পৰ্যটন মন্ত্ৰালয়
পৰ্যটন আৰু হস্পিটেলিটী খণ্ডৰ উদ্যোগ সন্থাৰ সৈতে পৰ্যটন মন্ত্ৰালয়ৰ ভাৰ্চুৱেল সন্মিলন
Posted On:
04 APR 2020 5:07PM by PIB Guwahati
পৰ্যটন মন্ত্ৰালয়ে শুকুৰবাৰে পৰ্যটন আৰু হস্পিটেলিটী খণ্ডৰ উদ্যোগ সন্থাৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত মিলিত হয়৷ পৰ্যটন সচিব শ্ৰী যোগেন্দ্ৰ ত্ৰিপাঠীৰ নেতৃত্বত আয়োজিত এই বৈঠকত মন্ত্ৰালয়ৰ জেষ্ঠ বিষয়ববীয়া সকল উপস্থিত থাকে৷ ৰিমোট কনফাৰেন্সিঙৰ মাধ্যমেৰে বৈঠকত অংশ লোৱা সন্থাৰ প্ৰতিনিধিসকলৰ ভিতৰত আছিল এফএআইটিএইচ; যি হ’ল চিআইআই, এফআইচিচিআই, পিএইচডিচিচিআই আৰু আইএমএআইৰ দৰে ৯ সন্থাৰ মাতৃস্বৰূপ৷
ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা সংকটৰ পৰা পৰ্যটন আৰু হস্পিটেলিটী খণ্ডক উদ্ধাৰ কৰিবলৈ উদ্যোগ খণ্ডই কেইবাটাও ধাৰণা আৰু পৰামৰ্শ আগবঢ়ায়৷ মন্ত্ৰালয়ে এই বিষয়ত উদ্বিগ্নতা প্ৰকাশ কৰে আৰু সন্থাক আশ্বাস দিয়ে যে এই সংকটৰ সময়ত চৰকাৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ সৈতে আছে আৰু পৰ্যটন মন্ত্ৰালয়ে এই দিশত কাম কৰি আছে৷
মন্ত্ৰালয়ে লকডাউনৰ সময়ছোৱাত জনসাধাৰণক ঘৰৰ ভিতৰত নিৰাপদে থকাৰ প্ৰয়োজন সন্দৰ্ভত আৰু সমগ্ৰ বিশ্বলৈ স্বাভাৱিক পৰিস্থিতি উভতি আহিলে ভ্ৰমণৰ বাবে সকলোকে সাজু কৰি তোলাৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়াত সজাগতা সৃষ্টি কৰিছে৷
*******
NB/AKJ/OA/MS
(Release ID: 1611297)