মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ সংক্ৰমণে সৃ্ষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত দেশৰ কেন্দ্ৰীয় বিশ্ববদ্যালয়সমূহৰ উপাচাৰ্যসকলৰ সৈতে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ণ দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰিয়াল ‘নিশাংক’ৰ ভিডিঅ’ কনফাৰেন্স

‘স্বয়ম’ আৰু অন্যান্য বিদ্যায়তনিক ডিজিটেল মাধ্যমৰ ব্যৱহাৰেৰে শিক্ষাদান অব্যাহত ৰখাত গুৰুত্ব<

‘অন লাইন’ শিক্ষা উন্নীত কৰা আৰু অনলাইন পৰীক্ষা সম্পৰ্কে পৰামৰ্শ প্ৰদানৰ বাবে ‘ইগনৌ’-ৰ উপাচাৰ্য অধ্যাপক নাগেশ্বৰ ৰাওৰ অধ্যক্ষতাত পৰামৰ্শদাতা সমিতি গঠন - কেন্দ্ৰীয় মানৱ সম্পদ উলয়ন মন্ত্ৰী

Posted On: 04 APR 2020 9:39PM by PIB Guwahati

ভিড-১৯ৰ সংক্ৰমণে সৃ্ষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত দেশৰ কেন্দ্ৰীয় বিশ্ববদ্যালয়সমূহৰ উপাচাৰ্যসকলৰ সৈতে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ণ দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰিয়াল নিশাংকে ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে আজি এক অলোচনাত মিলিত হয়। আজিৰ আলোচনাত তেওঁলোকে নিম্নোল্লিখিত প্ৰসংগসমূহৰ বিষয়ে চৰ্চা কৰাৰ লগতে আলোচনাৰ সিদ্ধান্ত অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে

১. দুৰ্যোগৰ সময়চোৱাত ছাত্ৰাবাস-ছাত্ৰীনিবাসসমূহত থকা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিশ্বাবিদ্যালয়সমূহৰ সকলো বৌদ্ধিক আৰু শিক্ষায়তনিক বিষয়া-কৰ্মীসকলৰ স্বাস্থ্য সুৰক্ষাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হব।

২. বিশ্ববিদ্যালয়সমূহত সামাজিক ব্যৱধানবিধি সম্পূৰ্ণৰূপে পালনৰ ব্যৱস্থা কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে আইছলেশ্যন আৰু আৱদ্ধকৰণ বিধি পালনৰো পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰা হয়। সেইদৰে

৩. বিশ্ববিদ্যালয়সমূহত সন্দেহযুক্ত কভিড-১৯ আক্ৰান্তৰ পৰীক্ষণৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা

৪. ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনা অব্যাহত ৰখাৰ দিহা কৰা

৫. ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা

৬. কৰ্মচাৰী(স্থায়ী, অস্থায়ী তথা দৈনিক মজুৰীভিত্তিক)সকলৰ দা-দৰমহা সম্পৰ্কীয় সমস্যাৱলীৰ সমাধান কৰা

৭. কভিড-১৯সম্পৰ্কীয় তথ্য পাতি আদি চিয়েল মিডিয়াৰ জৰিয়তে প্ৰদানৰ ব্যৱস্থা কৰা

৮. কভিড-১৯ সম্পৰ্কীয় গৱেষণাৰ দিহা কৰাত গুৰুত্ব আৰোপ কৰা হয়।

আলোচনাত সকলো বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সংকটৰ এই মুহূৰ্তত আহিব পৰা সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে সাজু থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। ইফালে বিশ্ববিদ্যালয়সমূহৰ চৌহদত এতিয়াও বসবাস কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ খোৱা-বোৱা আৰু মানসিক-স্বাস্থ্য সুৰক্ষাৰ বাবে বিশেষ নজৰ ৰখাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে সংশ্লিষ্টসকলোৱে। ইফালে বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু আলিগড় মুছলীম বিশ্ববিদ্যালয়ত ৪০খনকৈ বিচনাযুক্ত দুটা আইছলেশ্যন কক্ষ স্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলি আলোচনাত তথ্য প্ৰকাশ কৰা হয়। শিক্ষাবৰ্ষ বিলম্বিত নোহোৱাকৈ ৰখাৰ বাবে প্ৰায়সমূহ বিশ্ববিদ্যালয়েই ডিজিটেল মাধ্যমেৰে পাঠদান অব্যাহত ৰখাৰ কথাও জানিবলৈ দিয়ে।

আলোচনাকালত মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়সমূহৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক স্বয়ম আৰু স্বয়ম প্ৰভা-ৰ লগতে অন্যান্য বিদ্যায়তনিক ডিজিটেল মঞ্চসমূহ সণ্ঢালনিকৈ ব্যৱহাৰ কৰাৰ বাবে উত্সাহিত কৰাৰ দিহা কৰিবলৈ উপাচাৰ্যসকলক আহ্বান জনায়। ইফালে অন লাইন ব্যৱস্থাৰে পৰীক্ষা অনুষ্ঠিত কৰা অথবা এনে পৰীক্ষাৰ বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰি পৰামৰ্শ আগবঢ়োৱাৰ বাবে ইগনৌ-ৰ উপচাৰ্য অধ্যাপক নাগেশ্বৰ ৰাওৰ অধ্যক্ষতাত এখন পৰামৰ্শদাতা সমিতি ইতিমধ্যে গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

সেইদৰে. শিক্ষাবৰ্ষৰ বাবে এখন বৌদ্ধিক দিনপঞ্জী যুগুতোৱাবলৈ ইউজিচি-ৰ অধ্যক্ষগৰাকীৰ নেতৃত্বত এখন সমিতি গঠনৰো সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে। সমিতিখনে সাম্প্ৰতিক পৰিস্থিতিৰ বাবে হোৱা বিলম্বৰ জোৰা কেনেকৈ মৰা হব সেই সংক্ৰান্তত পৰামৰ্শ দান কৰিব।

ইফালে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ সুৰক্ষা নিশ্চিত কৰিব পৰা ব্যৱস্থাৱলীৰ বাবে পৰামৰ্শ আগবঢ়াব পৰাকৈ আন এখন সমিতি এগৰাকী যুটীয়া সচিবৰ নেতৃত্বত গঠনৰো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।

বিশ্ববিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীৰ দা-দৰমহাসমূহ, আনকি কিবা পৰিস্থিতিত কৰ্তব্যত অনুপস্থিত থকা দিনৰ বাবেও সম্পূৰ্ণভাবে আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে উপাচাৰ্যসকলক আহ্বান জনায়।

তেওঁ সংশ্লিষ্টসকলোকে পিএম কেয়াৰ্ছ পুঁজিলৈ যথা সাধ্যে অৰিহণা আগবঢ়োৱাৰ লগতে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনায় ৫এপ্ৰিলৰ নিশা ৯বজাত নিষ্প্ৰদীপ কাৰ্যসূচী পালনৰ বাবে আহ্বান জনায়।

তেওঁ আৰোগ্য সেঁতু এপৰ সদ্ব্যৱহাৰৰ লগতে আয়ুষ মন্ত্ৰালয়ে আগবঢ়োৱা কভিড-১৯ প্ৰতিৰোধী পৰামৰ্শাৱলী পালনৰ বাবেও সকলোকে গোঁহাৰি জনায়।

মন্ত্ৰীগৰাকীয়ে সকলো উপাচাৰ্যকে নিম্নোল্লিখিত পদক্ষেপসমূহ গ্ৰহণৰ আহ্বান জনায়--

ক) অন লাইনৰ জৰিয়তে মুঠ নামভৰ্তিৰ অনুপাত বৃদ্ধি কৰা

খ) পঠনৰ মান আৰু স্তৰ উত্তৰণৰ প্ৰয়াস কৰা

গ) বিশ্ববিদ্যালসমূহৰ চৌহদত শৃংখলাবদ্ধতা বৰ্তাই ৰখা

ঘ) কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহক উতকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে যুক্তি পূৰ্ণ কৌশল গ্ৰহণ কৰা

ঙ) পৰিস্থিতি উন্নত হলেই বৌদ্ধিক কাম-কাজ আৰম্ভ কৰিব পৰাকৈ শিক্ষাবৰ্ষৰ দিনপঞ্জী তৈয়াৰৰ বাবে আগতীয়া পৰিকল্পনা যুগতোৱাত গুৰুত্ব প্ৰদান কৰা।

 

*****

 

NB/AKJ/AK/KB



(Release ID: 1611360) Visitor Counter : 193