পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
ৰাষ্ট্ৰীয় উদ্যান/বন্যপ্ৰাণী ক্ষেত্ৰ/ব্যাঘ্ৰ সংৰক্ষিত এলেকাত ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে পৰামৰ্শাৱলী
পোষ্ট কৰা হৈছে:
06 APR 2020 7:17PM by PIB Guwahati
দেশত ক’ভিড-১৯ ৰ ব্যাপক সংক্ৰমণ আৰু নিউয়ৰ্কত এটা বাঘ ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ শেহতীয়া বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় উদ্যান/বন্যপ্ৰাণী ক্ষেত্ৰ/ব্যাঘ্ৰ সংৰক্ষিত এলেকাত ক’ভিড-১৯ ৰ ব্যৱস্থাপনা আৰু প্ৰতিৰোধ সন্দৰ্ভত এক পৰামৰ্শাৱলী প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় উদ্যান/বন্যপ্ৰাণী ক্ষেত্ৰ/ব্যাঘ্ৰ সংৰক্ষিত এলেকাত থকা বন্যপ্ৰাণীবোৰৰ মাজত এই ৰোগবিধ সংক্ৰমণ হ’ব পৰা সম্ভাৱনীয়তা আৰু মানুহৰ পৰা জন্তুলৈ অথবা জন্তুৰ পৰা মানুহলৈ এই ৰোগ সংক্ৰমণৰ কথা চিন্তা কৰিয়েই এই পৰামৰ্শাৱলী জাৰি কৰা হৈছে।
দেশৰ আটাইবোৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষকলৈ নিম্নোক্ত পৰামৰ্শাৱলী আগবঢ়োৱা হৈছে -
- ৰাষ্ট্ৰীয় উদ্যান/বন্যপ্ৰাণী ক্ষেত্ৰ/ব্যাঘ্ৰ সংৰক্ষিত এলেকাত মানুহৰ পৰা জন্তুলৈ তথা জন্তুৰ পৰা মানুহলৈ এই ভাইৰাছৰ সংক্ৰমণ আৰু প্ৰসাৰ ৰোধ কৰিবৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক।
- বন্যপ্ৰাণী ক্ষেত্ৰত মানুহৰ সংযোগ হ্ৰাস কৰক।
- ৰাষ্ট্ৰীয় উদ্যান/বন্যপ্ৰাণী ক্ষেত্ৰ/ব্যাঘ্ৰ সংৰক্ষিত এলেকালৈ মানুহৰ অহা-যোৱা নিষিদ্ধ কৰক।
- ক্ষেত্ৰ প্ৰবন্ধক, পশু চিকিৎসক, ক্ষেত্ৰভিত্তিক কৰ্মচাৰীসকলক লৈ এটা টাস্ক প’ৰ্চ/ৰেপিড একশ্যন ফ’ৰ্চ গঠন কৰক যাতে পৰিস্থিতি যথাসম্ভৱ তাৎক্ষণিকভাৱে চম্ভালি ল’ব পৰা যায়।
- কোনো ধৰণৰ ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে মসৃণভাৱে পৰিচালনা কৰিবৰ বাবে এগৰাকী ন’ডেল বিষয়াৰ সৈতে প্ৰতি মুহুৰ্ত্ততে প্ৰতিবেদন প্ৰেৰণ কৰি থাকিব পৰা এক ব্যৱস্থা সৃষ্টি কৰক।
- প্ৰয়োজন সাপেক্ষে জন্তুৰ জৰুৰীকালীন চিকিৎসা তথা চিকিৎসাৰ অন্তত সুৰক্ষিতভাৱে অৰণ্যলৈ ঘূৰাই পঠিওৱাৰ বাবে অত্যাৱশ্যকীয় সেৱা সাজু কৰি ৰাখক।
- বিভিন্ন বিভাগৰ মাজত সমন্বয়েৰে ৰোগবিধৰ সংক্ৰমণৰ দিশবোৰৰ ওপৰত পৰ্যবেক্ষণ, মেপিং আৰু তদাৰকী ব্যৱস্থাটো সম্প্ৰসাৰণ কৰক।
- ৰাষ্ট্ৰীয় উদ্যান/বন্যপ্ৰাণী ক্ষেত্ৰ/ব্যাঘ্ৰ সংৰক্ষিত এলেকাৰ ভিতৰে-বাহিৰে কৰ্মচাৰী/পৰ্যটক/গাওঁবাসীয়ে চলাচল কৰাৰ ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা সকলোবোৰ নিৰ্দেশনা মানি চলক।
- ভাইৰাছবিধৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবৰ বাবে অন্যান্য সাম্ভাৱ্য পদক্ষেপ গ্ৰহণ।
- গ্ৰহণ কৰা পদক্ষেপসমূহৰ এক প্ৰতিবেদন এই মন্ত্ৰালয়ক দাখিল কৰিব লাগিব।
***
GK/RD
(ৰিলিজ আই ডি : 1611864)
অতিথি কক্ষ : 315