স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ প্ৰতিহত কৰিবলৈ চলোৱা প্ৰস্তুতিৰ বুজ ল’বলৈ এল এন জে পি হস্পিতালত উপস্থিত ডাঃ হৰ্ষবৰ্ধন

এলএনজেপি হস্পিতালক পৰিৱৰ্তন কৰা হ’ব সম্পূৰ্ণ ক’ভিড-১৯ হস্পিতাললৈ

Posted On: 04 APR 2020 4:36PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে আজি লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হস্পিতাল পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ ক’ভিড-১৯ প্ৰতিহত কৰাৰ বাবে চলোৱা প্ৰস্তুতিৰ বুজ লয়।

জয়প্ৰকাশ নাৰায়ণ হস্পিতালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ জ্বৰ বা ফ্লু শাখা, নতুন অস্ত্ৰোপচাৰ কক্ষৰ ব্লক, ডায়েট্ৰি বিভাগ, বিশেষ কক্ষ, ক’ৰোনা পৰীক্ষা কেন্দ্ৰ, ক’ৰোনা কেয়াৰ ইউনিট আৰু আইচিইউটো পৰিদৰ্শন কৰে। এই কেন্দ্ৰকেইেটাৰ কাৰ্যাৱলী পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰীয়ে ৰোগ পৰীক্ষা প্ৰক্ৰিয়াৰ ক্ষীপ্ৰতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে লগতে চিকিৎসালয়খনত কৰ্মৰত চিকিৎসাকৰ্মীসকলৰ ঐকান্তিকতাকো উচ্চ প্ৰসংশা কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, “এনে এক সময়ত আপোনালোকে কৰি অহা এনে কামৰ বাবে সমগ্ৰ দেশবাসী আপোনালোকৰ প্ৰতি কৃতজ্ঞ।” বিভাগটোত মন্ত্ৰীগৰাকীয়ে নমুনা গ্ৰহণ আৰু বৈজ্ঞানিক পৰীক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়াটো সূক্ষ্মভাৱে লক্ষ্য কৰে। পৰীক্ষাৰ ফলাফলৰ সত্যতাৰ লগতে নিখুততা নিশ্চিত কৰাৰ উপৰিও সংক্ৰমণ নিয়ন্ত্ৰণৰ আটাইবোৰ দিশ নিয়াৰিকৈ পালন কৰাৰ বাবে বিভাগটোক মন্ত্ৰীগৰাকীয়ে প্ৰসংশা কৰে। আছুতীয়া কক্ষৰ বিচনাৰ প্ৰয়োজনীয়তা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ডাঃ হৰ্ষবৰ্ধনে উল্লেখ কৰে যে পৰ্যাপ্ত পৰিমাণৰ আই”লেশ্যন কক্ষ আৰু বিচনাৰে সুসজ্জিত এই এলএনজেপি চিকিৎসালয়খনক সম্পূৰ্ণৰূপে ক’ভিড-১৯ চিকিৎসালয়লৈ পৰিৱৰ্তিত কৰা হ’ব।

ডাঃ হৰ্ষবৰ্ধনে কয় যে চৰকাৰে এলএনজেপি হস্পিতালত ১৫০০ খন বিচনা আৰু জি বি পণ্ট হস্পিতালত ৫০০ খন বিচনা ক’ভিড-১৯ ৰোগীৰ বাবে চিনাক্ত কৰিছে। এই ৱাৰ্ডবোৰত কাম কৰা চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল যাতে যাতায়াত কৰাৰ পৰা বিৰত থাকিব পাৰে আৰু তেওঁলোকৰ পৰিয়ালৰ সংস্পৰ্শলৈ যাতে আহিব নালাগে, তাৰ বাবে চিকিৎসালয় প্ৰাঙ্গনতে থকা নাৰ্ছসকলৰ হোষ্টেল তথা নিকটৱৰ্তী হোটেলত থকাৰ-খোৱাৰ বিশেষ সুবিধা কৰি দিয়া হৈছে। তেওঁ লগতে চিকিৎসালয়ত চিকিৎসাগ্ৰহণ কৰি থকা ৰোগীসকলৰ সুবিধাৰ্থে এটা টেলিমেডিচিন/টেলি-কনছাল্টেশ্যন ছিষ্টেম স্থাপন কৰাৰ বাবেও পৰামৰ্শ দিয়ে। এইধৰণৰ ছেট-আপ ইতিমধ্যে নতুন দিল্লীৰ এইমছতো স্থাপন কৰা হৈছে বুলিও কয় মন্ত্ৰীজনে। তেওঁ কয় যে চৰকাৰে ইতিমধ্যেই ডিজিটেল প্ৰেস্ক্ৰিপশ্যন প্ৰদান কৰাৰ লগতে ঔষধৰ হোম ডেলিভাৰী আৰম্ভ কৰাৰ বাবে জাননী জাৰি কৰিছে।

পিপিই, এন৯৫ মাস্ক আৰু ভেণ্টিলেটৰৰ উপলব্ধতা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীয়ে কয়, দেশত সম্প্ৰতি ব্যাপক হাৰত বৃদ্ধি পোৱা এই অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰীৰ অৰ্ডাৰ দিয়া হৈছে।” ইতিমধ্যেই বহুকেইখন ৰাজ্য চৰকাৰৰ হাতত পৰ্যাপ্ত পৰিমাণৰ পিপিই আৰু এন৯৫ মাস্ক আছে। ৰাজ্যসমূহৰ হাতত থকা পিপিইৰ পৰিমাণ ৪৬৬০৫৭ ৰ বিপৰীতে এন৯৫ মাস্ক আছে ২৫,২৮,৯৯৬ টা। অহা কেইটামান দিনৰ ভিতৰতে আৰু ১৫৪২৫০ টা পিপিই আৰু ১,৫৩৩০০ খন মাস্কো প্ৰেৰণ কৰা হ’ব।

শেহতীয়াকৈ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে হোৱা বিক্ষিপ্ত ঘটনাবোৰ দেশৰ গৃহ মন্ত্ৰালয়ে যথেষ্ট গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত এনেবোৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো নিৰ্দেশ দিছে। তেওঁ ক’ৰোনা আক্ৰান্ত ৰোগীৰ জীৱন ৰক্ষাৰ বাবে নিজৰ মূল্যৱান জীৱন আৰু সময় দুয়োটাই উছৰ্গা কৰিবলৈ আগবাঢ়ি অহা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক আক্ৰমণ কৰাৰ পৰা বিৰত থাকিবলৈও সাধাৰণ ৰাইজৰ লগতে ৰোগীসকলৰ পৰিয়ালবৰ্গকো আহ্বান জনায়।

ডাঃ হৰ্ষবৰ্ধনে কয় যে ক’ভিড-১৯ৰ প্ৰভাৱ প্ৰতিহত কৰিবলৈ সামাজিক ব্যৱধান বজাই ৰখাৰ লগতে ইয়াৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কৰণীয় অকৰণীয়বোৰ মানি চলাৰ বাবে দেশবাসীক আহ্বান জনায়।

 

*****

MV/MR/RD



(Release ID: 1611192) Visitor Counter : 126