অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ঘৰুৱা কাৰ্গো বিমানৰ চলাচলে ভাৰতৰ ক’ভিড-১৯ বিৰোধী অভিযানক শক্তি প্ৰদান কৰিছে

২৬ মাৰ্চৰ পৰা দেশৰ প্ৰান্তে প্ৰান্তে চিকিত্সা উপকৰণ-পৰীক্ষণ কিট, মাস্ক, গ্লোভছৰ দৰে সামগ্ৰীৰ যোগান অব্যাহত

২৪x৭হিচাপত নীতি নিৰ্দ্ধাৰণ আৰু ক্ষেত্ৰভিত্তিক প্ৰবন্ধনৰ তত্পৰতা

Posted On: 04 APR 2020 1:58PM by PIB Guwahati

দেশৰ কভিড-১৯ বিৰোধী অভিযানটোক দিনটোৰ চৌবিশঘণ্টাই সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে নীতি নিৰ্দ্ধাৰণ আৰু ক্ষেত্ৰভিত্তিক প্ৰবন্ধনৰ বাবে বিশেষ তত্পৰতা গ্ৰহণ কৰি আহিছে। এই সময়চোৱাত বিভন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহে বিচৰা কভিড-১৯ৰ পৰীক্ষণত ব্যৱহাৰ কৰা বিভিন্ন ৰি-এজেণ্টৰ উপৰি, ঔষধ-পাতি, চিকিত্সা উপকৰণ, পৰীক্ষণ কিট, ব্যক্তিগত সুৰক্ষা উপকৰণ, মাস্ক, গ্লোভছৰ লগতে অন্যান্য সা-সামগ্ৰী আৰু ডাক-পেকেটসমূহৰ দ্ৰুত যোগান নিশ্চিত কৰাৰ বাবে কাৰ্গো বিমানসমূহে সেৱা আগবঢ়াই আহিছে।

বিভন্ন ৰাজ্য আৰু দেশৰ ভিন্ন প্ৰান্তত থকা আইচিএমআৰ-ৰ কেন্দ্ৰসমূহত প্ৰয়োজন হোৱা অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰীৰ যোগান সময়মতে নিশ্চিত কৰাৰ ফলত অৰ্জন কৰা সাফল্যসমূহ হল—

০ পৰীক্ষাৰ বাবে অপৰিহাৰ্য ৰি-এজেণ্টসমূহৰ যোগান উচিত সময়ত কৰিব পৰাৰ ফলত আক্ৰান্তসকলক আগবঢ়াবলগীয়া পৰৱৰ্তি পৰ্যায়ৰ চিকিত্সা সময়মতে আগবঢ়োৱাত সুবিধা হৈছে।

০ মাস্ক, গ্লোভছৰ লগতে ব্যক্তিগত সুৰক্ষা কিটসমূহৰ যোগান বিমানেৰে কৰাৰ ফলত এইবোৰ উপকৰণ পৰিধান কৰি চিকিত্সক তথা চিকিত্সা-কৰ্মীসকলে নিৰ্ভয়ে কামত লাগি পৰিব পাৰিছে।

০ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে অন্যান্য প্ৰত্যন্ত এলেকাসমূহত থকা অঞ্চলসমূহলৈকো চিকিত্সা সামগ্ৰী যোগান নিশ্চিত কৰাৰ ফলত দেশৰ কোনো প্ৰান্তইযে কভিড-১৯ বিৰোধী অভিযানত পিচপৰি ৰবলগীয়া হোৱা নাই সেই কথা নিশ্চিত কৰিব পৰা গৈছে।

হাব আৰু স্পক লাইফলাইন সেৱা মুকলি কৰাৰ ফলত একে সময়তে, দেশৰ বিভিন্ন আৰু প্ৰত্যন্ত এলেকাত থকা ঠাইসমূহকো সংযোজিত কৰিব পৰাৰ লগতে সমলসমূহৰ সৰ্বাধিক ব্যৱহাৰ নিশ্চিত কৰিব পৰা গৈছে।

 

1

26.3.2020

02

--

-

-

02

04

2

27.3.2020

04

09

01

-

--

14

3

28.3.2020

04

08

-

06

--

18

4

29.3.2020

04

10

06

--

--

20

5

30.3.2020

04

-

03

--

--

07

6

31.3.2020

09

02

01

 

--

12

7

01.4.2020

03

03

04

--

-

10

8

02.4.2020

04

05

03

--

--

12

9

03.4.2020

08

--

02

--

--

10

 

মুঠ

বিমান

42

37

20

06

02

107

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

* লাডাখ, ডিমাপুৰ, ইম্ফল, গেংটক, গুৱাহাটী, বাগডোগ্ৰা, চেন্নাই আৰু পোৰ্ট ব্লেয়াৰলৈ এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনা বাহিনীয়ে সহযোগিতাৰে বিমানসেৱা অব্যাহত ৰাখিছে।

 

এই সময়চোৱাত সামৰা বায়ুপথৰ দৈৰ্ঘ্য

1,02,115 কিলোমিটাৰ

৩ এপ্ৰিল,২০২০ত কাৰ্গো বিমানত বোজাই কৰা মাল-বস্তুৰ পৰিমাণ

19.39 টন

৩ এপ্ৰিল,২০২০ পৰ্যন্ত কাৰ্গো বিমানত বোজাই কৰা মাল-বস্তুৰ পৰিমাণ

119.42 + 19.39 = 138.81 টন

 

চিকিত্সা সামগ্ৰীৰ পৰিবহণৰ বাবে আচুতীয়া কাৰ্গো সম্পৰ্কীয় তথ্যৰ বাবে লাইফলাইন উড়ান শীৰ্ষক ৱেব-ছাইটটো ইতিমধ্যে মুকলি কৰা হৈছে আৰু ই সক্ৰিয়তাৰে কাম-কাজ অব্যাহত ৰাখিছে। ইয়াৰ সৈতে MoCA ৱেবছাইট(www.civilaviation.gov.in). ৰে সংযোজিত হব পাৰিব।

আন্তঃৰাষ্ট্ৰীয়- চাংহাই আৰু দিল্লীৰ মাজত এক বায়ু-সেঁতু স্থাপন কৰা হৈছে। এয়াৰ ইণ্ডিয়াৰ প্ৰথমখন কাৰ্গো বিমানে ৫এপ্ৰিল,২০২০ত যাত্ৰা কৰিব। ইফালে, জৰুৰী চিকিত্সা উপকৰণ সংগ্ৰহৰ বাবে আচুতীয়াকৈ চলাব খোজা এয়াৰ ইণ্ডিয়াৰ কাৰ্গো বিমান চীনলৈ চলোৱা হব।

ব্যক্তিগত বিমান-পৰিচালক সংস্থা—ঘৰুৱা কাৰ্গো বিমানৰ পৰিচালক-ব্লু ডাৰ্ট, স্পাইচ জেট আৰু ইণ্ডিগোৱে বাণিজ্যিক ভিত্তিত কাৰ্গো বিমান চলাব। স্পাইচ জেটয়ে যোৱা ২৪মাৰ্চৰ পৰা ৩এপ্ৰিল, ২০২০ পৰ্যন্ত ১৫৩খন কাৰ্গো বিমানৰ চলাচল কৰায়। এই বিমানসমূহে ২০৭৯৪৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ বায়ুপথ অতিক্ৰম কৰি ১২১৩.৬৪টন সামগ্ৰী পৰিবহণ কৰে। ইয়াৰে ৪৪খন আছিল আন্তঃৰাষ্ট্ৰীয় বিমান। সেইদৰে ব্লু ডাৰ্টয়ে ২৫মাৰ্চৰ পৰা ৩এপ্ৰিল, ২০২০ পৰ্যন্ত ৪৮খন ঘৰুৱা কাৰ্গো বিমানৰে ৪৫৭৮৩কিলোমিটাৰ অতিক্ৰম কৰি ৭০২.৪৩টন আৰু ইণ্ডিগোৱে ৩ এপ্ৰিলত ৪৮৭১কিলোমিটাৰ অতিক্ৰম কৰি ২.৩৩ টন সামগ্ৰীৰ পৰিবহণ কৰে।

 

 

****

RJ/NG/KB



(Release ID: 1611127) Visitor Counter : 112