হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

ক’ভিড-১৯ ৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ-নিয়ন্ত্ৰণ কেন্দ্ৰত স্মাৰ্টচিটি মিশ্যনৰ পূৰ্ণাঙ্গ ডাটা ডেশ্বব’ৰ্ড ব্যৱহাৰ

Posted On: 06 APR 2020 2:44PM by PIB Guwahati

পুনে, চুৰাট, বেঙ্গালুৰু আৰু তুমকুৰুৰ স্মাৰ্ট চিটিয়ে সেই চহৰৰ বিভিন্ন প্ৰশাসনিক মণ্ডলত ক’ৰোনা ভাইৰাছৰ উপস্থিতি সন্দৰ্ভত শেহতীয়া তথ্য উপলব্ধ কৰাবলৈ তথ্য বিশ্লেষক তথা আইচিচিচি (যিবোৰ বিভিন্ন চহৰত ক’ভিড-১৯ যুদ্ধ কক্ষ হিচাপেও কাম কৰি আছে)ৰ সৈতে কাম কৰা ডাটা বিশ্লেষকসকলে প্ৰস্তুত কৰি উলিওৱা পূৰ্ণাঙ্গ ডাটাবেছ ব্যৱহাৰ কৰি আছে।

পুনে – ক’ৰোনা ভাইৰাছ প্ৰতিহত কৰাৰ প্ৰয়াসৰ অংশ হিচাপে পুনে স্মাৰ্ট চিটি উন্নয়ন নিগম লিমিটেড চমুকৈ PSCDCL এ পুনে পৌৰ নিগম বা পিএমচিৰ সৈতে সহযোগিতাৰে এক পূৰ্ণাঙ্গ ডাটা ডেশ্বব’ৰ্ড সাজু কৰি উলিয়াইছে (ছবিত দেখা ধৰণে)। চহৰখনত সংঘটিত যিকোনো ঘটনাই জিঅ’-স্পেটিয়েল তথ্য ব্যৱস্থাৰ প্ৰয়োগেৰে মেপত উপস্থাপন কৰা হৈছে আৰু নগৰ প্ৰশাসনে সেই উল্লেখিত এলেকাবোৰৰ তদাৰক কৰি আছে আৰু যিবোৰ স্থানত ক’ভিড-১৯ সংক্ৰমণেৰে পজিটিভ ৰোগী চিনাক্ত কৰা হৈছে, সেইবোৰ এলেকাক ‘বাফাৰ অঞ্চল’ হিচাপে চিহ্নিত কৰিছে। ‘হীট-মেপিং’ প্ৰযুক্তি আৰু আনুমানিক বিশ্লেষণৰ ব্যৱহাৰেৰে নগৰ প্ৰশাসনে এক প্ৰতিৰোধী পৰিকল্পনা সাজু কৰি তুলিব আৰু সেই অনুসৰি অঞ্চলবোৰ ডেশ্বব’ৰ্ডত প্ৰদৰ্শিত হ’ব। এই ব্যৱস্থাতেই চহৰখনৰ নাইডু ইনফেক্সিয়াছ ডিজিজ হস্পিতালৰ কাৰ্যাৱলীও প্ৰদৰ্শিত হৈছে। স্মাৰ্টচিটিৰ এই পূৰ্ণাঙ্গ ডেশ্বব’ৰ্ডত কোৰেণ্টাইন সুবিধাৰ উপৰিও সন্দেহজনক ৰোগীৰ স্বাস্থ্য সম্পৰ্কীয় তথ্যও প্ৰদৰ্শিত হৈছে।

চুৰাট: চুৰাট পৌৰ নিগমে ইয়াৰ ৱেবছাইটত নাগৰিকক শেহতীয়া তথ্য যোগান ধৰিবৰ বাবে এক অনলাইন ডেশ্বব’ৰ্ড প্ৰকাশ কৰিছে। পৰীক্ষা কৰা, ৰোগ নিশ্চিত থকা, সক্ৰিয় হৈ থকা, ৰোগৰ পৰা নিৰাময় লাভ কৰা, মৃত্যু হোৱা আদি সামগ্ৰিক তথ্য প্ৰকাশ কৰাৰ উপৰিও এই ৱেবছাইটত থকা ডেশ্বব’ৰ্ডে চহৰখনত ৰোগবিধৰ শেহতীয়া সংক্ৰমণ আৰু ধৰণ সম্বন্ধেও তথ্য প্ৰকাশ কৰে। দৈনিক ভিত্তিত প্ৰকাশ হোৱা এই তথ্যত বয়স, মণ্ডল আৰু লিঙ্গভিত্তিত সকলো তথ্য উপলব্ধ হয়। ইয়াতো স্পেটিয়েল মেপিংৰ ব্যৱস্থা উপলব্ধ হৈছে। নিম্নোক্ত লিংকত এি ডেশ্বব’ৰ্ডখন চাব পাৰিব

https://www.suratmunicipal.gov.in/others/CoronaRelated. (তলত এক ছবি দাঙি ধৰা হৈছে)

বেঙ্গালুৰু আৰু তুমকুৰু -

বিবিএমপিয়ে এগৰাকী নিশ্চিতভাৱে আক্ৰান্ত ৰোগীৰ অৱস্থানৰ ৮ কিলোমিটাৰৰ ভিতৰত অইন লোকৰ অৱস্থান তথা গতিবিধি লক্ষ্য কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰাৰ বাবে এক ‘ৱাৰ ৰূম’ স্থাপন কৰিছে, যাতে ৰোগবিধৰ সংক্ৰমণৰ বিভিন্ন দিশৰ ওপৰত নজৰ ৰাখিব পাৰি।

ক’ভিড-১৯ ডেশ্বব’ৰ্ডৰ লাভালাভ আহৰণৰ বাবে বেঙ্গালুৰু পৌৰ নিগমৰ অন্তৰ্গত বৃহত্তৰ বেঙ্গালুৰু মহানগৰ পালিকা (বিবিএমপি)ৰ ‘ৱাৰ ৰূম’-এ এক দৈনিক বুলেটিন প্ৰকাশ কৰি আহিছে, য’ত বিশেষকৈ ক’ৰোনা ভাইৰাছৰ শেহতীয়া স্থিতি সন্দৰ্ভত বিভিন্ন তথ্য প্ৰকাশ কৰা হৈছে। ইয়াত তাৰিখ, মণ্ডল, চিকিৎসালয়, বয়স আৰু লিঙ্গ ভিত্তিত সবিশেষ তথ্য ৰখা হয় আৰু দৈনিক ভিত্তিত প্ৰকাশ কৰা হয়।

ক’ভিড ৱাৰ ৰূম হিচাপে ইণ্টিগ্ৰেডেট কামাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰ (ICCC)


ক’ভিড-১৯ ৱাৰ ৰূম হিচাপে এই ইণ্টিগ্ৰেটেড কামাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰে বিভিন্ন ৰাজহুৱা স্থানৰ চিচিটিভি ফুটেজ পৰীক্ষা, ক’ভিড পজিটিভ ঘটনাবোৰৰ জিআইএছ মেপিং, স্বাস্থ্যকৰ্মীসকলৰ জিপিএছ ট্ৰেকিং আদি অনুসৰণ কৰে। চহৰখনৰ বিভিন্ন অঞ্চলত ভাইৰাছৰ উপস্থিতিৰ বাবে আনুমানিক বিশ্লেষণ (হীট মেপিং), চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলৰ বাবে ভাৰ্চুৱেল প্ৰশিক্ষণ, এম্বুলেন্স আৰু সংক্ৰমণনাশক সেৱাৰ ৰীয়েল-টাইম ট্ৰেকিং, ভিডিঅ’ কনফাৰেন্সযোগে চিকিৎসা সেৱা আৰু টেলি-কাউন্সেলিং তথা টেলিমেডিচিনৰ সুবিধাও ইয়াৰ যোগেদি সম্পন্ন কৰা হৈছে।

 

********

 

RJ/RP/RD



(Release ID: 1611929) Visitor Counter : 181