স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ক জয়ৰ বাবে লোৱা প্ৰস্তুতিৰ বুজ ল’বলৈ ড০ হৰ্ষৱৰ্দ্ধনৰ ঝাঁঝৰৰ এইমছ ভ্ৰমণ
“লকডাউন আৰু সামাজিক দূৰত্বই ক’ভিড-১৯ৰ ফলপ্ৰসূ সামাজিক প্ৰতিষেধক”
ঝাঁঝৰৰ এইমছে ক’ভিড-১৯ৰ বাবে নিৰ্দিষ্ট কৰা চিকিৎসালয় হিচাপে কাম কৰিব
Posted On:
05 APR 2020 6:07PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষৱৰ্দ্ধনে ঝাঁঝৰৰ এইমছ ভ্ৰমণ কৰি ক’ভিড-১৯ক জয় কৰিবলৈ চিকিৎসালয়খন কিদৰে সাজু হৈছে তাৰ বুজ লয়।
ড০ হৰ্ষৱৰ্দ্ধনে কয় যে ৩০০ খন বিচনাযুক্ত আছুতীয়া কোঠাৰে উন্নত আৰু তৎকালীন চিকিৎসা সেৱা আগবঢ়াবলৈ সক্ষম ঝাঁঝৰৰ এইমছে ক’ভিড-১৯ৰ বাবে নিৰ্দিষ্ট কৰা চিকিৎসালয় হিচাপে কাম কৰিব। চিকিৎসালয়খনৰ প্ৰস্তুতি বুজ ল’বলৈ গৈ তেওঁ ক’ভিড-১৯ ৰোগীৰ বাবে নিৰ্দিষ্ট কৰা আছুতীয়া কোঠাৰ লগতে চিকিৎসক তথা অন্য স্বাস্থ্যকৰ্মীৰ আৱাসগৃহ ‘বিশ্ৰাম সদনো’ পৰ্যবেক্ষণ কৰে। ভ্ৰমণৰ সময়ত তেওঁ ভিডিঅ’ কলযোগে ক’ভিড-১৯ ৰোগীৰ সৈতে কথা পাতি তেওঁলোকৰ স্বাস্থ্যৰ লগতে ঝাঁঝৰৰ এইমছে প্ৰদান কৰা সা-সুবিধাৰো খবৰ লয় যাতে প্ৰয়োজনীয় উন্নয়নৰ কাম হাতত ল’ব পৰা যায়।
ভিডিঅ’ অথবা ভইচ কল প্ৰযুক্তিৰে সকলো সময়তে ক’ভিড-১৯ বুলি নিশ্চিত আৰু সন্দেহযুক্ত ৰোগীৰ স্বাস্থ্যৰ পৰ্যবেক্ষণৰ সুবিধা কৰাৰ বাবে ড০ হৰ্ষৱৰ্দ্ধনে ঝাঁঝৰৰ এইমছৰ শলাগ লয়। তেওঁ লগতে কয়, “যোৱা কেইবাদিনৰ পৰা মই দিল্লীৰ এইমছ, এল এন জে পি, আৰ এম এল, ছফদৰজঙ্গ আৰু এতিয়া এয়া ঝাঁঝৰৰ এইমছ ভ্ৰমণ কৰি ক’ভিড-১৯ক জয় কৰিবলৈ চিকিৎসালয়বোৰ কিদৰে সাজু হৈছে তাৰ বুজ লৈছো আৰু এনে জটিল সময়ত স্বাস্থ্যযোদ্ধা সকলৰ অভাৱনীয় মনোবল দেখি অভিভূত হৈছো।” তেওঁ লগতে কয় যে এই মহামাৰীৰ বিৰুদ্ধে সমুখ সমৰত ভাগ লোৱা চিকিৎসক, নাৰ্চ আৰু অন্য স্বাস্থ্যকৰ্মীসকলৰ কৰ্মতৎপৰতা, নিষ্ঠা আৰু দৃঢ়তা তথা চিকিৎসালয়বোৰৰ প্ৰস্তুতিকলৈ তেওঁ সম্পূৰ্ণ সন্তুষ্ট।
ৰোগী আৰু ৰোগীৰ সম্পৰ্কীয় ব্যক্তিৰদ্বাৰা চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীক আক্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কয় যে গৃহ মন্ত্ৰালয়ে এনে ঘটনাৰ পৰ্যালোচনা কৰিছে আৰু কৰ্তৃত্বত থকাসকলক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ইয়াৰ উচিত ব্যৱস্থা লোৱাৰ বাবে পৰামৰ্শ দিছে। তেওঁ কয়, “আমাৰ স্বাস্থ্যযোদ্ধা সকলে নিৰ্ভয়ে কাম কৰিব পাৰিব কাৰণ চৰকাৰে সমগ্ৰ শক্তিৰে তেওঁলোকৰ পক্ষত থিয় দিছে। এই যুদ্ধ আগুৱাই নিয়াৰ বাবে চিকিৎসক, নাৰ্চ আৰু অন্য স্বাস্থ্যকৰ্মীসকল আমাৰ সকলোৰে শ্ৰদ্ধা, কৃতজ্ঞতা আৰু সহযোগিতাৰ পাত্ৰ।”
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ক’ভিড-১৯ ৰ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ সমগ্ৰ দিশ ৰাজ্য চৰকাৰসমূহৰ সহযোগত দেশৰ উচ্চতম পৰ্যায়ৰপৰা নিৰীক্ষণ কৰি থকা হৈছে। প্ৰধানমন্ত্ৰীয়ে নিয়মিতভাৱে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সংশ্লিষ্ট মন্ত্ৰালয়/বিভাগৰ উচ্চতম বিষয়াৰ লগত পৰ্যালোচনা কৰি আছে।
ড০ হৰ্ষৱৰ্দ্ধনে ক’ভিড-১৯ ৰ বিস্তাৰ সীমিত কৰাৰ বাবে লকডাউনক অতিশয় ফলপ্ৰসূ উপায় জ্ঞান কৰি ভাৰতৰ জনগণক উৎসাহ আৰু গুৰুত্বসহকাৰে পালন কৰিবলৈ আহ্বান জনায়। “সমগ্ৰ বিশ্বৰ মানৱে দিন ৰাতি একাকাৰ কৰি এই মৰাত্মক ভাইৰাছৰ প্ৰতিষেধক উলিয়াবলৈ চেষ্টা কৰি আছে। যেতিয়ালৈকে প্ৰতিষেধক আৱিষ্কাৰ নহয়, আমি লকডাউন আৰু সামাজিক দূৰত্বকেই ক’ভিড-১৯ৰ ফলপ্ৰসূ সামাজিক প্ৰতিষেধক হিচাপে মানি চলিব লাগিব”, মন্ত্ৰীগৰাকীয়ে কয়।
পি পি ই, এন-৯৫ মাস্ক আৰু ভেন্টিলেটৰৰ বিষয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, “আমি ইতিমধ্যে দেশত ভৱিষ্যতে হ’বপৰা বৰ্দ্ধিত প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট পৰিমাণত ক্ৰয় কৰাৰ বাবে ঠিক কৰিছো।”
তেওঁ জনগণক প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাতি ৯ বজাত সমগ্ৰ দেশৰ জনতাৰ সৈতে একতা প্ৰদৰ্শন কৰি এগছি বন্তি জ্বলাই দেশখনক আন্ধাৰৰ পৰা উলিয়াই পোহৰাভিমুখী কৰিবৰ বাবে প্ৰাৰ্থনা জনাবলৈ অনুৰোধ কৰে।
*****
MV/MR/PRK
(Release ID: 1611512)
Visitor Counter : 184