স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ আপডেটসমূহ

ভাৰতত আৰম্ভ হ’ল বিদেশৰ পৰা পিপিইসমূহৰ যোগান প্ৰক্ৰিয়া

Posted On: 06 APR 2020 6:08PM by PIB Guwahati

ভাৰতত বিদেশৰ পৰা যোগান প্ৰক্ৰিয়া আজিৰে পৰা মুকলি হোৱাৰ পৰিপ্ৰেক্ষিতত চীনৰ পৰা ১.৭০ লাখ ব্যক্তিগত সুৰক্ষাত্মক সঁজুলি (পিপিই)ক’ভাৰঅ’ল আহি ভাৰতত উপস্থিত হৈছেহি৷ ২০,০০০ ক’ভাৰঅ’লৰ ঘৰুৱা যোগানৰ সৈতে মুঠ ১.৯০ লাখ ক’ভাৰঅ’ল চিকিৎসালয়সমূহত যোগান ধৰা হ’ব৷ ৩,৮৭,৪৭৩টা পিপিই ইতিমধ্যেই দেশত উপলব্ধ আছে৷ এই পৰ্যন্ত ভাৰত চৰকাৰৰ দ্বাৰা মুঠ ২.৯৪ লাখ পিপিই ক’ভাৰঅ’লৰ যোগান আৰু ব্যৱস্থাপনা কৰা হৈছে৷

ইয়াৰোপৰি ২ লাখ ঘৰুৱাভাৱে উৎপাদিত এন৯৫ মাস্ক বিভিন্ন চিকিৎসায়লৈ প্ৰেৰণ কৰা হৈছে৷ ইয়াৰ সৈতে ২০ লাখতকৈও অধিক এন৯৫ মাস্ক ভাৰত চৰকাৰে যোগান ধৰিছে৷ দেশত বৰ্তমানে ১৬ লাখ এন৯৫ মাস্ক আছে আৰু ২ লাখ মাস্কৰ জৰিয়তে এই পৰিমাণ অধিক বৃদ্ধি হ’ব৷

এই নতুন যোগানসমূহৰ অধিকাংশই তামিলনাডু, মহাৰাষ্ট্ৰ, দিল্লী, কেৰেলা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু ৰাজস্থানৰ দৰে ব্যাপক পৰিঘটনা পৰিলক্ষিত হোৱা ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হৈছে৷ তাৰোপৰি এই যোগানসমূহ এইমছ, ছফদৰজং আৰু আৰএমএল চিকিৎসালয়, আৰআইএমএছ, নেইগ্ৰিমছ, বিএইচইউ আৰু এএমইউলৈও প্ৰেৰণ কৰা হৈছে৷

পূৰ্বতেই ছিংগাপুৰৰ এটা উদ্যোগক ৮০ লাখ সম্পূৰ্ণ পিপিই কিট (এন৯৫ মাস্ককে ধৰি)যোগানৰ অৰ্ডাৰ প্ৰেৰণ কৰা হৈছিল আৰু ১১ এপ্ৰিলৰ পৰা ইয়াৰ যোগানৰ কাম আৰম্ভ হ’ব৷ এটা চীনা উদ্যোগক ৬০ লাখ সম্পূৰ্ণ পিপিই কিট যোগান ধৰিবলৈ প্ৰদান কৰা অৰ্ডাৰৰ মধ্যস্থতাৰ কাম চূড়ান্ত পৰ্যায়ত আছে৷ আন কিছুমান বিদেশী উদ্যোগকো এন৯৫ মাস্ক আৰু সুৰক্ষাত্মক গগলছৰ বাবে অৰ্ডাৰ দিয়া হৈছে৷

ঘৰুৱা উদ্যোগৰ দিশৰ পৰা নৰ্ডাৰ্ণ ৰে’লৱেয়ে পিপিই ক’ভাৰঅ’ল প্ৰস্তুত কৰিছে৷ আনহাতে ডিআৰডিঅ’য়ে পূৰ্বতে পিপিই ক’ভাৰঅ’ল আৰু এন৯৫ মাস্ক প্ৰস্তুত কৰিছিল৷ বিদ্যমান সামৰ্থ বৰ্তমানে প্ৰতিদিনে ৮০,০০০ কৈ মাস্ক প্ৰস্তুতিলৈ বৃদ্ধি কৰা হৈছে৷

১১২.৭৬ লাখ এন৯৫ আৰু ১৫৭.৩২ লাখ পিপিই ক’ভাৰঅ’লৰ অৰ্ডাৰ প্ৰদান কৰা হৈছে৷ ইয়াৰে ৮০ লাখ পিপিই কিটত এন৯৫ মাস্কো থাকিব৷ ইয়াৰ জৰিয়তে প্ৰতি সপ্তাহত ১০ লাখ পিপিই কিট যোগানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ দেশত ৰোগীৰ সংখ্যালৈ পৰিলক্ষিত কৰি এই মুহূৰ্তত পৰ্যাপ্ত পৰিমাণৰ এনে ধৰণৰ সামগ্ৰী মজুত আছে৷ পৰৱৰ্তী পৰ্যায়ৰ যোগান অহা সপ্তাহলৈ আশা কৰা হৈছে৷

*****

MV/MANN



(Release ID: 1611853) Visitor Counter : 208