শক্তি মন্ত্ৰালয়

নিষ্প্ৰদীপ কাৰ্যক্ৰমৰ পৰিপ্ৰেক্ষিতত বিদ্যুত্ গ্ৰীডৰ ব্যৱস্থাপনাক লৈ সঘনাই অৱতাৰণা হোৱা প্ৰশ্নসমূহ

Posted On: 05 APR 2020 5:21PM by PIB Guwahati

গ্ৰীড সুস্থিৰতাক লৈ হোৱা সকলো সন্দেহ নিৰশন কৰক

প্ৰশ্ন ১ : ঘৰৰ লাইটসমূহৰেই ছুইচ অফ্ কৰিব লাগিবনে, ষ্ট্ৰীট লাইট, সমূহীয়া এলেকাসমূহৰ লাইট, অত্যাৱশ্যকীয় সেৱা সমূহত ব্যৱহৃত লাইটসমূহো নিশা ৯ৰ পৰা ৯.০৯বজা পৰ্যন্ত নুমুৱাই ৰাখিব লাগিব?

উত্তৰ : প্ৰধান মন্ত্ৰীয়ে জনোৱা আহ্বান মতে কেৱল আবাসিক এলেকাৰ ঘৰসমূহৰ লাইটবোৰহে এই সময়কণত নুমুৱাব লাগিব। অৱশ্যে এয়াও নিতান্তই স্বেচ্ছামূলক সিদ্ধান্তৰ ভিত্তিতহে কৰিবলৈ কোৱা হৈছে। এই সময়চোৱাত বাট-পথ, সমূহীয়া এলেকা , চিকিত্সালয় আদিৰ দৰে অত্যাৱশ্যকীয় সেৱাৰে জড়িত স্থানসমূহৰ লাইট নুমুৱাৰ কোনো প্ৰয়োজন নাই বুলি পুনৰ দোহৰা হৈছে।

প্ৰশ্ন ২ : নিষ্প্ৰদীপ কাৰ্যক্ৰমৰ সময়চোৱাত ঘৰৰ লাইটকেইটাৰ বাহিৰে আন ঘৰুৱা উপকৰসমূহো বন্ধ কৰিব লাগিব নেকি?

উত্তৰ : আপোনালোকৰ ঘৰৰ সকলোবোৰ বৈদ্যুতিক উপকৰণ সুৰক্ষিত থাকিব। এই সময়চোৱাত ফেন, ফ্ৰীজ, এচি আদিৰ দৰে উপকৰণ সমূহৰ ছুইচ অফ কৰাৰ কোনো প্ৰয়োজন নাই। হঠাতে তাৰতম্য ঘটিব পৰা বিদ্যুতৰ লোড চম্ভালি লোৱাৰ বাবে ভাৰতীয় গ্ৰীড-ব্যৱস্থাপনা নিতান্তই সক্ষম আৰু লোড ফ্ৰিকুৱেন্সিৰ যিকোনো ধৰণৰ পৰিৱৰ্তনো চম্ভালি লব পৰাকৈ এই ব্যৱস্থাত সংযুক্ত প্ৰায়সমূহ সা-সৰঞ্জাম, উপকৰণ নিৰ্মাণৰ সময়তে সক্ষম কৰি তৈয়াৰ কৰা হয়। সেয়ে সকলো ঘৰুৱা বৈদ্যুতিক উপকৰণ সম্পূৰ্ণ ভাবে সুৰক্ষিত আৰু নিৰাপদে থাকিব বাবেই এনেবোৰ উপকৰণ নিয়মীয়া ভাবে ৰাখিব পৰা যাব।

প্ৰশ্ন ৩ : ৫এপ্ৰিলৰ নিশা ৯বজাৰ পৰা ৯.০৯বজালৈ কাৰ্যক্ৰম পালনৰ সময়ত গ্ৰীডসমূহত হব পৰা যি কোনো পৰিস্থিতি চম্ভলাৰ বাবে সকলো বিধি-ব্যৱস্থা মানি চলা হব নে?

উত্তৰ : নিশ্চয়। এৰা, গ্ৰীডসমূহৰ সুস্থিৰতা অটুত ৰখাৰ বাবে সকলো ধৰণৰ বিধিগত ব্যৱস্থাপনা বাহাল ৰখা হৈছে।

প্ৰশ্ন ৪ : লাইট নুমুৱাতো বাধ্যতামূলক নে, স্বেচ্ছামূলক?

উত্তৰ : নিশ্চয় স্বেচ্ছামূলক। এই সময়চোৱাত কেৱল ঘৰৰ লাইটসমূহহে নুমুৱাবলৈ আহ্বান জনোৱা হৈছে।

প্ৰশ্ন ৫ : এই সময়চোৱাত গ্ৰীড সমূহত অস্থিৰতা সৃষ্টি হোৱাৰ লগতে ভল্টেজৰ সঘন তাৰতম্য ঘটাৰ ফলত আমাৰ ঘৰুৱা বৈদ্যুতিক উপকৰণসমূহৰ অনিষ্ঠ হব পাৰে বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে।

উত্তৰ : এনে সন্দেহৰ কোনো অৱকাশ নাই। এয়া তেনেই সাধাৰণ ধৰণ কথাহে। এনেধৰণৰ কথা-কাণ্ড সুচাৰুৰূপে চম্ভালি লব পৰাকৈ ভাৰতীয় গ্ৰীড ব্যৱস্থা বাৰুকৈয়ে সক্ষম।

প্ৰশ্ন ৬ : নিষ্প্ৰদীপৰ সময়ত হব পৰা বিদ্যুত প্ৰবাহৰ হঠাত্ তাৰতম্য চম্ভালি লব পৰাকৈ আমাৰ গ্ৰীড প্ৰবন্ধন ব্যৱস্থাত উপযুক্ত প্ৰযুক্তি ব্যৱহৃত হৈ আছে নে?

উত্তৰ : ভাৰতীয় গ্ৰীড-ব্যৱস্থা অতিকে বিস্তৃত আৰু ইয়াৰ প্ৰবন্ধনৰ বাবে উত্কৃষ্ট আৰু কলা-সুলভ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। সেয়ে যিকোনো পৰিস্থিতিতে গ্ৰীডসমূহৰ সুৰক্ষা আৰু সুস্থিৰতা ৰক্ষা কৰাৰ বাবে এই ব্যৱস্থা নিতান্তই উপযুক্ত।

প্ৰশ্ন ৭ : ফেন, ৰিফ্ৰিজাৰেটৰ, এ-চি আদি উপকৰণবোৰৰ ছুইচ এই সময়ত বন্ধ কৰি ৰাখিব লাগিবনে, নে এইবোৰ চলাই ৰাখিব পৰা যাব?

উত্তৰ : আপোনালোকৰ সকলোবোৰ উপকৰণ নিতান্তই সুৰক্ষিত থাকিব। এনেবোৰ উপকৰণ এই সময়চোৱাতো নিয়মীয়াকৈ চলাই ৰাখিব পাৰিব।

প্ৰশ্ন ৮ : এই সময়চোৱাত ষ্ট্ৰীট লাইটবোৰো নুমুৱাব লাগিব নেকি?

উত্তৰ :  নাই নালেগে। বৰঞ্চ এই সময়চোৱাত ৰাজহুৱা সুৰক্ষাৰ স্বাৰ্থত ষ্ট্ৰীট লাইটসমূহ জ্বলাই ৰখাৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক বিশেষ ভাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱাহে হৈছে।

প্ৰশ্ন ৯ : হাস্পটাল আৰু আন জৰুৰীকালীন সেৱাসমূহৰ সৈতে জড়িত কাৰ্যালয়, কেন্দ্ৰ আদিতো এই কাৰ্যসূচী পালন কৰা হব নেকি?

উত্তৰ : নিশ্চয় নহয়। বৰঞ্চ এই সময়চোৱাত হাস্পটালকে ধৰি সকলো ধৰণৰ অত্যাৱশ্যকীয় সেৱাৰে জড়িত কাৰ্যালয়, কেন্দ্ৰ, সামূহিক এলেকা, আৰক্ষী থানা, উত্পাদন গোট আদিত নিয়মীয়াভাবে লাইট জ্বলি থাকিব। প্ৰধানমন্ত্ৰীয়ে কেৱল ঘৰৰ লাইটবোৰহে নিৰ্দ্ধাৰিত সময়কণৰ বাবে নুমুৱাবলৈ গোঁহাৰি জনাইছে।

প্ৰশ্ন ১০ : ঘৰুৱা লাইটৰ সামগ্ৰীক বিদ্যুত লোড মুঠ লোডৰ প্ৰায় ২০শতাংশ। একে সময়েতে সমগ্ৰ দেশৰে লাইটবোৰ নুমুৱাই দিয়াৰ বাবে যদি হঠাতে এই পৰিমাণৰ লোড গ্ৰীডসমূহত বাঢ়ি যায় তেন্তে গ্ৰীডবোৰত অস্থিৰতাই দেখা দিব নেকি? এনে পৰিস্থিতিৰ বাবে সাজু আছে নে মন্ত্ৰালয়?

উত্তৰ : ঘৰুৱা লাইটৰ বাবদ প্ৰয়োজন হোৱা বিদ্যুতৰ মুঠ লোডৰ পৰিমাণ ২০শতাংশতকৈ কম। সেয়ে চাহিদাৰ ক্ষেত্ৰত হঠাতে হব পৰা এনে হ্ৰাসে সৃষ্টি কৰিব পৰা পৰিস্থিতি সহজেই চম্ভালি লব পৰা যাব। ইয়াৰ বাবে পৰ্যাপ্ত বিধি-ব্যৱস্থা গ্ৰীডসমূহত সংযোজিত হৈয়ে আছে।

প্ৰশ্ন ১১ : এই সময়চোৱাত লোড-শ্বেডিং হব নেকি? যদি হয়, তেন্তে তেতিয়া কি হব পাৰে বাৰু?

উত্তৰ : নাই, লোড-শ্বেডিং কৰাৰ কোনো পৰিকল্পনা নাই।

***

RCJ/M/KB



(Release ID: 1611447) Visitor Counter : 194