জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

‘বন-উত্পাদন সংগ্ৰাহক’ জনজাতীয়সকলৰ লগতে আত্ম-সহায়ক গোটসমূহৰ নিৰাপদ কৰ্ম সম্পাদন

নিশ্চিত কৰিবলৈ ‘ইউনিচেফ’ৰ সহযোগত ডিজিটেল অভিযান আৰম্ভ কৰিব ‘ট্ৰাইফেড’-য়ে
কাইলৈ মুকলি কৰা হব ‘ৱে’বিনা’ৰ

Posted On: 08 APR 2020 7:20PM by PIB Guwahati

‘বন-উত্পাদন সংগ্ৰাহক’ জনজাতীয়সকলৰ লগতে আত্ম-সহায়ক গোটসমূহৰ নিৰাপদ কৰ্ম সম্পাদন নিশ্চিত কৰিবলৈ ‘ইউনিচেফ’ৰ সহযোগত ডিজিটেল অভিযান আৰম্ভ কৰিব ‘ট্ৰাইফেড’-য়ে। এই অভিযানৰ জৰিয়তে সাম্প্ৰতিক প্ৰেক্ষাপটত ‘সামাজিক ব্যৱধানবিধি’ৰ দৰে স্বাস্থ্য সুৰক্ষা সম্পৰ্কীয় বিধি-বিধানসমূহৰ ব্যাপক প্ৰচাৰ আৰু ব্যৱহাৰিক ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ নিশ্চিত কৰাৰ ব্যৱস্থা কৰা হ’ব। আত্ম সহায়ক গোটৰ কেন্দ্ৰসমূহৰ মাজত প্ৰচাৰ চলাব পৰাকৈ ‘ডিজিটেল মাল্টী মিডিয়া’ৰ উপযোগী ধাৰা বিৱৰণী, ‘ভাৰ্চুৱেল’ প্ৰশিক্ষণৰ বাবে উপযোগী ‘ৱে’বিনাৰ’(ক’ভিড-১৯ সম্পৰ্কীয় বিধি-ব্যৱস্থা, গুৰুত্বপূৰ্ণ প্ৰতিৰোধমূলক আচৰণ আদি), ‘ছ’চিয়েল মিডিয়া’ৰ প্ৰচাৰ অভিযান(‘সামাজিক ব্যৱধানবিধি’, ‘গৃহ-পৃথকীকৰণবিধি’ আদি) আৰু ‘বন্য ৰেডিঅ’-ৰ উপযোগী ধাৰা বিবৰণিৰ যোগান ধৰিব ‘ইউনিচেফ’-য়ে। ইয়াৰ উপৰি ‘ট্ৰাইফেড’-য়ে ‘আৰ্ট অব লিভিং ফাউণ্ডেশ্যন’ৰ সৈতে যোগাযোগ কৰি #iStandWithHumanity শীৰ্ষক আন এক অভিযানৰো ব্যৱস্থা কৰিছে। এই অভিযানৰ জৰিয়তে জনজাতীয় পৰিয়ালসমূহৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু এই সংকটৰ সময়ত জনজাতীয় সমাজখন বৰ্তি থাকিব পৰা সা-সামগ্ৰী যোগান ধৰাৰ প্ৰয়াস কৰা হৈছে।

এই অভিযানৰ প্ৰস্তুতি সম্পৰ্কীয় তথ্যৰে যুগুতোৱা প্ৰচাৰমূলক ৱেবিনাৰ কাইলৈ অৰ্থাত ৯ এপ্ৰিল, ২০২০ তাৰিখে মুকলি কৰা হব। দেশৰ ২৭খন ৰাজ্যৰ সকলো জনজাতি অধ্যুষিত এলেকাৰ ১৮০০০তকৈয়ো অধিক অংশগ্ৰহণকাৰীক এই স্পৰ্শ কৰাৰ লক্ষ্যৰেই এই অভিযান আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে দেশৰ ২৭খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি ১২০৫টা বন ধন কেন্দ্ৰ স্থাপনৰ অনুমোদন জনোৱা হৈছিল। এই কেন্দ্ৰসমূহৰে ১৮,০৭৫ বন ধন আত্ম সহায়ক গোট জড়িত হৈ আছে। এই সমূহ আত্ম সহায়ক গোটত আকৌ ৩.৬লাখতকৈয়ো অধিক বন-উত্পাদন সংগ্ৰহকাৰী জনজাতীয় লোক জড়িত হৈ আছে। শেহতীয়া পৰিস্থিতিৰ প্ৰেক্ষাপটত ইয়াৰে ১৫০০০ আত্ম সহায়ক গোট;ক এই ডিজিটেল অভিযানৰ জৰিয়তে বন ধন সামাজিক ব্যৱধানবিধি সজাগতা তথা জীৱিকা কেন্দ্ৰলৈ উন্নীত কৰা হব। এইসমূহ আত্ম সহায়ক গোটে পৰৱৰ্তি সময়ত জনজাতীয় সমাজসমূহত কভিড-১৯ সংক্ৰান্তীয় বিধি-ব্যৱস্থাসমূহ পালনৰ বিষয়ে ব্যাপক সজাগতাৰ সৃষ্টি কৰিব।

 

*****

NB/SK/MoTA-Release-2/08.04.2020/KB



(Release ID: 1612380) Visitor Counter : 135