শক্তি মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা ‘লাইটৰ ছুইচ অফ’ কাৰ্যক্ৰমে লাভ কৰিলে ‘ব্যাপক সঁহাৰি’ : কেন্দ্ৰীয় শক্তি মন্ত্ৰী

Posted On: 06 APR 2020 6:15PM by PIB Guwahati

‘লাইটৰ ছুইচ অফ’ কৰাৰ বিপৰীতে এগছি বন্তি জ্বলাই ক’ভিড-১৯ বিৰোধী যুঁজৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানে ব্যাপক সঁহাৰি লাভ কৰিলে বুলি যোৱা নিশা অভিমত ব্যক্ত কৰিছ কেন্দ্ৰীয় শক্তি মন্ত্ৰী শ্ৰী আৰ কে সিঙে। মন্ত্ৰীগৰাকী ৫ এপ্ৰিল, ২০২০ৰ নিশা এই কাৰ্যক্ৰম চলি থকা  সময়চোৱাত বিদ্যুত গ্ৰীডসমূহৰ বিশেষ তদাৰকীত ব্যস্ত আছিল। মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া-বৰ্গক লগত লৈ এই কামত ব্যস্ত থকাৰ সময়ত তেওঁৰ পৰিয়াল পৰিজনে একত্ৰিত হৈ ঘৰৰ লাইট নুমুৱাই বন্তি প্ৰজ্বলন কাৰ্যসূচীত ব্যস্ত হৈছিল।

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা টুইটাৰ বাৰ্তাত উল্লেখ কৰে যে যোৱা নিশা ২০.৪৯ বজাত ব্যৱহৃত বিদ্যুতৰ পৰিমাণ ১১৭৩০০মেগাৱাট আছিল যদিও এই পৰিমাণ ২১.০৯ বজা পৰ্যন্ত কেইটামান মিনিটৰ বাবে ৮৫৩০০ মেগাৱাটলৈ অৱনমিত হৈছিল। স্বাভাৱিকতেই এই সময়চোৱাত বিদ্যুতৰ যোগান বাঢ়িবলৈ লয় যদিও ফ্ৰিকুৱেন্সি’ আৰু ‘ভ’ল্টেজ’ৰ প্ৰবন্ধন ৪৯.৭ৰ পৰা ৫০.২৬’হাৰ্টজ’ৰ মাজৰ এক নিয়মীয়া ‘বেণ্ড’তে কৰা হৈছিল। অৰ্থাত এই সময়চোৱাত ভ’ল্টেজ সুস্থিৰে ৰখাৰ দিহা কৰা হৈছিল। ইফালে এই সময়চোৱাত দেশৰ বিদ্যুত চাহিদা ৩২০০০মেগাৱাটৰে অৱনমিত হোৱা কথাই প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি দেশবাসীয়ে জনোৱা ব্যাপক সঁহাৰিকে প্ৰতিপন্ন কৰিছে।

মন্ত্ৰীগৰাকীয়ে দেশবাসীৰ লগতে দেশৰ শক্তি ব্যৱস্থাপনাইয়ো এটা গোটৰ দৰে ঐক্যবদ্ধ ভাৱে কৰ্তব্য সম্পাদন কৰি ‘লাইট অফ; কাৰ্যসূচী সফল কৰি তোলাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰসংগক্ৰমে তেওঁ ৰাষ্ট্ৰীয় গ্ৰীড প্ৰবন্ধক সংস্থা পিঅএছঅচিঅ’ৰ লগতে শক্তি উত্পাদক সংস্থা ‘এনটিপিচি’, ‘এনএইচপিচি’, ‘টিএইচডিচি’, ‘এনইইপিচিঅ’, ‘এছজেভিএনএল’, ‘বিবিএমবি’ আৰু ‘পিজিচিআইএল’ আৰু বিভিন্ন ৰাজ্যৰ বিদ্যুত বিভাগৰ সকলো বিষয়া কৰ্মচাৰীৰো বিশেষ ভাবে শলাগ লয়।

‘ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনত সমগ্ৰ দেশেই প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰতি নিয়ত একে লগে আছে’ বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয়, ‘আমি প্ৰধানমন্ত্ৰীৰ সৈতে একেলগে থিয় দিছো’।

 

RCJ/M/KB



(Release ID: 1611852) Visitor Counter : 181