বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ এছআইএনই, আইআইটি ব’ম্বেত ডিএছটিয়ে স্থাপন কৰিলে দ্ৰুত সাহায্য কেন্দ্ৰ

Posted On: 03 APR 2020 5:35PM by PIB Guwahati

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে ক’ভিড-১৯ক প্ৰতিহত কৰাৰ পদক্ষেপ হিচাপে মুঠ ৫৬ কোটি টকাৰ ব্যয়েৰে ‘চেণ্টাৰ ফৰ আগমেণ্টিং ৱাৰ উইথ ক’ভিড-১৯ হেল্থ ক্ৰাইছিছ (Centre for Augmenting WAR with COVID-19 Health Crisis (CAWACH))’ শীৰ্ষক দ্ৰুত সাহায্য কেন্দ্ৰ স্থাপন কৰিছে৷ ডিএছটিয়ে আইআইটি ব’ম্বেত ছ’চাইটী ফ’ৰ ইন’ভেচন এণ্ড এণ্ট্ৰিপ্ৰিনিউৰশ্বিপ (এছআইএনই) শীৰ্ষক এক প্ৰযুক্তি ব্যৱসায় ইনকিউবেটৰক চিএডব্লিউএচিএইচৰ প্ৰণয়ন সংস্থা হিচাপে চিহ্নিত কৰিছে৷ ইয়াৰ জৰিয়তে এই সংকটৰ পৰা মুক্তি পাবলৈ ডিএছটিয়ে ভাৰতৰ প্ৰয়াসক এক নতুন গতি প্ৰদান কৰিছে৷

চিএডব্লিউএচিএইচে সাম্ভাৱ্য ষ্টাৰ্ট-আপসমূহক বিত্তীয় সাহায্য প্ৰদান কৰি অহা ছমাহৰ ভিতৰত উদ্ভাৱন আৰু বজাৰত উলিয়াই দিব পৰাকৈ সামগ্ৰী প্ৰস্তুতৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷

চিএডব্লিউএচিএইচে ক’ভিচ-১৯ক প্ৰতিহত কৰিবলৈ ন’ভেল, ব্যয়সাধ্য আৰু সুৰক্ষিত ভেণ্টিলেটৰ, শ্বাস-প্ৰশ্বাস সমৰ্থনকাৰী সঁজুলি, প্ৰটেক্টিভ গীয়েৰ, ছেনিটাইজাৰ, বীজাণুনাশক, থেৰাপিউটিক, তথ্যভিত্তিক আদি বিভিন্ন ক্ষেত্ৰৰ বাবে ৫০টা উদ্ভাৱন আৰু ষ্টাৰ্ট-আপ চিনাক্ত কৰিব৷

এই সন্দৰ্ভত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই এইদৰে কয়, ‘‘চিএডব্লিউএচিএইচ হ’ল এনে এক কাৰ্যসূচী যাৰ জৰিয়তে আমাৰ সাম্ভাৱ্য প্ৰযুক্তি ইনকিউবেটৰ আৰু ষ্টাৰ্ট-আপসমূহক চিনাক্ত কৰি ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ তেওঁলোকক সমৰ্থন প্ৰদান কৰা হ’ব৷’’

 

অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি যোগাযোগ কৰকঃ

টিবিআই যোগাযোগঃ শ্ৰীমতী পনী ভট্ট, মুখ্য কাৰ্যবাহী বিষয়া,

’চাইটী ফ’ৰ ইন’ভেচন এণ্ড এণ্ট্ৰিপ্ৰিনিউৰশ্বিপ (এছআইএনই)

আইআইটি ব’ম্বে

ফোন: +৯১ ২২ ২৫৭৬৭০৭২

ইমেইল: poyni.bhatt@sineiitb.org

www.sineiitb.org

ডিএছটিৰ যোগাযোগ; অনিতা গুপ্তা, বিজ্ঞানী-জি

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ

ম’বাইল: +৯১-৯৮১১৮২৮৯৯৬

ইমেইল; anigupta[at]nic[dot]in}

*****

KGS/(DST)/MANN



(Release ID: 1610819) Visitor Counter : 195