মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বান মোকাবিলা কৰিব পৰা সমাধান সূত্ৰ বিচাৰি মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ ‘সমাধান’ শীৰ্ষক প্ৰতিযোগিতা

‘সমাধান’ প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে প্ৰ-পত্ৰ জমা দিয়াৰ শেষ তাৰিখ ১৪ এপ্ৰিল, ২০২০

Posted On: 07 APR 2020 5:41PM by PIB Guwahati

ছাত্ৰ-ছাত্ৰীসকলৰ উদ্ভাৱনী সামৰ্থ্যৰ উমান লোৱাৰ লক্ষ্যৰে মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ উদ্ভাৱন সম্পৰ্কীয় কোষ আৰু অখিল ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ-য়ে ফৰ্জ এণ্ড ইনভেটিঅকিউৰিছ-ৰ সহযোগত সমাধান শীৰ্ষক এক অন-লাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে কৰোনাভাইৰাছৰ সংক্ৰমণ অথবা তেনে ধৰণৰ প্ৰকৃতিক দুৰ্যোগে সৃষ্টি কৰিব পৰা পৰিস্থিতি প্ৰশমণৰ বাবে বিভিন্ন চৰকাৰী সংস্থা, স্বাস্থ্য সেৱা, চিকিত্সালয় আৰু অন্যান্য সেৱা সংস্থাসমূহে তত্কালীন ভাবে গ্ৰহণ কৰিব পৰা কেতবোৰ পদক্ষেপৰ গৱেষণা অথবা বিকাশ কাৰ্যক্ৰমৰ সম্ভেদ দিব। তদুপৰি ব্যাপক জন সজাগতা সৃষ্টি কৰা, তেওঁলোকক উজ্জীৱিত কৰা, যিকোনো পৰিস্থিতিত আহিব পৰা প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে সচেষ্ট হৈ কৰা, সংকট মৰিষণৰ প্ৰয়াস কৰা অথবা দাৰিদ্ৰপীড়িতক সহায়ৰ হাত আগবঢ়োৱাৰ দৰে মানসিকতা সৃষ্টিৰ বাবেও সমাধান-ৰ জৰিয়তে প্ৰয়াস কৰা হব।

সমাধান প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক নতুন সম্পৰীক্ষা আৰু নতুন আৱিষ্কাৰৰ বাবে উদ্বুদ্ধ কৰাৰ লগতে তেওঁলোকৰ সম্পৰীক্ষা আৰু আৱিষ্কাৰৰ আগ্ৰহক এক শক্তিশালী সহযোগিতা আগবঢ়োৱাৰো ব্যৱস্থা কৰা হব। স্বাভাৱিকতেই এই প্ৰতিযোগিতাৰ সাফল্য কৰোনাভাইৰাছ বা তেনে সংক্ৰামকৰ বিৰুদ্ধে অংশগ্ৰহণকাৰীসকলে বিচাৰি উলিওৱা সমাধানসমূহৰ কাৰিকৰী আৰু বাণিজ্যিক সামৰ্থ্য আৰু দক্ষতাৰ ওপৰতে নিৰ্ভৰ কৰিব।

এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ৭এপ্ৰিল, ২০২০ৰ পৰা প্ৰ-পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হব। প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ১৪ এপ্ৰিল, ২০২০। প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিতসকলৰ তালিকা অহা ১৭ এপ্ৰিল, ২০২০ত প্ৰকাশিত কৰাৰ বিপৰীতে এইসকল অংশগ্ৰহণকাৰীয়ে ১৮-২৩ এপ্ৰিল, ২০২০ৰ ভিতৰত তেওঁলোকৰ সমলসমূহ জমা দিব লাগিব। ২৪ এপ্ৰিল, ২০২০ত প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰীসকলৰ চূড়ান্ত তালিকা ঘোষণা কৰা হব আৰু অহা ২৫ এপ্ৰিল, ২০২০ত অন লাইনৰ এদল বিশেষজ্ঞ বিচাৰকে প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীসকলৰ নাম ঘোষণা কৰিব।

*****

NB /AKJ /AK /OA/KB



(Release ID: 1612057) Visitor Counter : 204