলাদেশ সীমাত বিএছএফ বাহিনী আৰু ক্ষেত্ৰীয় মুখ্যালয়ৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে কালি সীমা সুৰক্ষা ব্যৱস্থাপনা পুনৰীক্ষণ কৰে৷ তেওঁ কয় যে সীমান্তৱৰ্তী কৃষকসকলক ক’ভিড-১৯ৰ বিষয়ে অৱগত কৰোৱাৰ লগতে সেই স্থানসমূহত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ প্ৰতিৰোধাত্মক ব্যৱস্থাপনা গ্ৰহণ কৰা উচিত৷ তাৰোপৰি তেওঁ কয় যে জিলা প্ৰশাসনৰ সৈতে বিএছএফে এই সন্দৰ্ভত নিশ্চিত হ’ব লাগে যে জনসাধাৰণে যাতে সীমা পাৰ হৈ নাযায়৷

অধিক বিৱৰণৰ বাবেঃ

ভেণ্টিলেটৰ, পিপিই, পৰীক্ষণ সঁজুলি আৰু মাস্কৰ আমদানিত প্ৰাথমিক সীমা শুল্ক আৰু স্বাস্থ্য উপকৰৰ পৰা ৰেহাই দিছে চৰকাৰৰ

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ভেণ্টিলেটৰ আৰু অন্যান্য সামগ্ৰীসমূহৰ তৎকালীন প্ৰয়োজনীয়তা সাপেক্ষে কেন্দ্ৰ চৰকাৰে এনেবোৰ সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে কাৰ্যকৰী হোৱাকৈ প্ৰাথমিক সীমা শুল্ক আৰু স্বাস্থ্য উপকৰৰ পৰা ৰেহাই দিছে৷

অধিক বিৱৰণৰ বাবেঃ

ভিড-১৯ৰ সৈতে জড়িত চিকিসা সামগ্ৰী উৎপাদনত নিয়োজিত এমএছএমইক অগ্ৰাধিকাৰভিত্তিত সুবিধা প্ৰদান কৰা উচিত-নীতিন গাডকাৰী

মন্ত্ৰীগৰাকীয়ে কয় দেশে দুখন যুদ্ধৰ সৈতে যুঁজ দিয়াৰ প্ৰয়োজন, এখন হৈছে ভিড-১৯ আৰু আনখন হৈছে অৰ্থনৈতিক যুঁজ৷ তেওঁ কয় যে ভিড-১৯ৰ বাবে বিগত এমাহত ভেণ্টিলেটৰ, পিপিই কিট, মাস্ক, আৰু ছেনিটাইজাৰৰ দৰে চিকিৎসা সামগ্ৰীৰ চাহিদা তাৎক্ষণিকভাৱে বৃদ্ধি পাইছে আৰু এমএছএমইয়ে এই সামগ্ৰীসমূহৰ অভাৱ পুৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ তেওঁ কয় যে এই কাম-কাজত নিয়োজিত এমএছএমইসমূহক অগ্ৰাধিকাৰভিত্তিত সা-সুবিধা প্ৰদান কৰা উচিত৷

অধিক বিৱৰণৰ বাবেঃ

ৰাজ্য চৰকাৰী জাৰি কৰা ৰেচন কাৰ্ডযুক্ত নন-এনএফএছএ হিতাধিকাৰীক যোগান ধৰা হ’ব খাদ্যান্ন

ভাৰত চৰকাৰে ভাৰতীয় খাদ্য নিগমক এই বুলি নিৰ্দেশ দিছে যে সকলো হিতাধিকাৰীক ৩ মাহলৈ ৫ কিলোগ্ৰামকৈ প্ৰতিজন ব্যক্তিক প্ৰতিমাহে খাদ্যানন্ যোগান ধৰিব লাগিব যি এনএফএছএৰ পৰিসৰত নাহে কিন্তু ৰাজ্য চৰকাৰে তেওঁলোকক ৰেচন কাৰ্ড জাৰি কৰিছে৷ ৰাজ্যসমূহক জুন ২০২০লৈ ৩ মাহত ষ্ট’ক এবাৰতেই বা মাহিলী ভিত্তিত গ্ৰহণ কৰিবলৈ কোৱা হৈছে৷

অধিক বিৱৰণৰ বাবেঃ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে গৰ্ভধাৰণৰ আগত অথবা পিছত লিংগ বাচনি কৰাত বাধা আৰোপ কৰা পিচি আৰু পিএনডিটি আইন বাতিল কৰা নাই

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে গৰ্ভধাৰণৰ আগত বা পিছত লিংগ বাচনি কৰাত বাধা আৰোপ কৰা পিচি আৰু পিএনডিটি আইন বাতিল কৰা নাই৷ প্ৰতিখন আলট্ৰাছাউণ্ড ক্লিনিক, কাউন্সেলিং কেন্দ্ৰ, জেনেটিক গৱেষণাগাৰ, জেনেটিক ক্লিনিক আৰু ইমেজিং কেন্দ্ৰই এই আইনৰ অধীনত থকা নীতিসমূহ পালন কৰিব লাগিব৷ কেৱল উপযুক্ত প্ৰাধিকৰণক প্ৰদান কৰা অন্তিম তাৰিখ ৩০ জুন ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত কৰা হৈছে৷ পিচি আৰু পিএনডিটি আইনৰ অধীনত এই অনুপালনসমূহৰ ব্যৱস্থাত কোনো শিথিলতা প্ৰদান কৰা হোৱা নাই৷

অধিক বিৱৰণৰ বাবেঃ

কেন্দ্ৰীয় কৃষিমন্ত্ৰীৰ ভিডিঅকনফাৰেন্সৰ পিছত কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহলৈ খৰতকীয়া সিদ্ধান্ত গ্ৰহণৰ আহ্বান

ভাৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে মূল্য সহযোগিতা আঁচনি (পি এচ এচ) অধীনত ৰাজ্যসমূহৰ মাহজাতীয় শস্য আৰু তৈলবীজ ক্ৰয় কৰাৰ বাবে তাৰিখ ৰাজ্যসমূহে নিজেই নিৰ্দিষ্ট কৰিব আৰু এই ক্ৰয় প্ৰক্ৰিয়া ৯০ দিনলৈকে চলি থাকিব৷ কৃষি আৰু উদ্যানশস্যৰ পাৰিশ্ৰামিক মূল্য সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰই সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশক বজাৰ হস্তক্ষেপ যোজনাৰ বিষয়ে অৱগত কৰিছে৷ কেন্দ্ৰই এই আঁচনি সকলো ৰাজ্যতে প্ৰণয়ন কৰিবলৈ নিৰ্দেশ দিছে য’ত ৫০%(উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত ৭৫%) ব্যয় ভাৰত চৰকাৰে বহন কৰিব৷

অধিক বিৱৰণৰ বাবেঃ

ৰে’লৱে মন্ত্ৰালয়ৰ পৰা সংবাদ মাধ্যমলৈ পৰামৰ্শৱলী

ৰেলেৰ ভ্ৰমণ কৰিব খোজা সাম্ভাব্য যাত্ৰীসকলে পালন কৰিবলগীয়া কেতবোৰ বিধি-ব্যৱস্থা সম্পৰ্কীয় কিছু বা-বাতৰি শেহতীয়া দুটা দিনত সংবাদ মাধ্যমত প্ৰকাশিত হোৱা দেখিবলৈ পোৱা গৈছে। তেনে বাতৰিত এটা নিৰ্দিষ্ট তাৰিখৰ পৰা একাংশ ৰেলৰ সেৱা পুনৰ আৰম্ভ কৰিব বুলিও উল্লেখ কৰা হৈছে। ৰেলসেৱা পুনৰ মুকলি সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই, সেয়ে এনেধৰণৰ বা-বাতৰি নিতান্তই অনাহূত আৰু সংকটৰ এই মুহূৰ্তত এনে বাতৰিয়ে ৰাইজৰ মাজত বিভ্ৰান্তিৰহে সৃষ্টি কৰিব বুলি সঁকীয়াই দিয়া হৈছে৷

অধিক বিৱৰণৰ বাবেঃ

ভাৰতীয় ৰে’লৱেয়ে লকডাউনৰ সময়ছোৱাত অব্যাহত ৰাখিছে দেশৰ সকলো প্ৰান্তলৈ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান

২৩ মাৰ্চ ২০২০ তাৰিখৰ পৰা ৰে’লৱেয়ে প্ৰায় ৬.৭৫ লাখ দবাৰ সামগ্ৰী পৰিবাহিত কৰিছে৷ ইয়াৰে ৪.৫০ লাখ হ’ল দবা অত্যাৱশ্যকীয় সামগ্ৰী যেনে খাদ্যশস্য, নিমখ, চেনী, খোৱা তেল, কয়লা আৰু পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ৷ ২ এপ্ৰিলৰ পৰা ৮ এপ্ৰিল ২০২০ তাৰিখলৈ ৰে’লৱেয়ে মুঠ ২৫৮৫০৩ দবাৰ সামগ্ৰী পৰিবাহিত কৰিছে য’ত ১৫৫৫১২টা দবাই হ’ল অত্যাৱশ্যকীয় সামগ্ৰীৰ৷

অধিক বিৱৰণৰ বাবেঃ

অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী যোগানৰ বাবে ১৮০খন লাইফলাইন উড়ান বিমানে অতিক্ৰম কৰিছে ১,৬৬,০০০ কিলোমিটাৰ দূৰত্ব

ক’ভিড-১৯ৰ লকডাউনৰ সময়ছোৱাত লাইফলাইন উড়ানৰ অধীনত ১১৪খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স তথা ৫৮খন বিমান আইএএফৰ দ্বাৰা পৰিচালিত হৈ আছে৷ ব্যক্তিগতখণ্ডৰ বিমানসমূহে প্ৰায় ২,৬৭৫ টনৰ ঘৰুৱা মেডিকেল কাৰ্গ’ কঢ়িয়াইছে৷

অধিক বিৱৰণৰ বাবেঃ

ভাৰতত অনলাইন শিক্ষাৰ পৰিস্থিতিতন্ত্ৰ উন্নত কৰাৰ বাবে ৰাইজৰ পৰা ধাৰণা আহ্বানৰ উদ্দেশ্যে আৰম্ভ কৰা সপ্তাহজোৰাভাৰত পঢ়ে অনলাইনশীৰ্ষক কাৰ্যসূচী মুকলি কৰিলে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে

এই অভিযানৰ উদ্দেশ্য হৈছে উপলব্ধ ডিজিটেল প্লেটফৰ্মবোৰৰ প্ৰসাৰতাৰ উপৰিও অনলাইন শিক্ষাৰ প্ৰতিবন্ধকতাবোৰ আঁতৰ কৰিবলৈ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়লৈ পোনপটীয়াকৈ পৰামৰ্শ/সমাধান প্ৰেৰণ কৰিবলৈ ভাৰতৰ শ্ৰেষ্ঠ প্ৰতিভাধৰক আহ্বান জনোৱাধাৰণাসমূহ ১৬ এপ্ৰিলৰ ভিতৰত #BharatPadheOnline ব্যৱহাৰ কৰি আৰু @HRDMinistry আৰু @DrRPNishank ক টেগ কৰি টুইটাৰযোগে আৰু bharatpadheonline.mhrd[at]gmail[dot]com লৈ মেইল যোগে ধাৰণা প্ৰেৰণ কৰিব পাৰিব।

অধিক বিৱৰণৰ বাবেঃ

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ইপিএফঅ’য়ে ১০ দিনৰ ভিতৰতে নিষ্পত্তি কৰিলে ১.৩৭ লাখ ইপিএফৰ ধন উলিওৱা দাবী

শ্ৰম আৰু নিয়োজন মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ইপিএফঅ’য়ে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ উপভোক্তাসকলৰ সাহায্যাৰ্থে ২৭৯.৬৫ কোটি টকাৰ ১.৩৭ লাখ দাবী নিষ্পত্তি কৰিছে৷

অধিক বিৱৰণৰ বাবেঃ

১৫.০৬.২০২০ তাৰিখলৈ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব জালিয়ানাৱালাবাগৰ স্মৃতি সৌধ

ভিড-১৯ সংকটৰ বাবে স্তব্ধ হৈ আছে পুনৰ নিৰ্মাণৰ কাম৷

অধিক বিৱৰণৰ বাবেঃ

ভিড-১৯ মহামাৰীক প্ৰতিৰোধ কৰিবলৈ পিএম কেয়াৰ্ছ পুঁজিলৈ ২৮.৮০ কোটি টকা দান কৰিলে ইন্সটিটিউট অব্ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব্ ইণ্ডিয়া, ইন্সটিটিউট অব্ কোম্পানী ছেক্ৰেটেৰীজ অব্ ইণ্ডিয়া আৰু ইন্সটিটিউট অব্ ষ্ট একাউণ্টেণ্টছ অব্ ইণ্ডিয়াই

ইন্সটিটিউট অব্ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব্ ইণ্ডিয়া, ইন্সটিটিউট অব্ কোম্পানী ছেক্ৰেটেৰীজ অব্ ইণ্ডিয়া আৰু ইন্সটিটিউট অব্ ষ্ট একাউণ্টেণ্টছ অব্ ইণ্ডিয়াই ভিড-১৯ক প্ৰতিৰোধ কৰিবলৈ পিএম কেয়াৰ্ছ পুঁজিলৈ ২৮.৮০ কোটি টকা বৰঙণি হিচাপে আগবঢ়ায়৷

অধিক বিৱৰণৰ বাবেঃ

চিপেট প্ৰতিষ্ঠান/কেন্দ্ৰৰ পৰা স্থানীয় কৰ্তৃপক্ষ/চৰকাৰলৈ ভিড-১৯ সাহাৰ্যৰ বাবে ৮৬. লাখ টকাৰ বৰঙণি

ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনৰ চেন্ট্ৰেল ইনষ্টিটিউট অৱ প্লাষ্টিক ইঞ্জিনিয়াৰিং এণ্ড টেক্নলজি (চিপেট)য়ে বিভিন্ন স্থানীয় সংস্থা, পৌৰ নিগম আৰু ৰাজ্য চৰকাৰৰ হাতত ভিড-১৯ মহামাৰীৰ সময়ত আৰ্তজনক সাহাৰ্য প্ৰদানৰ বাবে ৮৬. লাখ টকাৰ বৰঙণি আগবঢ়ায় ইয়াৰ উপৰিও পি এম কেয়াৰ্চ পুঁজিলৈ চিপেটৰ সকলো কৰ্মচাৰীয়ে এদিনৰ দৰমহাৰ ১৮.২৫ লাখ টকাৰ বৰঙণি আগবঢ়ায় 

অধিক বিৱৰণৰ বাবেঃ

ভিড-১৯ ৰে যুঁজিবলৈ দুৰ্গাপুৰৰ CSIR-CMERI দ্বাৰা ডিছইনফেকশ্যন ৱাক-ৱেআৰু ৰোড-ছেনিটাইজাৰ মুকলি

সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ভেল ৰনা ভাইৰাছ (ভিড-১৯) বিৰুদ্ধে যুঁজিবলৈ কাউন্সিল অৱ ছায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছ চমুকৈ CSIR S&T ছলিউশ্যনছেৰে আগবাঢ়ি আহিছে CSIR অন্যতম আগশাৰীৰ অভিযান্ত্ৰিক পৰীক্ষাগাৰ দুৰ্গাপুৰস্থিত CSIR-চেণ্ট্ৰেল মেকানিকেল ইঞ্জিনীয়াৰিং ৰিচাৰ্ছ ইনষ্টিটিউটে এই মহামাৰী ভাইৰাছক প্ৰত্যাহ্বান জনাব পৰা এক বিশেষ সামগ্ৰী আৰু প্ৰযুক্তি প্ৰস্তুত কৰি উলিয়াইছে৷

অধিক বিৱৰণৰ বাবেঃ

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ ৪জন ব্ৰিটিছ নাগৰিক আজি আৰোগ্য হৈছে; কোনো বিদেশী বৰ্তমানে চিকিৎসাধীন হৈ থকা নাই৷ কাছাৰগড়ত আজি ১৫জন লোকক মুকলি কৰি দিয়া হৈছে৷ কালি ১২টা নতুন পৰিঘটনা আৰু ১৩টা আৰোগ্যৰ ঘটনা প্ৰতিবেদিত হৈছে৷ মুঠ ২৫৮ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷
  • তামিলনাডুঃ চিকিৎসা বিশেষজ্ঞসকলে ২টা সপ্তাহৰ বাবে লকডাউন সম্প্ৰসাৰিত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ পুডুচেৰীত ২টা ধনাত্মক পৰিঘটনা প্ৰতিবেদিত হৈছে৷ চিকিৎসাধীনৰ সংখ্যা ৭৷
  • কৰ্ণাটকঃ আজি ১০টা নতুন পৰিঘটনা; মহীশূৰত ৫টা, বেংগালোৰ মহানগৰীত ২টা, বেংগালোৰ গ্ৰামীণত ২টা আৰু কালবুৰ্গিত ১টা পৰিঘটনা প্ৰতিবেদিত হৈছে৷ মুট নিশ্চিত পৰিঘটনা ২০৭টা৷ এই পৰ্যন্ত ৬জনৰ মৃত্যু আৰু ৩০জনক মুকলি কৰি দিয়া হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধত সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে টাটা ন্যাসৰ অধ্যক্ষ ৰতন টাটাই৷ কুৰ্ণুলত ক’ভিড-১৯ নিৰ্ণায়ক গৱেষণাগাৰ স্থাপনৰ বাবে আইচিএমআৰলৈ প্ৰস্তাৱনা প্ৰেৰণ কৰিছে ৰাজ্যই৷ আজি অনন্তপুৰত ২টা পৰিঘটনা প্ৰতিবেদিত হৈছে৷ এই পৰ্যন্ত মুঠ ধনাত্মক পৰিঘটনা ৩৬৫টা, আৰোগ্য হৈছে ১০জন৷
  • তেলেংগানাঃ বেমুলাৱাড়াত এটা পৰিঘটনা প্ৰতিবেদিত হৈছে; আজি পৰ্যন্ত মুঠ প্ৰতিবেদিত পৰিঘটনা ৪৭২টা৷ ঘৰৰ পৰা বাহিৰ ওলালে জনসাধাৰণক মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে ৰাজ্যই৷
  • গুজৰাটঃ বিগত ১২ ঘণ্টাত ৪৬টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে, মুঠ পৰিঘটনা ৩০৮৷ আহমেদাবাদত ১১, ভডোদৰাত ১৭, পাটানত ২, ৰাজকোটত ৫, কচ্চত ২, ভাৰুচত ৪, গান্ধীনগৰত ১, ভাৱনগৰত ৪টা – মুঠ ৪৬টা নতুন পৰিঘটনা৷ 
  • ৰাজস্থানঃ ২৬টা নতুন পৰিঘটনাৰে মুঠ সংখ্যা ৪৮৯টা৷
  • মধ্য প্ৰদেশঃ ১৫খন জিলাত মুঠ ৪৬টা ক’ৰনা হটস্পট হিচাপে চিনাক্ত কৰিছে ৰাজ্য চৰকাৰে৷ এই জিলাকেইখনত মুঠ ৭৫টা ক’ৰনা ধনাত্মক ৰোগী পোৱা গৈছে৷
  • মহাৰাষ্ট্ৰঃ লকডাউন নিৰ্দেশ উলংঘা কৰাৰ বাবে ডিএইচএফএল গ্ৰুপৰ কপিল ৱাধাৱান আৰু ২২টা অন্যান্য পৰিয়ালৰ সদ্যসৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়ন কৰা হৈছে৷ আজিৰ তাৰিখলৈ পুণেৰ নেচনেল ইন্সটিটিউট অব্ ভাইৰ’ল’জীত ১৬টা এণ্টিব’ডীভিত্তিক দ্ৰুত পৰীক্ষণ বৈধতাকৰণ কৰা হৈছে আৰু ইয়াৰে ৮টা ফলাফল সন্তোষজনক পোৱা গৈছে৷ 
  • অৰুণাচল প্ৰদেশঃ অৰুণাচল কেবিনেটে এবছৰৰ বাবে ১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ নীতি নিৰ্ধাৰকসকলৰ দৰমহা ৩০% হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই পুঁজি ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধত ব্যৱহাৰ হ’ব৷
  • অসমঃ অসমৰ ডিজিপিয়ে চলিত মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰঙালী বিহুৰ সময়ত পতাকা উত্তোলনৰ বাবে সৰ্বাধিক ৫জন লোককহে সমবেত হ’ব দিবলৈ বিহু কমিটীসকলক আহ্বান জনাইছে৷
  • মণিপুৰঃ চীনৰ পৰা ম্যানমাৰ হৈ মণিপুৰলৈ যাত্ৰা কৰা চুৰাচন্দপুৰৰ ছোৱালীগৰাকীক লকডাউনৰ সময়ত অবৈধভাৱে প্ৰবেশ কৰাৰ বাবে আটক কৰা হৈছে৷
  • মিজোৰামঃ মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী সাহায্য নিধিৰ পৰা ১১খন জিলালৈ ২.৩৩ কোটি টকা মুকলি কৰি দিছে, আইজলে পাইছে ৬২ লাখ টকা৷
  • মেঘালয়ঃ অনুমোদন নোহোৱাকৈ কোনো গৱেষণাগাৰে ক’ভিড-১৯ৰ নমুনা সংগ্ৰহ কৰিব নোৱাৰিব বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷
  • নাগালেণ্ডঃ জনসাধাৰণলৈ নাগালেণ্ড চৰকাৰৰ নিৰ্দেশনা জাৰি, বিমান সেৱা পুনৰ আৰম্ভ হোৱা মাত্ৰকে ৰাজ্যখনলৈ যাত্ৰা কৰিব বিচৰাসকলে বাতিল কৰক ভ্ৰমণ পৰিকল্পনা, তেনেদৰে অহাসকলক কৰা হ’ব কোৱাৰেণ্টাইন।
  • ছিক্কিমঃ চৰকাৰৰ সৈতে পঞ্জীকৃত  ভৱন আৰু নিৰ্মাণ কৰ্মীসকলৰ প্ৰত্যেকৰে একাউণ্টলৈ ছিক্কিম শ্ৰম বিভাগে ২০০০ টকাকৈ প্ৰদান কৰিব৷
  • ত্ৰিপুৰাঃ শিক্ষাৰ্থীসকলে ঘৰত বহি লাভ কৰিছে পাঠদান৷ বিভিন্ন সংবাদ মাধ্যমক সামৰি লোৱা হ’ব, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে এইদৰে কয়৷ 

 

ক’ভিড-১৯ৰ ফেক্ট চেক



(Release ID: 1613156) Visitor Counter : 204