বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

উদ্যোগ আৰু বাণিজ্য সন্থাৰে মিলিত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী; তেওঁলোকৰ সমস্যা সমাধানৰ বাবে মন্ত্ৰালয়ে কাম কৰি থকাৰ আশ্বাস

Posted On: 09 APR 2020 6:02PM by PIB Guwahati

ক’ভিড-১৯ আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত চলি থকা লকডাউনৰ বাবে দেশৰ উদ্যোগ আৰু বাণিজ্য দিশটোৱে সমূখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ দেশৰ উদ্যোগ আৰু বাণিজ্য সংস্থাসমূহৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এক বৈঠকৰ আয়োজন কৰে। এই বৈঠকত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ তথা ৰে’ল মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, সংশ্লিষ্ট বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ঔঁম প্ৰকাশ আৰু দপ্তৰৰ ভালেমান শীৰ্ষ বিষয়াও উপস্থিত থাকে।

লকডাউনৰ পিছৰে পৰা বিগত কিছুদিনত সামগ্ৰিক পৰিস্থিতি উন্নত হোৱাৰ বাবে তথা তেতিয়াৰে পৰা কিছু এনেধৰণৰ বৈঠকৰ আয়োজন হোৱা বাবে বৈঠকত অশগ্ৰহণ কৰা সংস্থাসমূহে সন্তুষ্টি প্ৰকাশ কৰে। অংশগ্ৰহণকাৰী সংস্থাসমূহৰ প্ৰতিনিধিসকলে শ্ৰমিকৰ অভাৱ, অৰ্ডাৰ বাতিল, নগদ ধনলৈ ৰূপান্তৰ কৰিব নোৱাৰা অৱস্থা, বহু ট্ৰাক আবদ্ধ হৈ থকা, স্পেয়াৰ পাৰ্টছ পাবলৈ অসুবিধা আদিৰ দৰে ভালেমান সমস্যাৰ কথা উত্থাপন কৰে। বিগত দুটা সপ্তাহত পৰিস্থিতি যথেষ্ট যোগাত্মক হৈ অহা বুলিও উল্লেখ কৰে। যাৰ ফলত তথ্য প্ৰযুক্তি উদ্যোগটোৱে ৯৫ শতাংশ পৰ্যন্ত পূৰ্বৰ অৱস্থালৈ আহিবলৈ সক্ষম হৈছে। তেওঁলোকে লগতে এনে এক পৰিস্থিতিত সমাজ সেৱাৰ বাবে তেওঁলোকৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ পুঁজি ব্যৱহাৰেৰে যথেষ্ট কাম কৰাৰ কথাও উল্লেখ কৰে এই বৈঠকত।

এই সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে কয় যে সৰ্বপ্ৰথমে অৰ্থনীতি আৰু জীৱিকা ৰক্ষা কৰাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিব। লকডাউন সন্দৰ্ভত যাৱতীয় সিদ্ধান্ত সঠিক সময়তে গ্ৰহণ কৰা হ’ব। উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে লগতে কিছুসংখ্যক ৰাজ্যই এই লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা বুলিও অৱগত কৰে। তেওঁ কয়, “মই ভাবো আমি ভবা কথাবোৰৰ তালিকা প্ৰস্তুত কৰি থকাতকৈ ব্যৱহাৰিক বা বাস্তৱসন্তম দিশবোৰৰ কথা পাতিবলৈ আৰম্ভ কৰিব লাগে।”

শ্ৰী গেৱেলে কয় যে মন্ত্ৰালয়ে ইতিমধ্যেই আমদানি-ৰপ্তানি সম্বন্ধীয় বিভিন্ন সমস্যা আঁতৰ কৰিবৰ বাবে কাম কৰি আছে। লগতে ব্যৱসায়ীসকলৰ অন্যান্য বিভিন্ন সমস্যা আন আন বিভাগেও চোৱাচিতা কৰি আছে। মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে ঘৰলৈ উভতি যোৱা বা আবদ্ধ হৈ পৰা শ্ৰমিকসকল এই ক’ভিড-১৯ ৰ ঘটনা হ্ৰাস পোৱাৰ লগে লগে কামলৈ উভতিব। উদ্যোগৰ বাবে সাহায্য পেকেজ ঘোষণাৰ দাবী সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যেই এই সন্দৰ্ভত মতামত লাভ কৰা হৈছে আৰু সেইবোৰ বিত্ত মন্ত্ৰালয়লৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে। সন্থাবোৰৰ সদস্যসকলে মানৱীয় দৃষ্টিভঙ্গীৰে বিভিন্ন পদক্ষেপ হাতত লোৱাত সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰী গোৱেলে। ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰোগ্য সেঁতু এপ্প ডাউনলোড তথা ইনষ্টল কৰাৰ বাবেও সকলোকে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

এই বৈঠকত চিআইআই, ফিকি, এছোচেম, আইচিচি, লঘূ উদ্যোগ ভাৰতী, ফিছমে’, নাছকম, পিএইচডি চেম্বাৰ্ছ অৱ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰী, ছিয়াম, এচিএমএ, আইএমটিএমএ, আইইইএমএ, চিএআইটি আৰু এফএএমইৰ প্ৰতিনিধিসকলো উপস্থিত আছিল।

*******

YB/AP/RD



(Release ID: 1612957) Visitor Counter : 151