হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

ক’ভিড-১৯ : স্মাৰ্ট চিটীসমূহত সেৱা আগবঢ়োৱা চিকত্সকৰ সৈতে জোঁট-বন্ধন মহানগৰ-কৰ্তৃপক্ষৰ

Posted On: 07 APR 2020 1:57PM by PIB Guwahati

ভিড-১৯ৰে আক্ৰান্ত হোৱা বুলি সন্দেহ কৰাসকলক চিনাক্ত কৰাৰ বাবে জিলা প্ৰাধিকৰণ, জিলা আৰক্ষী আৰু মহানগৰসমূহৰ কৰ্তৃপক্ষসমূহে স্মাৰ্ট চিটীসমূহত সেৱা আগবঢ়াই থকা চিকিত্সকলৰ সৈতে জোঁট বান্ধি অভিযান চলোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে। স্মাৰ্ট চিটীসমূহত থকা উন্নত আন্তঃগাঁথনিসমূহৰ সুবিধা গ্ৰহণ কৰি মহানগৰসমূহে সাম্ভাব্য এলেকা নিৰ্বাচনৰে পূৰ্বানুমান-ভিত্তিক বিশ্লেষণ পদ্ধতি বিকশিত কৰি সন্দেহযুক্ত কভিড-১৯ আক্ৰান্তৰ গতিবিধি নিৰ্দিষ্ট সময়ৰ ব্যৱধানত স্বাস্থ্য স্থিতি নিৰীক্ষণ (জিঅ-ফেন্সিং ব্যৱহাৰ কৰি) কৰাৰ ব্যৱস্থা হাতত লৈছে।

ভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত সামাজিক ব্যৱধানবিধি এক প্ৰধান অস্ত্ৰ হিচাপেই পৰিগণিত হৈছে। সেইদৰে দক্ষ যোগাযোগ ব্যৱস্থাৰ জৰিয়তে  নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত টেলি-মেডিচিনো এটা গুৰুত্বপূৰ্ণ প্ৰযুক্তি হৈ উজলি উঠিছে বুলি কব পাৰি। এই প্ৰযুক্তিৰ সুবিধা গ্ৰহণ কৰি স্মাৰ্ট চিটীসমূহৰ কৰ্তৃপক্ষসমূহে সংশ্লিষ্ট মহানগৰসমূহত সেৱা আগবঢ়াই থকা পঞ্জীকৃত চিকিত্সক আৰু স্বাস্থ্য বিশেষজ্ঞসকলৰ সৈতে জোঁট বান্ধি নাগৰিকসকলক স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ দানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে নিতি আয়োগ আৰু ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদৰ সহযোগত প্ৰকাশ কৰা নীতি-নিৰ্দেশনাৰ জৰিয়তে লক ডাউনৰ সময়চোৱাত দূৰ-দূৰণিৰ ঠাইসমূহলৈও স্বাস্থ্য সেৱা আগবঢ়োৱাৰ বাবে সংশ্লিষ্টসকলক অনুমতি প্ৰদান কৰিছে। এই নিৰ্দেশনা অনুসৰি টেলিফোনৰ কথোপকথন, লিখিত বা মৌখিক বাৰ্তালাপ, আলোচনা, ফটোৰ আদান-প্ৰদান, লিখিত বৰ্তা, ই-মেইল, ফেক্স আৰু অন্যান্য বাৰ্তাবাহী ব্যৱস্থাৰ আধাৰত চিকিত্সকসকলক চিকিত্সা সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱাৰ লগতে ঔষধ আদি লিখা পৰামৰ্শ পত্ৰ আগবঢ়াব পৰাকৈ অনুমতি প্ৰদান কৰিছে। এনেদৰে নাগৰিকসকলে ব্যক্তিগতভাবে চিকিত্সকৰ ওচৰলৈ নোযোৱাকৈয়ে চিকিত্সা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব বাবে ইয়ে কভিড-১৯ৰ সংক্ৰমণৰ আশংকাও প্ৰশমিত কৰিব পাৰিব।

স্মাৰ্ট চিটীসমূহে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপ তলত উল্লেখ কৰা হ :

মধ্যপ্ৰদেশৰ ভোপালত থকা ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ(আইচিচিচি)টোক নাগৰিকসকলৰ বাবে হেল্পলাইন আৰু টেলি-কাউন্সেলিং চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

উজ্জয়নীৰ ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ(আইচিচিচি)টোত চিকিত্সকসকলে ২৪ঘণ্টাই উপস্থিত থাকি নাগৰিকসকললৈ টেলিফোন-ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে চিকিত্সা সেৱা আগবঢ়াই আছে। সেইদৰে জব্বলপুৰ, গোৱালিয়ৰ, চাটনা আৰু সাগৰৰ আইচিচিচি-সমূহৰেও ৰাইজলৈ আহৰহ সেৱা আগবঢ়াই থকা হৈছে।

সেইদৰে উত্তৰপ্ৰদেশ, মহাৰষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, গুজৰাট, ৰাজস্থানতো মহানগৰসমূহৰ প্ৰাধিকাৰণসমূহে চিকিত্সা পৰামৰ্শ প্ৰদানৰ বিভিন্ন আৰু বিস্তৃত পদক্ষেপ গ্ৰহণ কৰিছে।

********

RJ/RP/KB



(Release ID: 1611984) Visitor Counter : 204