কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়

পঞ্জীকৃত ইমেইলৰ জৰিয়তে ই-ভোটিং/ভোটিং ব্যৱস্থাৰ সৰলীকৰণ তথা ভিডিঅ’ কনফাৰেন্স অথবা অ’এভিএমযোগে ব্যক্তিক্ৰমী সাধাৰণ সভা(ইজিএম) অনুষ্ঠিত কৰিবলৈ কোম্পানীসমূহক অনুমতি দিলে কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ে

Posted On: 08 APR 2020 7:58PM by PIB Guwahati

ক’ভিড-১৯ৰ বাবে দেশজোৰা লকডাউন আৰু সামাজিক দুৰত্ব বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ পৰিপ্ৰেক্ষিতত কোম্পানীসমূহে সন্মুখীন হোৱা সমস্যৱলী সম্পৰ্কে সম্পূৰ্ণ জ্ঞাত কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়(এমচিএ)৷ মন্ত্ৰালয়ে লগতে এই মহামাৰীৰ বাবে সন্মুখীন হোৱা বাধা আৰু স্থানচ্যুতিৰ বাবে কোম্পানীসমূহে গ্ৰহণ কৰা জৰুৰী পদক্ষেপ সন্দৰ্ভত উদ্যোগ সংস্থা আৰু কৰ্প’ৰেটসমূহৰ প্ৰতিনিধিসকলৰ পৰা সবিশেষ তথ্য সংগ্ৰহ কৰিছে৷

 

পৰিস্থিতি বুজ লোৱাৰ বাবে এমচিএই ১৯.০৩.২০২০ত এক অধিসুচনাৰ জৰিয়তে সঞ্চালকসকলৰ উপস্থিতিত বোৰ্ড সঞ্চালকক ২০২০ৰ ৩০জুনলৈকে ভিডিঅ’ কনফাৰেন্সিং অথবা অন্যান্য দৃশ্য শ্ৰাব্য উপায়ে(অ’এভিএম)ৰে সকলো বৈঠক অনুষ্ঠিত কৰিবলৈ অনুমতি দিছিল৷

 

ইফালে, ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ সময়ত চৰকাৰী নিৰ্দেশনা তথা অন্যান্য নিষেধাজ্ঞাৰ মানি মন্ত্ৰালয়ে আজি এন চাৰ্কোলাৰ জাৰি কৰি কোম্পানীসমূহক কোনো অংশীদাৰক সোঁশৰীৰে ৰাজহুৱা স্থানত সমবেত নোহোৱাকৈ পঞ্জীকৃত ইমেইলৰ জৰিয়তে ই-ভোটিং/ভোটিং ব্যৱস্থা সৰলীকৰণ তথা ভিডিঅ’ কনফাৰেন্স অথবা অ’এভিএমযোগে ব্যক্তিক্ৰমী সাধাৰণ সভা(ইজিএম) অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়ে৷ কোম্পানী, আইন, ২০১৩ অনুসৰি কোনো সাধাৰণ সভাত কোনো লোক সোঁশৰীৰে উপস্থিত থাকিব লগা নহ’লে পোষ্টেল বেলট/ই-ভোটিঙৰ বিশেষ ব্যৱস্থা কৰা আছে৷ কিন্তু ক’ভিড-১৯ৰ ফলত দেশজোৰা লকডাউন আৰু সামাজিক দুৰত্ব বজাই ৰখাৰ পৰিপ্ৰেক্ষিতত কোম্পানীসমূহে পোষ্টেল বেলট ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ অপাৰগ৷

 

এমচিএই জাৰি কৰা সাধাৰণ চাৰ্কোলাৰ নং-১৪/২০২০ দিনাংক ০৮.০৪.২০২০ মতে ১,০০০ বা ততোধিক অংশীদাৰ থকা তালিকাভুক্ত কোম্পানীয়ে প্ৰয়োজন অনুসৰি কোম্পানী আইন, ২০১৩ৰ অধীনত ই-ভোটিং ব্যৱস্থাৰ অনুমোদন লাভ কৰিছে, সেই কোম্পানীসমূহে ভিচি/অ’এভিএম আৰু ই-ভোটিং ব্যৱস্থাৰে ব্যতিক্ৰমী সাধাৰণ সভা অনুষ্ঠিত কৰিব পাৰিব৷ অন্যান্য কোম্পানীসমূহৰ ক্ষেত্ৰত কেৱল পঞ্জীকৃত ইমেইলৰ জৰিয়তে সৰলীকৃত ভোটিং  ব্যৱস্থা মানি চলিবলৈ কোৱা হৈছে৷

ভিচি/অ’এভিএম ব্যৱস্থাৰে অনুষ্ঠিত কৰিবলগীয়া সভাত অংশগ্ৰহণৰ বাবে প্ৰতিনিধিসকলক আগতীয়াকৈ প্ৰক্সিসমূহ প্ৰেৰণ কৰিব লাগিব৷ এই ভিচি/অ’এভিএম ব্যৱস্থাৰে অনুষ্ঠিত হ’বলগীয়া ইজিএমৰ ক্ষেত্ৰত কোম্পানীসমূহে অন্যান্য প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত আইনৰ সৈতে কোনো আপোচ কৰিব নোৱাৰিব৷ উল্লেখ্য যে সকলো কোম্পানীয়ে এই ব্যৱস্থা ব্যৱহাৰ কৰাৰ সময়ত ইয়াৰ এক প্ৰতিলিপি সুৰক্ষিত ভাৱে ৰাখিব লাগিব৷ ৰাজহুৱা কোম্পানীসমূহেও তেওঁলোকৰ ৱেবছাইটত স্বচ্ছ ব্যৱস্থা বৰ্তাই ৰখাকৈ এক প্ৰতিলিপি ৰাখিব লাগিব৷ তদুপৰি, এই ব্যৱস্থাৰে গৃহীত সকলো প্ৰস্তাৱ ৬০ দিনৰ ভিতৰত কোম্পানীৰ পঞ্জীয়কৰ হাতত জমা দিব লাগিব, যাতে এই প্ৰস্তাৱসমূহ ৰাজহুৱাকৈ দেখুৱাব পৰা যায়৷ চাৰ্কোলাৰখনত স্বচ্ছ, জবাবদিহিতা সুনিশ্চিত কৰাৰ লগতে বিনিয়োগকাৰীসকলৰ স্বাৰ্থও সুৰক্ষিত কৰাৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে৷

৮ এপ্ৰিল, ২০২০ত প্ৰকাশিত মন্ত্ৰায়ৰ চাৰ্কোলাৰখন এই লিংকত উপলব্ধ http://www.mca.gov.in/Ministry/pdf/Circular14_08042020.pdf

 

**************

RM/KMN/DB



(Release ID: 1612408) Visitor Counter : 148