বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ক’ভিড-১৯ৰে যুঁজিব পৰা ৰাসায়নিক বিক্ৰিয়াৰ সম্ভাৱনামুক্ত ছিলভাৰযুক্ত বিজাণুনাশক বিকশিত কৰা ‘ষ্টাৰ্ট-আপ’ উদ্ভাৱকলৈ ডিএছটি-ৰ পুঁজি
‘ক’লইডেল ছিলভাৰ’ শীৰ্ষক দ্ৰব্য প্ৰস্তুতৰ ভাৰতীয় পেটেণ্ট, ‘হেণ্ড ছেনিটাইজাৰ’ আৰু বিজাণুনাশক প্ৰস্তুতৰ বাবে অনুজ্ঞা বিচৰাৰ অনুমতি প্ৰদান
प्रविष्टि तिथि:
04 APR 2020 5:11PM by PIB Guwahati
‘ৱেইনভেট বায়’ছটলিউশ্যনছ’ নামৰ পুনাৰ এটা প্ৰতিষ্ঠানে কেন্দ্ৰীয় ‘বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ’(ডিএছটি) আৰু ‘জৈৱ-প্ৰযুক্তি বিভাগ’(ডিবিটি)ৰ সহযোগিতাৰে এটা ‘নন-এলকহলিক একুৱাছ-বেছড ক’লইডেল ছিলভাৰ ছ’লিউশ্যন’ বিকশিত কৰি দেশৰ ক’ভিড-১৯ বিৰোধী অভিযানটোলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। উল্লেখ্য যে, প্ৰতিষ্ঠানটোৱে এই ছ’লিউশ্যন বিধ তেওঁলোকে উদ্ভাৱন কৰা ‘নেন’এজিচাইড প্ৰযুক্তি’(NanoAgCide technology)ৰ জৰিয়তে হাতৰ আৰু অন্যান্য বস্তুৰ উপৰিভাগত হব পৰা বিজাণুৰ প্ৰদূষণ নাশ কৰাৰ বাবে বিকশিত কৰি উলিয়াছে।
প্ৰজ্বলনৰ সম্ভাৱনা নথকা, ৰাসায়নিক বিক্ৰিয়াৰ সম্ভাৱনা নথকা এইবিধ পনীয়া বিজাণুনাশকেৰে মহামাৰিৰ মূল সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা যাব বাবে ইয়াৰে চিকিত্সক, স্বাস্থ্যসেৱাৰে জড়িত কৰ্মী তথা অন্যান্য ব্যক্তিক বাৰুকৈয়ে সুৰক্ষা দিব পৰা যাব বুলি আশা কৰা হৈছে।
‘ৱেইনভেট বায়’ছ’লিউশ্যনছ’-ৰ ‘ক’লইডেল ছিলভাৰ ছ’লিউশ্যন’বিধ ‘ছিলভাৰ নেন’পাৰ্টিকলছ’ৰ সামৰ্থ্যবিশিষ্ট হোৱা হেতুকে ই ‘আৰএনএ’-ৰ দৰে ঋণাত্মক ‘ভাইৰেল’ৰ সংশ্লেষণ ঘটাত বাধা প্ৰদান কৰিব পাৰে যদিও ইয়াৰ দ্বাৰা অন্য কোনো ৰাসায়নিক বিক্ৰিয়াৰ সম্ভাৱনা নোহোৱাৰ লগতে ই এলকহল-যুক্ত অন্য বিজাণুনাশকসমূহৰ দৰে প্ৰজ্বালকৰ আচৰণো প্ৰদৰ্শন নকৰে বুলি তথ্য উল্লেখ কৰা হৈছে।
ইতিমধ্যে ছ’লিউশ্যনবিধৰ যাৱতীয় লেব’ৰেটৰী পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু উত্পাদকক পৰীক্ষণ অনুজ্ঞা পত্ৰও প্ৰদান কৰা হৈছে। আনহাতে ‘ক’লইডেল ছিলভাৰ ছলিউশ্যন’বিধ কম পৰিমাণে উত্পাদন কৰাৰ উপৰি পৰৱৰ্তি পৰ্যায়ত ৫লিটাৰ পৰিমাণত উত্পাদন কৰিব পৰাকৈ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এই সংক্ৰান্তীয় সবিশেষ তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে--
ড০ মিলিন্দ চৌধুৰী, সহ-সংস্থাপক ‘ৱেইনোভেট বায়’ছ’লিউশ্যনছ’
ই-মেইল : milind.bio[at]gmail[dot]com,
মোবাইল : 9867468149
*****
KGS/(DST)
(रिलीज़ आईडी: 1611194)
आगंतुक पटल : 169