ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

ক’ভিড-১৯ৰ সৈতে জড়িত চিকিসা সামগ্ৰী উৎপাদনত নিয়োজিত এমএছএমইক অগ্ৰাধিকাৰভিত্তিত সুবিধা প্ৰদান কৰা উচিত-নীতিন গাডকাৰী

Posted On: 09 APR 2020 9:07PM by PIB Guwahati

কেন্দ্ৰীয় ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগ(এমএছএমই)মন্ত্ৰী নীতিন গাডৰাকীয়ে ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বিভাগসমূহে চলোৱা প্ৰস্তুতিৰ সন্দৰ্ভত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত মিলিত হয়৷ এই উপলক্ষে ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপ চন্দ্ৰ সাৰাংগী, সচিব ড০ অৰুণ কুমাৰ পাণ্ডা, কেভিআইচিৰ অধ্যক্ষ ভি. কে. ছাক্সেনা, এছএছএণ্ডডিচিৰ ৰাম মোহন মিশ্ৰৰ লগতে মন্ত্ৰালয়ৰ অন্যান্য বিষয়াবৰ্গ আৰু দেশৰ বিভিন্ন ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে সংযোগ স্থাপন কৰে৷ আঢ়ৈ ঘণ্টাতকৈও অধিক সময়ৰ এই গঠনমুলক আলোচনাত মন্ত্ৰীগৰাকীয়ে মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ সন্দৰ্ভত বুজ লয়৷ বিত্ত মন্ত্ৰালয় আৰু আৰবিআয়ে ঘোষণা কৰা বিভিন্ন উপায়ৰ লগতে এমএছএমই খণ্ডত ক’ভিড-১৯ৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোচনা কৰা হয়৷

 

মন্ত্ৰীগৰাকীয়ে কয় দেশে দুখন যুদ্ধৰ সৈতে যুঁজ দিয়াৰ প্ৰয়োজন, এখন হৈছে ক’ভিজ-১৯ আৰু আনখন হৈছে অৰ্থনৈতিক যুঁজ৷ মন্ত্ৰালয়ৰ বিষয়া-কৰ্মচাৰীসকলে গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰি গাডকাৰীয়ে বীজানুমুক্তকৰণ, সামাজিক দুৰত্ব বজাই ৰখা আৰু পিপিই ইত্যাদি দিশবোৰ ভালদৰে মানি চলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে ক’ভিড-১৯ৰ বাবে বিগত এমাহত ভেণ্টিলেটৰ, পিপিই কিট, মাস্ক, আৰু ছেনিটাইজাৰৰ দৰে চিকিসা সামগ্ৰীৰ চাহিদা তাক্ষণিকভাৱে বৃদ্ধি পাইছে আৰু এমএছএমইয়ে এই সামগ্ৰীসমূহৰ অভাৱ পুৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ তেওঁ কয় যে এই কাম-কাজত নিয়োজিত এমএছএমইসমূহক অগ্ৰাধিকাৰভিত্তিত সা-সুবিধা প্ৰদান কৰা উচিত৷ তেওঁ কয় যে বিভিন্ন আঁচনিৰ অধীনত ২০১৯-২০২০বিত্তীয় বৰ্ষত মন্ত্ৰালয়ে আৱণ্টিত ধনৰ সৰ্বাধিক ব্যৱহাৰ কৰিব পাৰে৷ মন্ত্ৰীগৰাকীয়ে খাদী গ্ৰামোদ্যোগ(কেভিআইচি), ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগম(এনএছআইচি), কইৰ বোৰ্ড, প্ৰযুক্তি কেন্দ্ৰ(টিচি) আৰু উন্নয়নমুলক প্ৰতিষ্ঠানসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো পৰ্যালোচনা কৰে৷ 

 

মন্ত্ৰীগৰাকীয়ে লগতে মন্ত্ৰালয়ৰ সকলো সংস্থাই দেশজোৰা লকডাউনৰ মাজতে বিভিন্ন স্থানত খাদ্য সামগ্ৰী বিতৰণৰ কামত জড়িত হোৱাৰ সন্দৰ্ভতো সদৰি কৰে৷ কেভিআইচিয়ে শিল্পী কল্যান পুঁজি(এডব্লিউএফ)ন্যাসত পঞ্জীয়ভুক্ত শিল্পীসকলক প্ৰতিমাহে বেংক একাউণ্টযোগে ১,০০০কৈ দিয়াৰ সিদ্ধান্ত লৈছে৷ কয়ৰ বোৰ্ডে পিএম কেয়াৰ্ছ পুঁজিলৈ ৮ লাখ টকা আগবঢ়াইছে৷ এনএছআইচিয়ে এক নিৰ্দেশযোগে ০১-০৩-২০২০ৰ পৰা ৩০-০৬-২০২০লৈকে এমএছএমইয়ে দিৱলৈ বাকী থকা ধনৰ ৩ মাহৰ বাবে আৰু এমএছএমইৰ মাৰ্টৰ বাৰ্ষিক সদস্যভুক্তিৰ বৰঙণিৰ ৫০% ৰেহাই দিছে৷ এনএছআইচিয়ে পিএম কেয়াৰ্ছ পুঁজিলৈ চিএছআৰ পূঁজিৰ ১ কোটি টকাৰ লগতে সকলো কৰ্মচাৰীৰ এদিনৰ দৰমহাৰে অতিৰিক্ত ১৫ লাখ টকাও বৰঙণি হিচাপে আগবঢ়াইছে৷

এমএছএমই প্ৰযুক্তি কেন্দ্ৰসমূহে ছেনিটাইজাৰ, মাস্ক, গ্ৰাউন, ফেচ শ্বিল্ড আৰু চিকিসালয়ৰ আচবাব নিৰ্মাণকাৰ্যতো নিয়োজিত হৈছে৷ মন্ত্ৰীগৰাকীয়ে প্ৰযুক্তি কেন্দ্ৰসমূহক বিশেষজ্ঞ আৰু বিভিন্ন সংস্থাৰ সৈতে লগ লাগি ভেণ্টিলেটৰ আৰু ক’ৰোনা পৰীক্ষণ কিটৰ লগতে মানসম্পন্ চিকিসা সা-সঁজুলি নিৰ্মাণৰ আশা প্ৰকাশ কৰে৷ প্ৰযুক্তি কেন্দ্ৰসমূহ শ্ৰমিকৰ আশ্ৰয়স্থলী, হোষ্টেলত আৰক্ষী আৰু আইচ’লেছন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ সুবিধা দিয়াৰ বাবে বিভাগটোৰ শলাগ লয় মন্ত্ৰী গাডকাৰীয়ে৷ উল্লেখ্য যে অতি কম সংখ্যৰ স্থায়ী কৰ্মচাৰী থকা স্বত্ত্বেও প্ৰযুক্তি কেন্দ্ৰসমূহে তেওঁলোকৰ এদিনৰ দৰমহাৰে ২২লাখ টকা পিএম কেয়াৰ্ছ ফাণ্ডলৈ বৰঙণি আগবঢ়াইছে৷

 

******

RCJ/SKP/IA/DB



(Release ID: 1612851) Visitor Counter : 178