প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উগাণ্ডাৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 09 APR 2020 6:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উগাণ্ডাৰ ৰাষ্ট্ৰপতি য়ুৱেৰি কাগুটা মুছেভিনিৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ বিষয়ে তথা ইয়াৰ পৰা উদ্ভৱ বিশ্বজনীন স্বাস্থ্য আৰু অৰ্থনৈতিক সংকটৰ বিষয়ে আলোচনা কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিগৰাকীক কয় যে এই সংকটৰ সময়ছোৱাত ভাৰতে আফ্ৰিকাক যথাসম্ভৱ সহযোগিতা কৰিব৷ উগাণ্ডাৰ প্ৰবাসী ভাৰতীয়সকললৈ আগবঢ়োৱা সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ প্ৰদান কৰে৷ দুয়োগৰাকী নেতাই বিশ্বই অতি শীঘ্ৰে ক’ভিড-১৯ৰ কবলৰ পৰা মুক্ত হ’ব পাৰিব বুলি আশা প্ৰকাশ কৰে৷

*****

VRRK/AK/MANN



(Release ID: 1612626) Visitor Counter : 165