খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়

খাদ্য প্ৰস্তুতকৰণ উদ্যোগৰ সমস্যাৱলী সমাধানৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ সৈতে নিয়মীয়াকৈ বৈঠকত মিলিত হব খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ঃ হৰছিমৰত কৌৰ বাদল

ক’ভিড-১৯ৰ লকডাউনৰ সময়ত উদ্যোগখণ্ডৰ প্ৰতিনিধিবৰ্গৰ সৈতে দ্বিতীয়খন ভিডিঅ’ কনফাৰেন্সত মিলিত হৈছে খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী

Posted On: 05 APR 2020 2:07PM by PIB Guwahati

কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী শ্ৰীমতী হৰছিমৰত কৌৰ বাদলে কয় যে খাদ্য সংসাধন উদ্যোগে ইয়াৰ অন্তৰ্গত উদ্যোগসমূহত দেখা দিয়া বিভিন্ন সমস্যা সমাধানৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ সৈতে নিয়মীয়াকৈ বৈঠকত মিলিত হব খাদ্য সংসাধন উদ্যোগ মন্ত্ৰীগৰাকীয়ে এফআইচিচিআই, চিআইআই, এছোচেম, পিএইচডিচিচিআইৰ লগতে অন্যান্য কেতবোৰ প্ৰধান সংস্থাৰ সৈতে ৪ এপ্ৰিল, ২০২০ত লকডাউনৰ পাছত চৰকাৰৰ মধ্যস্থতাত দুগুন উসাহেৰে খাদ্য প্ৰস্তুতকৰণ খণ্ডৰ বিকাশ কৰিব পৰাকৈ পৰামৰ্শমুলক আলোচনাত মিলিত হয়৷ ভিডিঅকনফাৰেন্সৰ সময়ত খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ একাংশ জ্যেষ্ঠ বিষয়াই প্ৰথম ভিডিঅকনফাৰেন্সত আলোচনা হোৱা বিভিন্ন সমস্যা তথা ব্যৱসায়ৰ পৰিৱেশ সহজ কৰি তোলাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ সন্দৰ্ভত অৱগত কৰে৷

মন্ত্ৰালয়ে জনায় যে উদ্যোগসমূহে সামগ্ৰীৰ যোগান শৃংখলা তথা লজিষ্টিক ব্যৱস্থাৰ বাবে পৰ্যাপ্ত খাদ্য আৰু ঔষধ যোগান ধৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সৰু সৰু সমস্যাৱলী সমাধানৰ বাবে এক অভিযোগ কোষ গঠন কৰিছে, যাৰ জৰিয়তে ইতিমধ্যে লাভ কৰা ৩৪৮টা প্ৰশ্নৰ ৫০% সমাধান দিয়াৰ বিপৰীতে বাকীবোৰ অভিযোগ পৰ্যায়ক্ৰমে নিষ্পত্তি কৰি থকা হৈছে৷ উদ্যোগসমূহৰ সদস্যবৃন্দই কয় যে খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰালয়ৰ ব্যাপক সমৰ্থনত সামগ্ৰীৰ পৰিবহণ আৰম্ভ হৈছে৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লকডাউন উঠোৱাৰ পাছতে খাদ্য সংসাধন উদ্যোগৰ কাম-কাজ পূৰ্ণ গতিত চলাটো নিশ্চিত কৰাৰ বাবে উদ্যোগসমূহৰ মুৰব্বীসকলৰ পৰা পৰামৰ্শ বিচাৰে৷ মুৰব্বীসকলে বিশেষকৈ শ্ৰমিকক কামলৈ ঘুৰাই অনাৰ প্ৰয়োজনীয়তা; তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ দিয়া; উদ্যোগসমূহত তাক্ষণিক তাৰল্যতাৰ সমস্যা আৰু কৃষিজাত সামগ্ৰী উপাদনৰ বাবে প্ৰয়োজনীয় কৰ্মী মুলধনৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলত কাম কৰাৰ ক্ষেত্ৰত দেখা সমস্যাৱলী ইত্যাদি দিশত পৰামৰ্শ আগবঢ়ায়৷

মন্ত্ৰী হৰছিমৰত কৌৰ বাদলে উদ্যোগসমূহে আগবঢ়োৱা পৰামৰ্শৱলীৰ বাবে ধন্যবাদ জনোৱাৰ লগতে তেওঁলোকে উত্থাপন কৰা সমস্যাৱলীৰ সমাধানৰ আশ্বাস দিয়ে৷ তেওঁ সকলোকে সুস্থ হৈ আৰু নিৰাপদে থকাটো কামনা কৰে৷

খাদ্য সংসাধন উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উদ্যোগসমূহে দাঙি ধৰা বিভিন্ন দিশৰ বাবে প্ৰশংসা কৰাৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ৰা্জ্যত দেখা দিয়া সমস্যাৰ সমাধানৰ আশ্বাস দিয়ে৷

****

RJ/NG/DB



(Release ID: 1611346) Visitor Counter : 147