গৃহ মন্ত্ৰালয়

সমগ্ৰ দেশতে চিকিৎসা অক্সিজেনৰ যোগান সুচল কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ মনোযোগ প্ৰদান কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিছে গৃহ মন্ত্ৰালয়ে

Posted On: 06 APR 2020 5:47PM by PIB Guwahati

সমগ্ৰ দেশতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সচিব শ্ৰী অজয় কুমাৰ ভাল্লাই ৰাজ্যসমূহৰ মুখ্য সচিবলৈ চিকিৎসা অক্সিজেনৰ যোগান ব্যৱস্থা সুচল কৰি ৰখাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰিছে৷ ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা অক্সিজেনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁ কয় যে চিকিৎসা অক্সিজেনক বিশ্ব স্বাস্থ্য সংস্থাৰ অত্যাৱশ্যকীয় চিকিৎসা সঁজুলিৰ তালিকাত স্থান দিয়া হৈছে৷

গৃহ মন্ত্ৰালয়ৰ পৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি চিকিৎসা সঁজুলিসমূহৰ নিৰ্মাণ, সেইসমূহৰ পেকেজিং সামগ্ৰীৰ নিৰ্মাণ, অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীৰ পৰিবহণ, চিকিৎসালয়ৰ আন্তঃগাঁথনিৰ প্ৰসাৰণ আদিৰ ক্ষেত্ৰত অনুমোদন প্ৰদান কৰা হৈছে৷ এই সমূহৰ প্ৰতি লক্ষ্য ৰাখি গৃহ সচিবে লকডাউনৰ সময়ত নিম্নোক্ত সামগ্ৰীসমূহৰ বাবে নিৰ্দেশনাত ব্যতিক্ৰম বুলি উল্লেখ কৰিছে৷

চিকিৎসা অক্সিজেন গেছ/তৰল, চিকিৎসা অক্সিজেন চিলিণ্ডাৰ, তৰল অক্সিজেন সঞ্চয় কৰাৰ বাবে ক্ৰায়’জেনিক টেংক, তৰল ক্ৰায়’জেনিক চিলিণ্ডাৰ, তৰল অক্সিজেন ক্ৰায়’জেনিক পৰিবহণ টেংক, পৰিৱেষ্টিত বাষ্প আৰু ক্ৰায়’জেনিক ভালভ, চিলিণ্ডাৰ ভালভ আৰু আনুষাংগিক সামগ্ৰীসমূহৰ সকলো নিৰ্মাণ খণ্ড;

উপৰোক্ত সামগ্ৰীসমূহৰ পৰিবহণ;

উপৰোক্ত সামগ্ৰীসমূহৰ সীমাৰ বাহিৰলৈ সঞ্চালন;

উপৰোক্ত সামগ্ৰীসমূহৰ নিৰ্মাণ কৰ্মী আৰু তেওঁলোক ঘৰৰ পৰা কাৰখানালৈ অহা যোৱা কৰাৰ বাবে অনুমতি পত্ৰ৷

এই নিৰ্দেশনাত উপৰোক্ত গতিবিধিসমূহ সম্পন্ন কৰাৰ ক্ষেত্ৰত সামাজিক ব্যৱধান মানি চলিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে৷ এই নীতি নিৰ্দেশনা পালন কৰোৱাটো অনুষ্ঠানটোৰ মুৰব্বীৰ দায়িত্ব হিচাপে বিবেচনা কৰা হৈছে৷ জিলা প্ৰাধিকৰণক এই নীতি কঠোৰভাৱে বলৱৎ কৰিবলৈ আহ্বান জনোৱা হৈছে৷ তাৰোপৰি জিলা প্ৰাধিকৰণ আৰু ক্ষেত্ৰীয় সংস্থাসমূহক চিকিৎসা অক্সিজেনৰ যোগানৰ ক্ষেত্ৰত উপৰোক্ত অনুপালনসমূহৰ বিষয়ে সজাগতা প্ৰদান কৰিবলৈও আহ্বান জনোৱা হৈছে৷

 

*****

VG/SNC/VM/MANN



(Release ID: 1611743) Visitor Counter : 262