প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ

Posted On: 04 APR 2020 9:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্পেইন চৰকাৰৰ অধ্যক্ষ (প্ৰধানমন্ত্ৰী মোদীৰ সমপৰ্যায়) পেড্ৰ ছানছেজ পেৰেজ-কাষ্টেজনৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয। দুয়োগৰাকী নেতাই ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা বিশ্বজোৰা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এই ৰোগত স্পেইনত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আক্ৰান্ত হৈ থকা ৰোগীসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে স্পেইনৰ প্ৰধানমন্ত্ৰীক তেওঁলোকৰ এই সাহসী প্ৰচেষ্টাত তেওঁলোকৰ কাষত থিয় দিয়াৰ লগতে সম্ভাব্য সকলোধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে।

দুয়োগৰাকী নেতাই এই বিশ্বজোৰা স্বাস্থ্য সংকটৰ বিৰুদ্ধে যুঁজিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ সন্দৰ্ভত সহমত প্ৰকাশ কৰে। কভিড-১৯ৰ পাছৰ যুগৰ বাবে বিশ্বক গোলকীকৰণৰ এক নতুন, মানৱকেন্দ্ৰিক ধাৰণাৰ প্ৰয়োজন হোৱা বুলি প্ৰধানমন্ত্ৰী মোদীৰ পৰ্যবেক্ষণৰ প্ৰতি সহমত প্ৰকাশ কৰে স্পেনিছ প্ৰধানমন্ত্ৰীয়ে।

মহামাৰীৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণ ঘৰতে সোমাই থাকিব লগা হোৱাৰ সময়ত মনস্তাত্ত্বিক আৰু শাৰীৰিক স্বাস্থ্য সুনিশ্চিত কৰাৰ সুলভ উপায় হিচাপে যোগ আৰু পৰম্পৰাগত হাৰ্বেল ঔষধৰ উপকাৰিতাৰ সন্দৰ্ভতো একমত হয়।

তেওঁলোকে সহমত প্ৰকাশ কৰে যে দুয়ো দেশে কভিড-১৯ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিক লৈ সদায়েই যোগসুত্ৰ স্থাপন কৰি থাকিব।

****

VRRK/KP/DB



(Release ID: 1611263) Visitor Counter : 221