প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সহযোগিতা আগতকৈও শক্তিশালী হৈছে বুলি ক’লে প্ৰধানমন্ত্ৰীয়ে

Posted On: 09 APR 2020 10:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে ভাৰত-মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সহযোগিতা আগতকৈও শক্তিশালী হৈছে৷

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ বাবে হাইড্ৰক্সিক্ল’ৰকুইনৰ যোগান ধৰাৰ বাবে ভাৰতৰ সিদ্ধান্তৰ প্ৰতি কৃতজ্ঞতা জনাই মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ টুইটৰ প্ৰত্যুত্তৰত শ্ৰী মোদীয়ে এইদৰে কয়৷

মাৰ্কিন ৰাষ্ট্ৰপতিৰ প্ৰতি সহানুভুতি জনাই প্ৰধানমন্ত্ৰীয়ে কয়, এনেসময়বোৰে আমাৰ বন্ধুত্বক অধিক গাঢ় কৰি তোলে৷ ভাৰত-মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সহযোগিতা আগতকৈও শক্তিশালী হৈছে৷ ভাৰতে মানৱতাৰ সহায়ৰ বাবে সকলোধৰণৰ প্ৰচেষ্টা হাতত ল’ব৷

***************

VRRK/SH/DB



(Release ID: 1612442) Visitor Counter : 189