স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ শেহতীয়া স্থিতি আৰু প্ৰবন্ধন সম্পৰ্কীয় কাম-কাজৰ পৰ্যালোচনা ভাৰত চৰকাৰৰ
ক’ভিড-১৯ সম্পৰ্কীয় তথ্য-বিভ্ৰাতৰ পৰা আঁতৰি থকাৰ বাবে স্বাস্থ্য মন্ত্ৰালয় আৰু অন্যান্য বিশ্বাসযোগ্য ৱে’ব-ছাইটত প্ৰৱেশত গুৰুত্ব ড০ হৰ্ষ বৰ্দ্ধনৰ
प्रविष्टि तिथि:
09 APR 2020 5:54PM by PIB Guwahati
ক’ভিড-১৯ৰ শেহতীয়া স্থিতি আৰু প্ৰবন্ধন সম্পৰ্কীয় কাম-কাজৰ পৰ্যালোচনা কৰাৰ বাবে আজি নিৰ্মাণ ভৱনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনৰ অধ্যক্ষতাত বিভিন্ন মন্ত্ৰালয়ৰ মন্ত্ৰীগোটৰ এখন উচ্চ পৰ্যায়ৰ সভা অনুষ্ঠিত হৈ যায়। সভাত ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী এছ জয়শংকৰ, গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়, জাহাজ পৰিবহণ, ৰাসায়ণ আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী মনসুখ মাণ্ডাৱিয়া আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ লগতে ‘নিতি আয়োগ’ৰ সদস্য(স্বাস্থ্য) আৰু ‘প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান’ শ্ৰী বিপিন ৰাৱাটে অংশগ্ৰহণ কৰে।
আজিৰ সভাত উপস্থিতসকলে দেশত অব্যাহত থকা ক’ভিড-১৯ প্ৰতিৰোধী অভিযানৰ লগতে সামগ্ৰীকভাবে ইয়াৰ প্ৰবন্ধন সন্দৰ্ভত বিস্তৃত আলোচনা কৰে। এই পৰ্যন্ত লোৱা ব্যৱস্থাৱলীৰ সবিশেষ পৰ্যালোচনা কৰাৰ লগতে দুৰ্যোগৰ শেহতীয়া স্থিতি, সংক্ৰমণ প্ৰতিৰোধৰ কৌশল হিচাপে ‘সামাজিক ব্যৱধানবিধি’ৰ পাৰদৰ্শীতাৰ চৰ্চা কৰাৰ উপৰি ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা কাৰ্য-পন্থাৰো আলোচনা কৰে মন্ত্ৰীমণ্ডলীয়ে। ইতিমধ্যে দেশৰ সকলো জিলাকে ক’ভিড-১৯য়ে সৃষ্টি কৰিব পৰা সাম্ভাব্য পৰিস্থিতি চম্ভালি ল’ব পৰাকৈ পৰৱৰ্তি ৰণ-কৌশল যুগুতাই ৰাখিবলৈ সঁকীয়াই দিয়া হৈছে বুলিও সভাত তথ্য প্ৰকাশ কৰা হয়। সভাই চিকিত্সা সংক্ৰান্তীয় বিধি-ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ উপৰি ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা’ৰ ৰূপায়ণৰো খটিয়ান লয়। মন্ত্ৰী মণ্ডলীয়ে শেহতীয়া পৰিস্থিতি চম্ভালাৰ ক্ষেত্ৰত বিভিন্ন মন্ত্ৰালয় আৰু উচ্চ ক্ষমতা সম্পন্ন গোটসমূহে সম্পাদন কৰা কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰে।
সভাত ভাষণ দি স্বাস্থ্যমন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে সমগ্ৰ অভিযানটোত সন্মুখত থাকি দেশবাসীৰ জীৱন ৰক্ষাৰ ব্ৰতত ব্ৰতী হোৱা চিকিত্সক তথা স্বাস্থ্যসেৱাৰে জড়িত কৰ্মীসকলৰ উত্সৰ্গিত সেৱাক কৃতজ্ঞতাৰে শলাগ লয়। ভাষণ প্ৰসংগত তেওঁ ক’ভিড-১৯ সন্দৰ্ভত বহু সময়ত ভুৱা তথ্যৰ প্ৰচাৰ হোৱা বুলি উল্লেখ কৰি এনে বাতৰি পৰিহাৰ কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনোৱাৰ লগতে সত্য তথ্যৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ৰ ৱে’ব ছাইট www.mohfw.gov.in, ‘ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদ’ৰ ৱেব ছাইট www.icmr.nic.in, ‘পিআইবি’ৰ ৱে’ব ছাইট www.pib.gov.in অথবা ভাৰত চৰকাৰৰ অন্যান্য সূত্ৰসমূহৰ তথ্য সাৰোগত কৰা উচিত বুলি মন্তব্য কৰে। ইফালে ক’ভিড-১৯ সংক্ৰান্তীয় বিভিন্ন কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in ৱে’ব ছাইটৰ ব্যৱহাৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে।
ক’ভিড-১৯ সংক্ৰান্তীয় যাৱতীয় তথ্যৰ বাবে সংশ্লিষ্টসকলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ-: +91-11-23978046 বা 1075 (বিনামূলীয়া) ৰে যোগাযোগ কৰিব পাৰিব। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্প লাইনসমূহৰ নম্বৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত উপলব্ধ হ’ব।
*****
MV/KB
(रिलीज़ आईडी: 1612771)
आगंतुक पटल : 271
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Gujarati
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Tamil
,
Telugu
,
Kannada