ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ দেশত অভাৱ হোৱা নাই চিকিৎসা সামগ্ৰী যোগানৰ- গৌড়া

Posted On: 03 APR 2020 4:22PM by PIB Guwahati

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই কয় যে দেশত ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ চিকিৎসা সামগ্ৰীৰ যোগানৰ অভাৱ হোৱা নাই৷

এই সন্দৰ্ভত টুইটাৰত তেওঁ ভাৰত চৰকাৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীসমূহৰ যোগান অব্যাহত থকাটো নিশ্চিত কৰিছে বুলি জানিবলৈ দিয়ে৷ তেওঁ কয় যে যোৱা ৫ দিনত ৬২খন লাইফলাইন উড়ান বিমানে ১৫.৪ টনতকৈও অধিক চিকিৎসা সামগ্ৰী পৰিবহণ কৰিছে৷ কাৰ্গো বিমানে যোৱা ৪ দিনত ১০ টনতকৈও অধিক চিকিৎসা সামগ্ৰী পৰিবহণ কৰিছে৷ দেশত ফাৰ্মাচিউটিকেল আৰু চিকিৎসা সামগ্ৰীসমূহৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰখাৰ বাবে চৰকাৰে এছইজেডৰ ২০০টা ইউনিট কাৰ্যক্ষম কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে৷

অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ বিতৰণ আৰু লজিষ্টিক সম্বন্ধীয় সমস্যাসমূহ নিৰীক্ষণ কৰিবলৈ কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি শ্ৰী গৌড়াই জানিবলৈ দিয়ে৷

RCJ/ RKM/MANN



(Release ID: 1610762) Visitor Counter : 108