উপ-ৰাষ্ট্ৰপতি সচিবালয়

লকডাউনৰ পাছৰ ৰোডমেপ প্ৰস্তুত কৰাৰ বেলিকা স্বাস্থ্য সম্পৰ্কীয় দিশবোৰ অৰ্থনীতিতকৈও চিন্তাৰ বিষয় হ’ব বুলি ক’লে উপ-ৰাষ্ট্ৰপতিয়ে

লকডাউন উঠোৱাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাত লকডাউন যোষণাৰ তৃতীয় সপ্তাহটোৰ গুৰুত্ব অধিকঃ উপ-ৰাষ্ট্ৰপতি

জটিলতাৰ সন্মুখীন হ’লেও জনসাধাৰণে চৰকাৰৰ সিদ্ধান্ত প্ৰতি সহযোগিতা বজাই ৰখা উচিতঃ উপ-ৰাষ্ট্ৰপতি

মাতৃভূমিৰ সকলো আধ্যাত্মিক মাত্ৰা আলোকপাত কৰাকৈ বৰ্তমানলৈকে ভাৰতে সুন্দৰ সঁহাৰি জনাইছেঃ উপ-ৰাষ্ট্ৰপতি

তবলিগী জামাতৰ ঘটনা এক পৰিহাৰ্য বিষয়ঃ উপ-ৰাষ্ট্ৰপতি

ক’ৰোনা সংকটৰ পৰা বিশ্ব সমুদায়ে উচিত শিক্ষা লোৱা উচিত, শ্ৰী নাইডুৰ আহ্বান

Posted On: 07 APR 2020 12:04PM by PIB Guwahati

ৰোনা ভাইৰাছক লৈ চৰকাৰে ঘোষণা কৰা দেশজোৰা লকডাউনৰ সপ্তাহ ১৪ এপ্ৰিলত অন্ত পৰাৰ প্ৰাকক্ষণত উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে অৰ্থনীতিৰ সুস্থিৰতাতকৈও জনসাধাৰণৰ স্বাস্থ্যৰ বিষয়ে অধিক চিন্তা কৰাৰ আহ্বান জনায়৷ লকডাউনৰ বিগত দুসপ্তাহত কৰা মুল্যায়নৰ ভিত্তিত তেওঁ কয় যে ২৫ মাৰ্চত আৰম্ভ হোৱা দেশজোৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ অন্তিম সপ্তাহটোৰ সময়ছোৱা অতি গুৰুত্বপূৰ্ণ ব৷ ভাইৰাছ সংক্ৰমণৰ হাৰ বৃদ্ধিৰ তথ্যই এই ব্যৱস্থা প্ৰত্যাহাৰত আউল লগোৱা সম্ভাৱনাই অধিক৷

এই ব্যৱস্থা প্ৰত্যাহাৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা আলোচনাৰ কথা উল্লেখ কৰি শ্ৰী নাইডুয়ে জনসাধাৰণক ১৪ এপ্ৰিলৰ পাছতো যদি কোনো কঠোৰ সিদ্ধান্ত বলগীয় হয়, তেতিয়াও এতিয়াৰ দৰেই সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ তেওঁ আশা প্ৰকাশ কৰে যে পিছপৰা লোকসকলৰ বাবে যথোপযুক্ত খাদ্য সামগ্ৰী আৰু সাহা্য্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে সুকলমে সকলো কাম কাজ কৰাটো সুনিশ্চিত কৰিব৷

২২ মাৰ্চৰ জনতা সান্ধ্য আইন, ২৫ মাৰ্চৰ হোৱাৰ লকডাউন আৰু ৫ এপ্ৰিলৰ মমবাতি জ্বলোৱা কাৰ্যলৈ জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰিৰ কথা দোঁহাৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে এয়া আধ্যাত্মিক গুণৰ এক সংকেট, যিটো ভাৰতীয় সভ্যতাৰ মুলত আছে৷ এ সম্পর্ক বিশদ ব্যাখ্যা আগবঢ়াই শ্রী নাইডুয়ে কয় যে আধ্যাত্মিকভাৱে মুক্তি পোৱা মানে হৈছে নিস্বাৰ্থভাৱে তথা সকলোৰে মংগল কামনা ৰা আৰু দেশৰ লোকসকলে এই সংকটৰ সময় প্রচু ৰিমাণে এই মূল মূল্যবোধ প্রদর্শন ৰিছে৷ এই ৰাষ্ট্ৰীয়তাবোধে আমাক এনে প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত সহায় কৰিব৷

ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত তবলিগী জামাত সমাৱেশ আৰু কনোৰা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কৰা প্ৰচেষ্টাৰ বিপৰীতে ই যোগোৱা সাৰ-পানীৰ ঘটনাক লৈ শ্ৰী নাইডুয়ে কয় যে ই এটা পৰিহাৰ্য বিষয় তথা এই ঘটনাই বহুতৰে চকু খোল খোৱালে৷

ৰোনা সংকটৰ পৰা বিশ্ব সমুদায়ে উচিত শিক্ষা লোৱা উচিত বুলি আহ্বান জনায় নাইডুয়ে৷ তেওঁ লগতে পৰৱৰ্তী সময়ত এনে সমস্যাৰ পৰিপ্ৰেক্ষিতত এই অভাৱসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠান, আন্তঃগাঁথনি, তথ্য বিনিময়, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু ব্যক্তিগত কৰণীয়ৰ সন্দৰ্ভতো আলোকপাত কৰে৷

*************

VRRK/MS/MSY/RK/DB



(Release ID: 1611963) Visitor Counter : 234