ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰে’লৱেৰ শেহতীয়া কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষৰ ব্যাপক সাফল্য – লকডাউনৰ ১০ টা দিনতেই ৰে’ল কৰ্মচাৰীয়ে উত্তৰ দিলে ১,২৫,০০০ ৰো অধিক প্ৰশ্নৰ

হেল্পলাইন নং, ছ’চিয়েল মিডিয়া, ইমেইলযোগে প্ৰতিমুহুৰ্ততে সতৰ্ক ৰে’লবিভাগ

৮৭% (১,০৯,০০০ ৰো অধিক) অনুসন্ধানেই প্ৰত্যক্ষভাৱে ৰে’ল কৰ্মচাৰীয়ে ফোনৰ মাধ্যমেৰে উত্তৰ প্ৰদান

লকডাউনৰ প্ৰথম ১০ টা দিনত ৰে’লমদদ ১৩৯ হেল্পলাইনৰ যোগেদি ৮০,০০০ ৰো অধিক প্ৰশ্নৰ উত্তৰ প্ৰদান

Posted On: 06 APR 2020 2:07PM by PIB Guwahati

ৰে’লযাত্ৰীসকলক সহায় কৰাৰ লগতে মালবাহী ৰে’লৰ চলাচল সন্দৰ্ভত ৰাইজক সহায় কৰা আৰু অন্যান্য প্ৰাসঙ্গিক সমস্যা আঁতৰ কৰিবৰ বাবে লকডাউন ঘোষণা কৰাৰ পিছতেই ভাৰতীয় ৰে’ল বিভাগে আৰম্ভ কৰিছে এক ৰে’লৱে নিয়ন্ত্ৰণ কাৰ্যালয়। মাত্ৰ কিছুদিন পূৰ্বে এই কাৰ্যালয় আৰম্ভ কৰাৰে পৰা ৰে’ল বিভাগৰ এই ব্যৱস্থা এক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে। এই সুবিধাৰ যোগেদিয়েই ৰে’ল কৰ্মচাৰীয়ে প্ৰথম ১০ টা দিনতেই নিৰ্ধাৰিত যোগাযোগ প্লেটফৰ্মৰ মাধ্যমেৰে ১,২০,০০০ ৰো অধিক অনুসন্ধান বা প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হৈছে (আনকি লকডাউনৰ সময়ছোৱাতো)। উল্লেখ্য যে এই সামগ্ৰিক অনুসন্ধানৰ ভিতৰত ৮৭% (১,০৯,০০০ ৰো অধিক) অনুসন্ধানেই প্ৰত্যক্ষভাৱে ৰে’ল কৰ্মচাৰীয়ে ফোনৰ মাধ্যমেৰে উত্তৰ প্ৰদান কৰিছে।

ৰে’লৱে নিয়ন্ত্ৰণ কাৰ্যালয়ে প্ৰতিটো মুহুৰ্ত্ততে চাৰিটাকৈ যোগাযোগ আৰু মতামত প্ৰদান প্লেটফৰ্ম ক্ৰমে ১৩৯, ১৩৮, ছ’চিয়েল মিডিয়া (বিশেষকৈ টুইটাৰ) আৰু ইমেইল (railmadad@rb.railnet.gov.in) ৰ ওপৰত চকু ৰাখিছে। লকডাউনৰ সময়ছোৱাত ৰে’ল প্ৰশাসন আৰু সাধাৰণ ৰাইজৰ মাজত যাতে তথ্য আৰু পৰামৰ্শবোৰৰ সুচল আদান প্ৰদান হৈ থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ব্যৱস্থা আৰম্ভ কৰিছে ৰে’ল বিভাগে।

প্ৰতিমুহুৰ্ত্ততে সঞ্চালক পৰ্যায়ৰ বিষয়াসকলে এই নিয়ন্ত্ৰণ কাৰ্যালয়ত উপস্থিত থাকে। সংশ্লিষ্ট প্লেটফৰ্মসমূহৰ মাধ্যমেৰে লাভ কৰা নাগৰিকসকলৰ মতামত আৰু তেওঁলোকৰ পৰামৰ্শ আদি এই বিষয়াসকলে তদাৰক কৰে আৰু লকডাউনৰ সময়ছোৱাত ৰে’লৱেৰ গ্ৰাহকসকলে বিশেষকৈ সামগ্ৰী যাতায়াতৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাৰ তৎকালীন সমাধান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ সুনিশ্চিত কৰে। ADRM পৰ্যায়ৰ ক্ষেত্ৰ বিষয়াসকলো  মাণ্ডলিক স্তৰত এই দলটোৰ অংশ হিচাপে থাকে।

উল্লেখ্য যে লকডাউনৰ প্ৰথম ১০ টা দিনত ৰে’লমদদ ১৩৯ হেল্পলাইনৰ যোগেদি আইভিআৰএছ ফেচিলিটিৰ প্ৰশ্নসমূহৰ উপৰিও ৮০,০০০ ৰো অধিক প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। বিভিন্ন বাৰ্তাৰ যোগেদি ৰে’ল বিভাগৰ এনে প্ৰয়াসক প্ৰসংশা কৰা হৈছে, ইয়াৰ উপৰি অধিকাংশ প্ৰশ্ন বা অনুসন্ধানেই ৰে’ল সেৱাভিত্তিক। অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহন, মাচুল ৰেহাই, দবাবোৰক চিকিৎসা কক্ষ হিচাপে পৰিৱৰ্তন কৰা, খাদ্য সামগ্ৰী বিতৰণ, পিপিই প্ৰস্তুত, ছেনিটাইজাৰ প্ৰস্তুত আৰু ক’ভিড-১৯ প্ৰতিহত কৰিবলৈ কৰা অন্যান্য পদক্ষেপৰ বাবেও জনসাধাৰণে প্ৰসংশা কৰি বাৰ্তা প্ৰেৰণ কৰিছে।

জিঅ’-ফেন্সড সুবিধাসম্পন্ন ১৩৮ হেল্পলাইনৰ মাধ্যমেৰে কল কৰোতা ব্যক্তিগৰাকী লোকেশ্যনসাপেক্ষে সেই এলেকাৰ স্থানীয় ভাষা ক’ব পৰা ব্যক্তিৰ যোগেদি সমস্যা সমাধানৰ ব্যৱস্থা কৰা হৈছে, বিশেষকৈ লোকজনৰ নিকটৱৰ্তী ৰে’লৱে মাণ্ডলিক নিয়ন্ত্ৰণ কৰ্যালয়লৈ ফোন স্থানান্তৰৰ মাধ্যমেৰে এই ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত তথ্য বিনিময় আৰু অধিক সুচল হৈ পৰিছে। ভাষাগত সমস্যাও ইয়াৰ ফলত আঁতৰ হৈছে।

উল্লেখযোগ্য যে ভাৰতীয় ৰে’লৱেই যাত্ৰীসকলৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে আৰু ইয়াৰ সকলো বাণিজ্যিক ক্লায়েণ্টৰ প্ৰয়োজনীয় দিশবোৰ সুচল কৰি তোলাৰ বাবে তথা ৰাষ্ট্ৰীয় যোগান শৃংখলা অব্যাহত ৰখাৰ বাবে সৰ্বতোপৰি চেষ্টা কৰিছে।

****

SG/MKV/RD



(Release ID: 1611889) Visitor Counter : 165