স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ আপডেটসমূহ

Posted On: 04 APR 2020 7:11PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ ব্যৱস্থাপনাৰ বাবে চিকিৎসক, নাৰ্ছ, অন্যান্য স্বাস্থ্যকৰ্মীকে ধৰি স্বাস্থ্যখণ্ডৰ লোকসকল উপলব্ধ আছে৷ প্ৰয়োজন অনুসাৰে ৯.৭০ লাখ আশাকৰ্মী, এক লাখ আয়ুস চিকিৎসক, এনচিচি কেডেট, অৱসৰপ্ৰাপ্ত চাকৰিয়াল, ৰে’ড ক্ৰছ/এনএছছ/এনৱাইকে স্বেচ্ছাসেৱী, গ্ৰাম পঞ্চায়তৰ কৰ্মী, সামাজিক সংস্থা আদি উপলব্ধ আছে৷ আবাসী/পিজি শিক্ষাৰ্থী আৰু নাৰ্ছিং শিক্ষাৰ্থীসকলক চিকিৎসালয় ব্যৱস্থাপনাৰ অংশ হিচাপে আৱণ্টিত কৰিব পৰাকৈ এক ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰ’ট’ক’ল প্ৰস্তুত কৰা হৈছে৷ অতিৰিক্তভাৱে চৰকাৰী, সশস্ত্ৰ সৈন্যবাহিনী চিকিৎসা সেৱা, ৰাজহুৱা খণ্ডৰ উদ্যোগৰ অৱসৰপ্ৰাপ্ত চিকিৎসক আৰু ব্যক্তিগতখণ্ডৰ চিকিৎসককে ধৰি ৩১,০০০ত কৈও অধিক চিকিৎসক মজুত ৰখা হৈছে৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ঘৰতে বনোৱা মুখমণ্ডল আৰু মুখৰ বাবে মাস্কৰ প্ৰস্তুতিৰ মেনুৱেল মুকলি কৰিছে৷

https://www.mohfw.gov.in/pdf/Advisory&ManualonuseofHomemadeProtectiveCoverforFace&Mouth.pdf

চিকিৎসাগত ব্যৱস্থাপনা, ভেণ্টিলেটৰ সমৰ্থন, সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ, কোৱাৰেণ্টাইন ব্যৱস্থাপনা ইত্যাদিৰ বাবে ৩০টা প্ৰশিক্ষণ মডিউল প্ৰস্তুত কৰা হৈছে৷

https://www.mohfw.gov.in/.

দেখা গৈছে যে মৃত্যু হোৱা লোকসকলৰ অধিকাংশই বয়োজ্যেষ্ঠ অথবা ডায়েবেটিছ, হাইপাৰটেনচন, বৃক্ক/কাৰ্ডিয়াক আদি সমস্যাৰ ভুক্তভোগী আছিল৷ তাৰোপৰি ধনাত্মক পৰিঘটনা পৰিলক্ষিত হোৱা প্ৰতিবেদনসমূহত নিম্নোক্ত ফলাফল পোৱা গৈছেঃ

  • ৮.৬১% পৰিঘটনা ০-২০ বছৰৰ
  • ৪১.৮৮% পৰিঘটনা ২১-৪০ বছৰৰ
  • ৩২.৮২ পৰিঘটনা ৪১-৬০ বছৰৰ
  • ১৬.৬০% পৰিঘটনা ৬০ বছৰ বয়সৰ ঊৰ্ধৰ

 

লাইফলাইন উড়ানৰ অধীনত এয়াৰ কাৰ্গ’য়ে আজিৰ তাৰিখলৈ প্ৰায় ১১৯ টন সামগ্ৰী কঢ়িয়াইছে৷ উত্তৰ পূৰ্বাঞ্চল আৰু পাহাৰীয়া এলেকাসমূহৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷

এই পৰ্যন্ত এই পৰ্যন্ত ২৯০২টা ক’ভিড-১৯ৰ নিশ্চিত পৰিঘটনা আৰু ৬৮টা মৃত্যুৰ ঘটনা প্ৰতিবেদিত হৈছে৷ ১৮৩জন ব্যক্তি সুস্থ হোৱাৰ পিছত মুকলি কৰি দিয়া হৈছে৷ তামিলনাডু, দিল্লী, অন্ধ্ৰ প্ৰদেশ, অসম, জম্মু আৰু কাশ্মীৰ, ৰাজস্থান, তেলেংগানা, আন্দামান নিকোবাৰ দ্বীপপুঞ্জ, হাৰিয়াণা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰেলা, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশকে ধৰি ১৭খন ৰাজ্যত তবলিগী জামাত সম্পৰ্কীয় ১০২৩টা পৰিঘটনা পোৱা হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ  https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

*****

MV/MANN



(Release ID: 1611197) Visitor Counter : 132