ৰেল মন্ত্ৰালয়

২৩ মাৰ্চৰ পৰা ৰে’লৰ জৰিয়তে ৪.৫০ লাখ ৱাগন খাদ্য-সমাগ্ৰী, নিমখ, চেনি, উপভোগ্য তেল, কয়লা আৰু পেট্ৰ’লিয়মজাত সামগ্ৰীকে ধৰি প্ৰায় ৬.৭৫ লাখ ৱাগন সামগ্ৰী পৰিবহণ কৰা হৈছে

বিগত সপ্তাহত ১.৫৫লাখ ৱাগন অত্যাৱশ্যকীয় সামগ্ৰীসহ ২.৫লাখতকৈ অধিক ৱাগন সামগ্ৰী বোজাই কৰা হৈছে

লকডাউনৰ সময়ত দেশৰ সকলো প্ৰান্তত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰি আহিছে ভাৰতীয় ৰে’লেৱেই; কৃষি, ৰাসায়নিক আৰু সাৰ, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ দৰে বিভিন্ন বিভাগৰ সৈতে সহযোগিতাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ততা সুনিশ্চিত কৰিছে

Posted On: 10 APR 2020 4:56PM by PIB Guwahati

ক’ভিড-১৯ৰ বাবে দেশত পৰা বিৰূপ প্ৰভাৱৰ লগতে দেখা দিয়া প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৱলীক শক্তিশালী কৰাৰ লক্ষ্যৰে দেশজোৰা লকডাউনৰ সময়ত সামগ্ৰী পৰিবাহী সেৱাৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত ৰাখিছে ভাৰতীয় ৰে’লৱেই৷ কেন্দ্ৰীয় চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী যোগান শৃংখলা সুনিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে কোনো সমস্যা নোহোৱাকৈ এখন ৰাজ্যৰ পৰা ইখন ৰাজ্যলৈ কৃষিজাত সামগ্ৰী পৰিবহণ কৰাৰ ব্যৱস্থা কৰিছে৷

২০২০ৰ ২৩ মাৰ্চৰ পৰা ৰে’লৰ জৰিয়তে ৪.৫০ লাখ ৱাগন খাদ্য-সমাগ্ৰী, নিমখ, চেনি, উপভোগ্য তেল, কয়লা আৰু পেট্ৰ’লিয়মজাত সামগ্ৰীকে ধৰি প্ৰায় ৬.৭৫ লাখ ৱাগন সামগ্ৰী পৰিবহণ কৰা হৈছে৷ চলিত সপ্তাহৰ ২ৰ পৰা৮ এপ্ৰিললৈ ৰে’লৱেই সৰবৰাহ কৰা ২,৫৮,৫০৩ ৱাগন সামগ্ৰীৰ ভিতৰত ১,৫৫,৫১২ ৱাগনেই অত্যাৱশ্যকীয় সামগ্ৰী৷ ইয়াৰে ভিতৰত ২১,২৪৭ ৱাগন খাদ্য সামগ্ৰী, ১১,৩৩৬ৱাগন সাৰ, ১,২৪,৭৫৯ৱাগন কয়লা আৰু ৭,৬৬৬ৱাগন পেট্ৰ’লিয়ামজাত সামগ্ৰী৷

উল্লেখ্য যে কৃষিকাৰ্যত অধিক ক্ষতি নোহোৱাকৈ ২১দিনীয়া লকডাউনৰ নিষেধাজ্ঞাৰ কেন্দ্ৰীয় চৰকাৰে কৃষি আৰু আনুষংগিক ক্ষেত্ৰত কেতবোৰ ৰেহাই ঘোষণা কৰিছে৷ ইফালে, ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ সাৰ বিভাগে আগন্তুক খাৰিফ শস্যৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি সাৰৰ যথোপযুক্ত যোগান সুনিশ্চিত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে৷ বিভাগটোৱে সাৰৰ উপাদন, সৰবৰাহ আৰু পৰ্যাপ্ততাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু মন্ত্ৰালয়ৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আহিছে৷ ক’ভিড-১৯ৰ লকডাউনৰ মাজতে ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশত ৰে’ল মন্ত্ৰালয়ে ভাৰতীয় খাদ্য নিগমৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি ৮০০ৰেকত ২০লাখ মেট্ৰিক টনতকৈও অধিক খাদ্য সামগ্ৰী সৰবৰাহ কৰিছে৷

ৰে’ল মন্ত্ৰালয়ে নষ্টযোগ্য উদ্যান শস্য, বীজ, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণৰ বাবে ১০৯খন ৰে’লৰ ব্যৱস্থা কৰে৷ গৃহ মন্ত্ৰালয়ে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত জাৰি কৰা নিৰ্দেশনাত অত্যাৱশ্যকীয় সামগ্ৰী যেনে-খাদ্য সামগ্ৰী, ঔষধ আৰু চিকিসা সামগ্ৰীৰ প্ৰস্তুতকৰণ, উপাদন আৰু পৰিবহণ তথা যোগানৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে৷

****

SG/MKV/DB



(Release ID: 1613109) Visitor Counter : 135