গৃহ মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ লকডাউন ব্যৱস্থা কঠোৰভাৱে মানি চলাটো সুনিশ্চিত কৰা আৰু কোনো ধৰণৰ সামাজিক/ধৰ্মীয় সভা/সমদল উলিওৱাৰ অনুমতি নিদিবলৈ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিৰ্দেশ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ

Posted On: 10 APR 2020 3:58PM by PIB Guwahati

এপ্ৰিল মাহত বিভিন্ন উসৱ থকাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ লকডাউন ব্যৱস্থা কঠোৰভাৱে মানি চলাটো সুনিশ্চিত কৰা আৰু কোনো ধৰণৰ সামাজিক/ধৰ্মীয় সভা/সমদল উলিওৱাৰ অনুমতি নিদিবলৈ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিৰ্দেশ জাৰি কৰিছে৷ 

এই উপলক্ষে লকডাউনৰ সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাৰ সকলো নিষেধাজ্ঞা মানি চলাৰ বাবে জিলা কৰ্তৃপক্ষ আৰু ক্ষেত্ৰ পৰ্যায়ৰ সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ লগতে এই সময়ছোৱাত আইন-শৃংখলাজনিত পৰিস্থিতি, শান্তি-সম্প্ৰীতি বজাই ৰখাকৈ তেওঁলোকে সকলো সাৱধানতা তথা প্ৰতিৰোধমুলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ ছ’চিয়েল মিডিয়াত কোনোধৰণৰ আপত্তিজনক বিষয় প্ৰচাৰ কৰিলে, সেই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷

নিৰ্দেশনাটোত লগতে চৰকাৰী কৰ্তৃপক্ষ, সামাজিক/ধৰ্মীয় সংস্থা আৰু নাগৰিকসকলৰ মাজত সংশ্লিষ্ট নিৰ্দেশনাসমূহো ব্যাপকভাৱে প্ৰচাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷ লকডাউন অমান্য কৰাসকলৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২৪ মাৰ্চত ভাৰত চৰকাৰৰ সকলো মন্ত্ৰালয় বিভাগ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্তৃপক্ষলৈ লকডাউনৰ নিৰ্দেশনা প্ৰেৰণ কৰিছিল৷ এই নিৰ্দেশনা ২৫, ২৭ মাৰ্চ, ২ আৰু ৩এপ্ৰিলত কেতবোৰ সংশোধন কৰা হয়৷ এই নিৰ্দেশনাৰ ৯ আৰু ১০নং ধাৰামতে কোনো ধৰণৰ সামাজিক/ধৰ্মীয় সভা/সমদল উলিওৱাৰ অনুমতি দিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে৷

 

*****

VG/SNC/VM/DB



(Release ID: 1612994) Visitor Counter : 188