পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়

নিউয়ৰ্কত এটা বাঘ ক’ভিড-১৯ত আক্ৰান্ত বুলি প্ৰমাণিত হোৱাৰ পাছতে ভাৰতৰ চিৰিয়াখানাসমূহকো সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়ালে কেন্দ্ৰীয় চিৰিয়াখানা প্ৰাধিকৰণে

Posted On: 06 APR 2020 6:09PM by PIB Guwahati

আমেৰিকা যুক্তৰাষ্ট্ৰ(ইউএছএ)ৰ কৃষিৰ ৰাষ্ট্ৰীয় পশু চিকিসা সেৱা গৱেষণা বিভাগে ৫ এপ্ৰিল, ২০২০ত এক বিজ্ঞপ্তিত নিউয়ৰ্কৰ ব্ৰক্স চিৰিয়াখানাৰ এটা বাঘ ছাৰছ-ক’ভ-২(ক’ভিড-১৯)ত সংক্ৰমিত বুলি সদৰি কৰিছে৷

 

https://wvvw.aphis.usda.gov/aphisinewsroominews/sa_by_date/sa-2020/ny-zoo-covid-19

ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনস্ত কেন্দ্ৰীয় চিৰিয়াখনা প্ৰাধিকৰণে দেশৰ সকলো চিৰিয়াখানাক সতৰ্ক হৈ থকাৰ লগতে চিচিটিভৰ জৰিয়তে ২৪ ঘণ্টাই জীৱ-জন্তুসমূহে কোনো অস্বাভাৱিক আচৰণ বা লক্ষণ কৰে নেকি নিৰীক্ষণ কৰাৰ পৰামৰ্শ দিছে৷ তদুপৰি, কোনো ৰখীয়া বা তত্ত্বাৱধায়ক ব্যক্তিগত সুৰক্ষা সঁজুলি(পিপিই) অবিহনে আৱেষ্টনী নোযোৱা, ৰুগীয়া জীৱ-জন্তুক আছুতীয়া আৰু কোৱাৰেণ্টাইত ৰখা আৰু জীৱ-জন্তুক আহাৰ দিয়াৰ সময়ত দুৰত্ব বজাই ৰাখিবলৈ কোৱা হৈছে৷

 

নিৰ্দেশাৱলীত লগতে কোৱা হৈছে যে মাংসহাৰী স্তন্যপ্ৰায়ী যেনে-মেকুৰী, নেউল, বান্দৰৰ দৰে প্ৰজাতিৰ ক্ষেত্ৰত সাৱধানে নিৰীক্ষণ কৰাৰ লগতে প্ৰতি ১৫ দিনৰ মুৰে মুৰে নিৰ্দিষ্ট জীৱ-জন্তুসমূহৰ ভিড-১৯ৰ পৰীক্ষণৰ বাবে ইয়াৰ নমুনা স্বাস্থ্য প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰিব লাগিব৷ এই ক্ষেত্ৰত ল’বলগীয়া সাৱধনতাৰ বাবে ৰাষ্ট্ৰীয় অথবা আইচিএমআৰৰ নিৰ্দেশনা মানি চলিবলৈ কোৱা হৈছে৷

১৷ নেচনেল ইনষ্টিটিউট অৱ হাই ছিকিউৰিটী এনিমেল ডিজিজ(এনআইএইচএছএডি), ভুপাল, মধ্যপ্ৰদেশ

২৷ নেচনেল ৰিছাৰ্চ চেণ্টাৰ অন ইকুইনছ(এনআৰচিই), হিছাৰ, হাৰিয়ানা

৩৷ চেণ্টাৰ ফৰ এনিমেল ডিজিজ এণ্ড ডায়’গনিষ্টিক(কাডৰাড)ইজাটনগৰ, বেৰেইলী, উত্তৰপ্ৰদেশ

কেন্দ্ৰীয় চিৰিয়াখানা প্ৰাধিকৰণে সকলো চিৰিয়াখানা কৰ্মচাৰীক চৰকাৰৰ দ্বাৰা ন’ভেল ক’ৰোনা ভাইৰাছ ৰোগ (ক’ভিড-১৯)ৰ সন্দৰ্ভত জাৰি কৰা সুৰক্ষা আৰু বীজানুমুক্ত প্ৰ’টকল কঠোৰভাৱে মানি চলিবলৈ কয়৷

তদুপৰি, চিৰিয়াখানাসসমূহক জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সময়ে সময়ে স্ক্ৰীনিং, পৰীক্ষণ আৰু নিৰীক্ষণ আৰু চিকিসাৰ নমুনা চৰকাৰৰ দ্বাৰা দায়িত্ব প্ৰদান কৰা সমন্বয়ৰক্ষী সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷

***

GK/DB



(Release ID: 1611846) Visitor Counter : 145