বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ক’ভিড-১৯ - এণ্টি-ভাইৰেল নেনো-কোটিং আৰু নেনোভিত্তিক সামগ্ৰী প্ৰস্তুত কৰিবলৈ উদ্যোগ আৰু ষ্টাৰ্ট-আপৰ পৰা হ্ৰস্বম্যাদী প্ৰস্তাৱ আহ্বান ডিএছটিৰ
                    
                    
                        
                    
                
                
                    Posted On:
                06 APR 2020 3:23PM by PIB Guwahati
                
                
                
                
                
                
                বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিং ব’ৰ্ড চমুকৈ SERB শীৰ্ষক প’ৰ্টেলৰ যোগেদি এণ্টি-ভাইৰেল নেনো-কোটিং আৰু নতুন নেনোভিত্তিক সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে হ্ৰস্বম্যাদী প্ৰস্তাৱ আহ্বান কৰিছে। উল্লেখ্য যে এই সামগ্ৰীখিনি বিশেষভাৱে পাৰ্ছনেল প্ৰ’টেক্টিভ ইকুইপমেণ্ট বা পিপিই’ত ব্যৱহাৰ কৰা হ’ব, যিটো পৰৱৰ্তী পৰ্যায়ত অধিক উৎপাদনৰ বাবে অংশীদাৰী উদ্যোগ বা ষ্টাৰ্ট-আপলৈ স্থানান্তৰ কৰা হ’ব পাৰে। ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে ভাৰতে চলাই থকা সংগ্ৰামখনত ব্যাপকভাৱে বৃদ্ধি পোৱা চিকিৎসা সামগ্ৰীৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত এই নেনো কোটিংবোৰে যথেষ্ট অৰিহণা যোগাব পাৰিব। ডিএছটিৰ নেনো অভিযানত প্ৰস্তাৱনা দাখিল কৰিবৰ বাবে শৈক্ষিক গোট আৰু ঔদ্যোগিক গোটসমূহক একত্ৰিত কৰাৰ উদ্দেশ্যেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এটা বৰ্ষৰ ভিতৰতে উৎপাদন বৃদ্ধি কৰিবৰ বাবে ঔদ্যোগিক অংশীদাৰসকলৰ সৈতে বহুমুখী প্ৰয়াস তথা সহযোগিতাক এই পদক্ষেপে উদ্বুদ্ধ কৰিব।
বৃহৎ পৰিমাণত এণ্টি-ক’ভিড-১৯ ত্ৰিপল লেয়াৰ মেডিকেল মাস্ক আৰু এন-৯৫ ৰেছপিৰেটৰ বা তাতোকৈ উন্নত মাস্ক উৎপাদন কৰিবৰ বাবে আৰু ক’ভিড-১৯ ৰ পৰা স্বাস্থ্যকৰ্মীসকলক সুৰক্ষা প্ৰদান কৰিবৰ বাবে এণ্টিভাইৰেল নেনো-কোটিং উৎপাদন কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই এই প্ৰস্তাৱ আহ্বান কৰা হৈছে।
উদ্যোগৰ অৱদান এইক্ষেত্ৰত কৰ্মী সমৰ্থন বা নেনো কোটিংৰ পৰীক্ষণৰ যোগেদি গ্ৰহণ কৰিব পৰা যাব, যাতে ইইউ বা ইউএছৰ মানদণ্ড পূৰণ কৰিব পৰা যায়।
লাভ কৰা আটাইবোৰ প্ৰস্তাৱ পৰীক্ষা কৰা হ’ব। প্ৰথমে লাভ কৰা প্ৰস্তাৱবোৰক প্ৰথমেই পৰীক্ষা কৰা হ’ব। উৎপাদিত সামগ্ৰী তথা উদ্যোগলৈ প্ৰেৰণ কৰা সামগ্ৰীবোৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ হ’ব লাগিব আৰু তাৰ সমান্তৰালকৈ ভাৰতীয় মানদণ্ড উন্নত কৰিব পৰা হ’ব লাগিব, যাতে নেনো-কোটিংভিত্তিক সামগ্ৰীবোৰৰ মানদণ্ড নিশ্চিত কৰিব পাৰি। প্ৰস্তাৱ দাখিলৰ অন্তিম তাৰিখ হৈছে ৩০ এপ্ৰিল, ২০২০। 
 
{আহ্বান কৰা প্ৰস্তাৱৰ বিষয়ে সবিশেষ তথ্য লাভ কৰিব www.serbonline.in ত।
সমন্বয়ৰক্ষী বিজ্ঞানীসকলৰ যোগাযোগৰ সবিশেষ - 
	- ড. টি. থাংগাৰাডজৌ, বিজ্ঞানী ই, SERB, ইমেইল: ttradjou@serb.gov.in
 
	- ড. নাগাবুপেথী মোহন, বিজ্ঞানী C, ডিএছটি, ইমেইল: boopathy.m[at]gov[dot]in
 
	- শ্ৰী ৰাজীৱ খান্না, বিজ্ঞানী C, ডিএছটি, ইমেইল: Khanna.rk[at]nic[dot]in 
 
সবিশেষ তথ্যৰ বাবে অনুগ্ৰহ কৰি যোগাযোগ কৰক - 
ড. মিলিন্দ কুলকাৰ্ণী, বিজ্ঞানী G আৰু মূৰব্বী, নেনো মিশ্যন, ডিএছটি
ইমেইল: milind[at]nic[dot]in, মোবাইল.: +91-9650152599, 9868899962}
 
*****
KGS/(DST)/RD
                
                
                
                
                
                (Release ID: 1611746)
                Visitor Counter : 198