বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ ৰ দ্ৰুত চিনাক্তকৰণ কৰিব পৰা সঁজুলি নিৰ্মাণ কৰা স্বাস্থ্যসেৱা খণ্ডৰ ষ্টাৰ্ট-আপলৈ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সহযোগিতা

Posted On: 06 APR 2020 3:21PM by PIB Guwahati

১০-১৫ মিনিটৰ ভিতৰতে ’ভিড-১৯ চিনাক্ত কৰিব পৰা সঁজুলি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কাম কৰি থকা পুণেৰ ‘মড্যুল ইন’ভেশ্যনচ’ নামৰ স্বাস্থ্যসেৱা খণ্ডৰ ষ্টাৰ্ট-আপলৈ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে পুঁজি আগবঢ়াইছে।
আৰম্ভণিৰ সঁজুলি ‘ইউচেনচ’ ৰ ইতিমধ্যে প্ৰমাণিত ধাৰণাৰ ভিত্তিত মড্যুলে এনক’ভচেনচেচ (টি এম) নামেৰে তকালীনভাৱে ৰোগ চিনাক্ত কৰিব পৰা সঁজুলি নিৰ্মাণ কৰি আছে যি ক’ভিড-১৯ৰ বিৰুদ্ধে মানৱ শৰীৰত সৃষ্টি হোৱা প্ৰতিৰোধকক চিনাক্ত কৰিব।

সদ্যহতে ভাৰতত সৃষ্টি হোৱা পৰিস্থিতিত বহল ভিত্তিত পৰীক্ষণ হোৱাটো অতি প্ৰয়োজনীয়। কালীনভাৱে ৰোগ চিনাক্ত কৰিব পৰা সঁজুলিৰ সহায়ত ৰোগীৰ গাত সংক্ৰমণ ধৰা পেলাব পৰা হোৱাৰ লগতে ৰোগী এজনৰ সংক্ৰমণৰ স্তৰ আৰু সম্পূৰ্ণ সুস্থ হৈ উঠিলেনে নাই সেয়াও স্পষ্ট কৰিব পৰা যাব।

বৰ্তমান ব্যৱহাৰ হৈ থকা আৰ টি পি চি আৰ (ৰিয়েল টাইম ৰিভাৰ্ছ ট্ৰান্সক্ৰিপচন পৰিমেৰাচ চেইন ৰিয়েকচন) এক খৰচী ব্যৱস্থা হোৱাৰ লগতে সময়ো যথেষ্ট লয় আৰু ইয়াৰ ব্যৱহাৰৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মীৰ প্ৰয়োজন হয়। নতুন দ্ৰুত চিনাক্তকৰণ সঁজুলিয়ে এই সকলো সমস্যা আঁতৰোৱাৰ লগতে সুলভ মূল্যত উপলব্ধ হ’ব।  

"এই সঁজুলি পি চি আৰ ভিত্তিক প্ৰক্ৰিয়াৰ বিকল্প নহয়, কিন্তু বেছি সংখ্যক মানুহৰ মাজত দ্ৰুতভাৱে পৰীক্ষণ সম্পাদন কৰি সীমিত পি চি আৰ সঁজুলিৰ ওপৰত বোজা লাঘৱ কৰাৰ ক্ষেত্ৰত আৰু বিভিন্ন নীতি-সিদ্ধান্ত আদি গ্ৰহণ কৰাৰ ক্ষেত্ৰত এই মানৱ শৰীৰৰ প্ৰতিৰোধক চিনাক্তকৰণৰ ওপৰত ভিত্তি কৰি সাজি উলিওৱা সঁজুলিয়ে যথেষ্ট সহায় কৰিব", বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচীৱ অধ্যাপক আশোতোষ শৰ্মাই কয়।

এই এনক’ভচেনচেচ পৰীক্ষণৰ উদ্দেশ্য হৈছে ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে মানৱ শৰীৰে গঢ়ি তোলা প্ৰতিৰোধক ক্ষমতাক চিনাক্ত কৰা আৰু ক’ভিড-১৯ ৰ বিৰুদ্ধে নিৰ্দিষ্ট কৰি দিয়া স্পাইক প্ৰ’টিন চিনাক্ত কৰা।  

ষ্টাৰ্ট-আপটোৱে দুই-তিনি মাহৰ ভিতৰত ৰাষ্ট্ৰীয় সংস্থাসমূহৰপৰা বৈধতাৰ স্বীকৃতি লাভ কৰাৰ পিছত পৰীক্ষণ আৰম্ভ কৰিব। ই পিছলৈ ৰোগৰ পৰা নিৰাময় হোৱা লোকসকলক সমাজৰ কাম-কাজত আগৰদৰে অংশ লোৱাৰ বাবে সম্পূৰ্ণ সুস্থ হৈছেনে নাই সেইকথা স্পষ্ট কৰাত সহায় কৰিব। ৰে’ল ষ্টে’শ্যন, বিমান বন্দৰ, চিকিসালয় আদিতো এই পৰীক্ষণ ব্যৱস্থাই সহায় কৰিব।

প্ৰযুক্তি আৰু আৰ্থিক দিশৰপৰা এই পৰীক্ষণ সঁজুলি ইতিমধ্যে গ্ৰহণযোগ্য প্ৰমাণিত হৈছে। ধাৰণাৰ সত্যাসত্য আৰু সঁজুলিবিধৰ নমুনাৰ প্ৰদৰ্শন এতিয়াও বাকী আছে।

(বিতং তথ্যৰ বাবে শচীন ডুবেক sachin@moduleinnovations.com অথবা 7350840295 নম্বৰত যোগাযোগ কৰিব পাৰে।)

*****

KGS/(DST)/PRK



(Release ID: 1611851) Visitor Counter : 149