প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ ৰ পৰা প্ৰাথমিক স্বাস্থ্যকৰ্মীসকলৰক ৰক্ষা কৰিবৰ বাবে ছেনিটাইজেশ্যন এনক্লোজাৰ আৰু ফে’চ শ্বিল্ড প্ৰস্তুত কৰিছে ডিআৰডিঅ’-ই

Posted On: 04 APR 2020 6:29PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ উদ্দেশ্যে আৰু এক ফলপ্ৰসূ ৰূপত বিজ্ঞানসন্মতভাৱে কিছু সামগ্ৰী প্ৰস্তুত কৰিছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান চমুকৈ ডিআৰডিঅ’-ই। এক বৃহৎ পৰিমাণে সামগ্ৰী উৎপাদন কৰিবৰ বাবে ডিআৰডিঅ’ পৰীক্ষাগাৰসমূহে বিভিন্ন উদ্যোগ অংশীদাৰৰ সৈতে কাম কৰি আছে।

পাৰ্ছনেল ছেনিটাইজেশ্যন এনক্লোজাৰ (PSE)

ডিআৰডিঅ’ৰ অধীনস্থ পৰীক্ষাগাৰ আহমেদনগৰস্থিত ভেহিকল ৰিচাৰ্ছ ডেভেলপমেণ্ট এষ্টাবলিশ্বমেণ্ট চমুকৈ VRDE এ পিএছই শীৰ্ষক এক সম্পূৰ্ণ দেহ সংক্ৰমণমুক্ত কৰিব পৰা চেম্বাৰ সাজি উলিয়াইছে। এই বিশেষ চেম্বাৰ বা কোঠাটোৰ মাজেৰে এবাৰত এজনকৈ লোক পাৰ হ’ব পাৰে আৰু পাৰ হৈ যাওঁতেই লোকগৰাকীৰ দেহটো সংক্ৰমণ মুক্ত কৰি তোলা হয়। এই প’ৰ্টেবল ব্যৱস্থাটোত আছে ছেনিটাইজাৰ আৰু চাবোনৰ ডিছপেন্সাৰ। এই কোঠাটোত প্ৰৱেশ কৰাৰ লগে লগে এটা ভৰিৰে মৰা পেডেল ব্যৱহাৰেৰে সংক্ৰমণ মুক্তকৰণৰ কাম আৰম্ভ হয়। ইয়াৰ পিছতেই বৈদ্যুতিবভাৱে চালিত পাম্প এটাই লোকগৰাকীক দেহটো সংক্ৰমণমুক্ত কৰিবৰ বাবে হাইপ’-ছ’ডিয়াম ক্ল’ৰাইডৰ এক ‘ডিছইনফেক্টেণ্ট মিষ্ট’ প্ৰস্তুত কৰে। এই মিষ্ট স্প্ৰে’খিনি প্ৰায় ২৫ ছেকেণ্ড সময়ৰ বাবে উৰি থাকে আৰু নিজেই বন্ধ হৈ পৰে আৰু সংক্ৰমণমুক্ত কৰা কাৰ্যটো শেষ হোৱাৰ ইংগিত প্ৰদান কৰে। এই প্ৰক্ৰিয়া অনুসৰি, কোঠাটোত প্ৰৱেশ কৰাৰ লগে লগে লোকগৰাকীয়ে চকুদুটা বন্ধ কৰি দিব লাগে।

এই ব্যৱস্থাটোৰ মুধচ আৰু তলৰ ফালে সৰ্বমুঠ ৭০০ লিটাৰৰ সামৰ্থ্য থকা দুটা টেংক ৰখা হৈছে। এবাৰ ৰিফিল কৰাৰ পিছত এই কোঠাটোৰে প্ৰায় ৬৫০ জন লোক পাৰ হৈ যাব পাৰে।

এই ব্যৱস্থাটোৰ ভিতৰফালে কি হৈ আছে সেয়া দেখা পাবৰ বাবে কাষৰ বেৰবোৰত গ্লাছ পেনেল স্থাপন কৰা হৈছে আৰু নিশাও ব্যৱহাৰৰ উপযোগী কৰি ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ লাইটৰ ব্যৱস্থাও কৰা হৈছে। সামগ্ৰিক কাৰ্যাৱলী তদাৰক কৰিবৰ বাবে এই কোঠাটোৰ সৈতে এটা আছুতীয়া কেবিনো সংযোজন কৰা হৈছে ইয়াৰ পৰিচালকৰ বাবে।

এই ছিষ্টেমটো মাত্ৰ চাৰি দিনৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা হৈছে গাজিয়াবাদৰ মেছাৰ্চ ডি এইচ লিমিটেডৰ সহায়ত। এই ছিষ্টেমটো বিভিন্ন চিকিৎাসালয়, মল, কাৰ্যালয় আদিৰ প্ৰৱেশ দ্বাৰ আৰু প্ৰস্থান দ্বাৰৰ কাৰষত স্থাপন কৰিব পাৰি, যাতে প্ৰৱেশ কৰোতে আৰু ওলাই যাওঁতে প্ৰতিগৰাকী লোকক সংক্ৰমণমুক্ত কৰিব পৰা যায়।

ফুল ফে’চ মাস্ক (FFM)

হায়দৰাবাদৰ ৰিছাৰ্চ চেণ্টাৰ ইমাৰত চমুকৈ RCI আৰু চণ্ডীগড়ৰ টাৰ্মিনেল বেলিষ্টিক্স ৰিচাৰ্ছ লেবৰেট’ৰী চমুকৈ TBRL এ স্বাস্থ্যকৰ্মীসকলৰ বাবে, বিশেষকৈ ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসা কৰা স্বাস্থ্যকৰ্মীসকলৰ বাবে এক মুখমণ্ডল সুৰক্ষিত কৰিব পৰা মাস্ক প্ৰস্তুত কৰি উলিয়াইছে। দীৰ্ঘসময় ধৰি পিন্ধি থাকিলেও কোনো অসুবিধা নহ’বৰ বাবে ইয়াক পাতলকৈ প্ৰস্তুত কৰা হৈছে। এই ডিজাইনটোত সহজলভ্য A4 আকাৰৰ অ’ভাৰহেড প্ৰজেকশ্যন (OHP) ফিল্ম ব্যৱহাৰ কৰা হয় মুখমণ্ডলৰ সুৰক্ষাৰ বাবে।

ইয়াত থকা হোল্ডিং ফ্ৰেমটো প্ৰস্তুত কৰা হৈছে ফিউজড ডিপ’জিশ্যন মডেলিং (থ্ৰীডি প্ৰিণ্টিং) ৰ ব্যৱহাৰেৰে। ফ্ৰেমটোৰ থ্ৰীডি প্ৰিণ্টিংৰ বাবে ব্যৱহাৰ কৰা হৈছে প’লিলেক্টিক এছিড ফিলামেণ্ট। ইয়াত থকা থাৰ্মোপ্লাষ্টিকখিনি আহৰণ কৰা হয় পুনৰ নবীকৰণযোগ্য সামগ্ৰী যেনে মাকৈ বা কুঁহিয়াৰৰ নিৰ্যাসৰ দৰে সামগ্ৰীৰে, যিটোজৈৱিকভাৱে মাটিৰ লগত মিহলৈ হৈ যায়। বৃহৎ পৰিমাণত উৎপাদন কৰিবৰ বাবে ইনজেকশ্যন মডিউলিং টেকনিকৰ ব্যৱহাৰেৰে এই ফে’চমাস্ক ৰাজহুৱা ব্যৱহাৰ কৰিব পৰাকৈ মুকলি কৰি দিয়া হ’ব।

উল্লেখ্য যে টিবিআৰএলত প্ৰতিদিনেই এহেজাৰকৈ এনে ফে’চশ্বিল্ড উৎপাদন কৰি থকা হৈছে আৰু চণ্ডীগড়ৰ প’ষ্টগ্ৰেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্ছলৈ আগবঢ়োৱা হৈছে। ঠিক তেনেদৰে আৰচিআইত ১০০ টা উৎপাদন কৰা হৈছে আৰু সেইখিনি মাস্ক হায়দৰাবাদৰ ৰাজ্যিক কৰ্মচাৰী বীমা নিগম চমুকৈ ইএছআইচিলৈ প্ৰেৰণ কৰা হৈছে। সফল পৰীক্ষণৰ পিছতেই ইতিমধ্যেই পিজিআইএমইআৰ আৰু ইএছআইচি হস্পিতালৰ পৰা ১০০০০ ফে’চশ্বিল্ডৰ অৰ্ডাৰ লাভ কৰা হৈছে।

***

 

ABB/SS/Nampi/KA/DK/Savvy/ADA/RD



(Release ID: 1611321) Visitor Counter : 150