বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ডিএছটিৰ সাহায্যপ্ৰাপ্ত ষ্টাৰ্টআপে প্ৰস্তুত কৰিব প্ৰাকৃতিক, এলকহলমুক্ত ছেনিটাইজাৰ

“বায়’-ছাৰ্ফেক্টেণ্টভিত্তিক এই বীজানুনাশক সামগ্ৰী বীজানুবিযোজ্য, পৰিৱেশ অনুকুল আৰু চালৰ বাবে উপযোগী” বুলি ক’লে ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই

Posted On: 10 APR 2020 12:00PM by PIB Guwahati

খাদ্য, কৃষি আৰু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰা মহাৰাষ্ট্ৰৰ পুনেস্থিত গ্ৰীন পিৰামিড বায়’টেক(জিবিপি)ক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে (ডিএছটি) হাত আৰু অন্যান্য সামগ্ৰীৰ পৃষ্ঠভাগত দীৰ্ঘসময়ৰ বাবে বৰ্তি থকা বীজানুনাশক তথা ভাইৰেলপ্ৰতিৰোধী প্ৰাকৃতিক আৰু এলকহলমুক্ত ছেনিটাইজাৰ প্ৰস্তুত কৰাৰ বাবে বিনিয়োগ কৰিছে৷

ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ বাবে ই অতি ফলপ্ৰসূ হৈ উঠিব৷ ৰোগ সংক্ৰমণত বাধা দিয়াত হাত ধোৱাটোত গুৰুত্ব দিলেও স্বাভাৱিকভাৱে ব্যৱহাৰ কৰা টেবুল, কম্পিউটাৰ, চকী, ম’বাইল ফোন আৰু তলাৰ জৰিয়তেও সংক্ৰমণ হোৱাৰ আশংকা থাকে৷ ইফালে, চাবোন বা এলকহল ব্যৱহাৰে ভাইৰাছৰ মৃত্যু ঘটাই যদিও চাবোন আৰু পানীৰ পৰ্যাপ্ততাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাই দেখা দিয়ে৷

 

গ্ৰীণ পিৰামিড বায়’টেকৰ সক্ৰিয় ঔষধজাতীয় উপাদানেৰে সমৃদ্ধ ছেনিটাইজাৰে দীৰ্ঘ সময় ধৰি বেক্টেৰিয়া আৰু ভাইৰাছৰ পৰা সুৰক্ষা দিয়াৰ লগতে চালৰ ক্ষতিৰ আশংকাও উল্লেখযোগ্যভাৱে হ্ৰাস কৰে৷ এই ছেনিটাইজাৰ ইতিমধ্যে ৰোগসৃষ্টিকাৰী বেক্টেৰিয়া, ভেঁকুৰ আৰু ফেনৰ দৰে হোৱা ভেঁকুৰৰ বিৰুদ্ধে পৰীক্ষা কৰা হৈছে৷ এই ছেনিটাইজাৰ হাত পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধাজনক তথা ফলপ্ৰসূ হোৱাৰ লগতে ই সম্পূৰ্ণৰূপে বীজানুবিযোজ্য, প্ৰাকৃতিক আৰু এলকহলমুক্ত৷ তদুপৰি, পৰিৱেশ অনুকুল আৰু চালৰ বাবেও উপযোগী৷ এই ছেনিটাইজাৰ কটা-চিঙাৰ দৰে ঘাঁ পৰিস্কৰণ আৰু চালৰ শুষ্কতা তথা খজুৱতি প্ৰতিৰোধ কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি৷

এই সন্দৰ্ভত ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয়, চাবোন আৰু পানী, এলকহলযুক্ত পদাৰ্থৰে হাত ধোৱা বা চালৰ বীজানুমু্ক্তকৰণত অতি শক্তিশালী হ’লেও ইয়াৰ পৰ্যাপ্ততা আৰু পৰিৱেশজনিত সমস্যা বিদ্যমান৷ এনে পৰিপ্ৰেক্ষিতত বায়’-ছাৰ্ফেক্টেণ্টভিত্তিক এই বীজানুনাশক সামগ্ৰী বীজানুবিযোজ্য, পৰিৱেশ অনুকুল আৰু চালৰ বাবে উপযোগী৷

 

গ্ৰীন পিৰামিড বায়’টেৰ হৈছে চিএছআইআৰ-নেচনেল কেমিকেল লেব’ৰেটৰীৰ অন্তৰ্গত এক আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান৷ ডিএছটিৰ প্ৰযুক্তিবিদ্যা বিকাশ পৰিষদ(টিডিবি)ৰ দ্বাৰা বিনিয়োগ কৰা এই প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সঞ্চালক হৈছে অধ্যাপক ড অশ্মিতা প্ৰভুনে৷

 

(সবিশেষ জানিবলৈ ড০ অশ্মিতা প্ৰভুনে(প্ৰতিষ্ঠাপক সঞ্চালক) গ্ৰীণ পিৰামিড বায়’টেক প্ৰাইভেট লিমিটেড, এনচিএলৰ সৈতে asmita.prabhune[at]gmail[dot]com মোবাইল নম্বৰঃ ৯৮২২২৪৪১৪৯ত যোগাযোগ কৰিব পাৰে৷

*****

KGS/(DST)



(Release ID: 1612925) Visitor Counter : 142